Monday, April 22, 2024

সাগৰৰ পাৰৰ ঠাইবোৰ পানীৰ তলত ডুব যাবলৈ আৰু বেছি সময় নাই

Read the English Translation by Google
"ভাৰতৰ ক’ৰবাত কোনোবাই প্লাষ্টিক জ্বলাই আছে আৰু তাৰ ফলত আমাৰ ধুনীয়া ঠাইখন কেইবছৰমানৰ পিছত পানীৰ তলত ডুব যাব!" মোৰ ইংৰাজী বন্ধুৱে মোক শুনাই ক'লে । তেওঁ দক্ষিণ ইংলেণ্ডৰ এখন সাগৰৰ পাৰৰ চহৰত থাকে।
মোৰ উত্তৰ দিবলৈ একো নাছিল কাৰণ মই ইয়াৰ বিষয়ে একো নাজানিছিলো। মই জানো যে ইংৰাজ মানুহবোৰে সাধাৰণতে ভুল তথ্য নিদিয়ে, আৰু মই মোৰ মুখ মেলি কিবা কিবি কৈ নিজকে মূৰ্খ বুলি প্ৰমাণ কৰা উচিত নহয়।
পিছত অধিক জানিবলৈ মই ইণ্টাৰনেটত বিতংভাৱে বিচাৰিলোঁ আৰু দেখিলোঁ যে তেওঁ কোৱা কথাখিনি শুদ্ধ।

আমি যেতিয়া প্লাষ্টিক জ্বলাওঁ তেতিয়া তলত দিয়া কথাবোৰ ঘটে:
  1. ইয়াৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়, যিটো সেউজ গৃহ গেছৰ (Greenhouse gas) মূল উপাদান। সেউজ গৃহ গেছবোৰে আমাৰ পৃথিৱীৰ চাৰিওফালে এটা স্তৰ গঠন কৰে যিয়ে তাপ বাহিৰলৈ ওলাই যোৱাৰ পৰা আৱদ্ধ কৰি ৰাখে। ইয়াৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি (global warming) আৰু জলবায়ু পৰিৱৰ্তন ঘটে।

    Greenhouse gas: MIT News

    আমাৰ ওপৰত ইয়াৰ একাধিক প্ৰভাৱ পৰে, কিছুমান হ'ল:
    • অধিক উষ্ণতা: এই কথা আমি ইতিমধ্যে প্ৰতি বছৰে অধিক উষ্ণ গ্ৰীষ্মৰ ৰূপত অনুভৱ কৰিছো।
    • বৰ্ধিত খৰাং: বিশেষকৈ বাংগালুৰুৰ দৰে বৃহৎ চহৰত পানীৰ অভাৱ এটা ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে। লাহে লাহে সকলো ঠাইয়ে ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ’ব।
    • সাগৰৰ জলপৃষ্ঠ বৃদ্ধি: গোলকীয় উষ্ণতাৰ বাবে হিমবাহ (glaciers, স্ফটিকীয় বৰফ আৰু বৰফৰ বৃহৎ সঞ্চয়) গলিবলৈ আৰম্ভ কৰিছে আৰু সেয়েহে বিশ্বৰ সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। গতিকে, সাগৰৰ ওচৰৰ ঠাইবোৰ সাগৰৰ তলত ডুব যোৱাৰ আশংকা আছে।লগতে হিমবাহৰ পৃষ্ঠভাগ বগা থাকে যিয়ে সূৰ্য্যৰ ৰশ্মি প্ৰতিফলিত কৰে। হিমবাহ গলিলে ক’লা পৃষ্ঠভাগ উন্মোচিত হয়, যিয়ে সূৰ্য্যৰ তাপ শোষণ কৰে। ইয়াৰ ফলত উষ্ণতা আৰু অধিক বৃদ্ধি পায়।
    • অধিক স্বাস্থ্যজনিত বিপদ: Extreme বতৰে ৰোগ আৰু মৃত্যু বৃদ্ধি কৰে।
  2. প্লাষ্টিক জ্বলালে গধুৰ ধাতু আৰু বিষাক্ত ৰাসায়নিক পদাৰ্থ, যেনে dioxin, benzo(a)pyrene (BAP) আৰু polyaromatic hydrocarbons (PAHs) আদি নিৰ্গত হয়, যিবোৰ অতি বিষাক্ত আৰু ইয়াৰ ফলত কেন্সাৰ, প্ৰজনন আৰু বিকাশৰ সমস্যা, ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ক্ষতি, আৰু হৰম’ন সম্পৰ্কীয় সমস্যা আদি হোৱাৰ সম্ভাৱনা আছে।
  3. গোন্ধটোৱে শ্বাস-প্ৰশ্বাসজনিত পাৰ্শ্বক্ৰিয়া যেনে গুৰুতৰ হাঁপানী, ছালৰ বিষ, মূৰৰ বিষ, স্নায়ুতন্ত্ৰৰ ক্ষতিৰ লগতে আন কিছুমান স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে।
  4. প্লাষ্টিক জ্বলোৱাৰ পিছতো ইয়াৰ ৩০ শতাংশ কঠিন ছাই বা slag ৰ ৰূপত ৰৈ যায়, যিটো কেতিয়াও ধ্বংস নহয়।
কিন্তু এনে লাগে যে আমাৰ মানুহবোৰ পৰিৱেশৰ প্ৰতি একেবাৰেই সচেতন আৰু চিন্তিত নহয়।
আমি এতিয়াও অবিৰতভাৱে প্লাষ্টিক জ্বলাই আছো, বৰ্তমান মই থকা অসমৰ ঠাইখনত, এই কথাটো মই বহুত দেখিছোঁ। মানুহে প্লাষ্টিককে ধৰি সকলো আৱৰ্জনা সংগ্ৰহ কৰি ঘৰৰ সন্মুখত জ্বলাই দিয়ে।
কাষৰ পাহাৰটোতো ডাঙৰ ডাঙৰ জুই জ্বলোৱা মই দেখিছো, মানুহে জুই জ্বলায় নে নিজে নিজে লাগে, অৱশ্য়ে নাজানো। ইয়াৰ প্ৰভাৱ আমাৰ পৰিৱেশতো পৰিছে। পাহাৰৰ পৰা অহা বনৰীয়া হাতীয়ে খাদ্য বিচাৰি ওচৰৰ ঘৰবোৰলৈ যাবলৈ আৰম্ভ কৰিছে, আৰু শস্য আৰু ঘৰৰ ক্ষতিসাধন কৰিছে।

পাহাৰৰ জুই
মই ভাবো আমি প্লাষ্টিক জ্বলোৱা বন্ধ কৰাৰ সময় আহি পৰিছে। আমি আচলতে দৈনন্দিন জীৱনত প্লাষ্টিকৰ ব্যৱহাৰ যিমান পাৰি কম কৰা উচিত। নহ’লে আমি আৰু আমাৰ ল’ৰা-ছোৱালীয়েই আগলৈ দুখ ভুগিব লাগিব।

References:
  1. Burning Plastic Is a Terrible Idea. Here’s Why.
  2. United Nations: Climate Action Fast Facts