Wednesday, December 30, 2020

২০২১ সকলোৰে বাবে শুভ হওঁক


২০২০ চন, এটা যথেষ্ট কঠিন বছৰ।
আৰম্ভণীতে ভালেই আছিল যদিওঁ কোৰোণা আহি সকলো ঠানবান কৰিলে। গোটেই দেশ মাহ যোৰা লক্ ডাউন্ হৈ বন্ধ হ'ল, কিমান যে ব্যৱসায় লোকচান হৈ বন্ধ হ'ল লেখ জোখ নাই। মোৰ ঘৰৰ ওচৰত থকা বহু কেইখন দোকান বন্ধ হ'ল।

ঘৰৰ ভাড়াৰ ওপৰতো ইয়াৰ প্ৰভাব পৰিছে। কোৰোণাৰ লক্ ডাউন্ হৈ work from home হোৱাত বহুত মানুহ কাম কৰা ঠাই এৰি নিজৰ ঠাইলৈ গুচি যাই আৰু বেছিভাগ ভাড়া ঘৰেই খালি হৈ পৰে।
মোৰো ভাড়াত দিয়া ঘৰৰ ভাড়া এতিয়া আগৰ আধাহে; উপায় নাই, খালি হৈ থকাতকৈ আধা ভাড়াও ভাল।


বহুত ভাড়া ঘৰ এতিয়া খালি, ভাড়াতীয়াক আকৰ্শন কৰাৰ চেষ্টা

মানুহৰ চাকৰিৰ ওপৰতো যথেষ্ট প্ৰভাব পৰিল, বহুতে চাকৰি হেৰুৱালে, আন বহুতৰ দৰ্মহা কৰ্তন হ'ল। এটা ৰিপোৰ্ট অনুসৰি প্ৰায় ২ কৌটি মানুহে চাকৰি হেৰুৱালে, ইয়াৰ ভিতৰত ময়ো এজন, আকৌ চাকৰি বিচাৰি আছো।

যি নহওক, আশা কৰিছো নতুন বছৰটোত সকলো বোৰ ভাল হ'ব, ব্যৱসায় আকৌ ভাল হ'ব, সকলোৰে চাকৰিবোৰ আকৌ হ'ব, মানুহে আগৰদৰেই ভয়হীন হৈ ওলাই সোমাই ফুৰিব পাৰিব।
সকলোকে আগন্তুক নতুন বছৰৰ শুভেচ্ছা জনালো।

Tuesday, December 29, 2020

জীৱন বীমা


মোৰ প্ৰথমটো life insurance policy আছিল money back policy. ২০ বছৰলৈ premium দিব লাগে, প্ৰতি ৫ বছৰৰ মূৰে মূৰে ২০% ওভতাই পায়, ২০ বছৰৰ মূৰত বাকি পইছা bonus অৰ সৈতে পায়। Life cover আছিল ১ লাখ।
এতিয়া finance ৰ বিষয়ে অলপ জ্ঞান আহৰণ কৰাৰ পিচত, মই life insurance ৰ ওপৰত অলপ লিখিব ওলাইছো।

আমাক life insurance কিয় লাগে?
আমাৰ পৰিয়ালবিলাকৰ আটাইতকৈ ডাঙৰ risk হ'ল উপাৰ্জন কৰা সদস্যজনক লৈ। যদি সদস্যজন আমাৰ মাজৰ পৰা নাইকিয়া হয়, তেতিয়া পৰিয়ালটোৰ আনবোৰ মানুহ কেনেকে চলিব? পৰিয়ালটোৰ আৰ্থিক খৰচ কোনে বহন কৰিব ?
Life insurance এইকাৰণেই লাগে যাতে উপাৰ্জন কৰা সহস্য জনৰ আকস্মিক মৃত্যু হ'লে পৰিয়ালৰ আনবিলাক মানুহ আৰ্থিক দিশত একো অসুবিধাৰ সন্মুখিন হ' ব লগা নহয়।

Life insurance কেনেকে কৰা হয় ?
এজন মানুহক কিমান সময়ৰ বাবে life insurance লাগে (tenure) আৰু কিমান life cover লাগে (Life cover হ'ল মানুহ এজনৰ মৃত্যু হ'লে পাব লগা টকা, ইয়াক sum assured বুলিও কোৱা হয়) , মানুহজনৰ বৰ্তমান বয়স কিমান, তাৰ ওপৰত ভিত্তি কৰি এটা premium নিৰ্ধাৰণ কৰা হয়। প্ৰতি বছৰে মানুহজনে এই premium ৰ টকা life insurance কোম্পানীটোক দিব লাগে। এই নিৰ্ধাৰিত সময়ৰ (tenure) ভিতৰত যদিহে মানুহজনৰ মৃত্যু হয়, তেতিয়া life cover অৰ টকাখিনি মানুহজনৰ পৰিয়ালে পায়। এই সময়ৰ ভিতৰত যদি মানুহজন ঠিকে থাকে তেতিয়া tenure অৰ শেষত life insurance policy অন্ত পৰে, মানুহজনে একো টকা ওভতাই নাপায়। ইয়াক plain term insurance বুলি কোৱা হয়। ইয়াৰ premium আটাইতকৈ কম।
ইয়াৰ ওপৰিও আন বিভিন্ন প্ৰকাৰৰ life insurance policy থাকে। যেনে কিছুমানে আন সুবিধা দিব পাৰে যেনে
- accidental death benefit: মানুহজনৰ accident হৈ মৃত্যু হ'লে কিছু টকা বেছিকে পায়।
- critical illness cover: মানুহজন যদি কোম্পেনীটোৱে নিৰ্ধাৰণ কৰা বেমাৰত (যেনে কেন্ছাৰ) ভোগে তেতিয়া বেমাৰৰ treatment অৰ বাবে টকা পায়।
- Full life cover: মানুহজনৰ ৯৯ বছৰলৈ life cover থাকে।
- Life insurance with money back: life insurance অৰ লগতে tenure অৰ শেষত কিছু টকা ওভতায় পায়।
আমি এই অতিৰিক্ত সুবিধাবোৰ ল'লে সেই অনুপাতে premium অৰ টকা বাঢ়ি গৈ থাকে।

কিমান life cover থাকিব লাগে ? Life cover হ'ল মানুহ এজনৰ মৃত্যু হ'লে পাব লগা টকা।
ইয়াৰ বাবে ভিন্ন জনৰ ভিন্ন মত। কিছুমানৰ মতে উপাৰ্জন কৰা মানুহজনৰ বাৰ্ষিক আয়ৰ ২০ ৰ পৰা ৩০ গুন life cover থাকিব লাগে। মানুহজনৰ financial responsibility, ভবিষ্যতত আহিব পৰা ডাঙৰ খৰচ, Loan আদি ও ধৰিব লাগে। মুঠতে ইমান থাকিব লাগে যাতে পৰিয়ালটো ভালদৰে চলিব পাৰে।
গতিকে যদি মোৰ মাত্ৰ ১ লাখ টকাৰ life cover আছে, তেতিয়া সেইটো যথেষ্ট নহয়।
আজিকালি মানুহক বেচি life cover লাগে কিয়নো মানুহৰ খৰচ বেছি, ১ কৌটি টকাৰ life cover আজিকালি বহুতৰে থাকে।

Life insurance কেতিয়া ল'ব লাগে ?
যদি এজন মানুহৰ কোনো dependent নাথাকে তেতিয়া life insurance আৱশ্যক নহয়। কিন্তু যদিহে ভৱিষ্যতত পৰিয়াল বা কোনো dependent হোৱা আশা আছে, তেতিয়া হলে অতি সোনকালে life insurance কৰিব লাগে কিয়নো premium (প্ৰতি বছৰে দিব লগা টকা) বয়স অনুপাতে বেছি হয়।

Life insurance কেনেকে ল'ব লাগে ?
১) প্ৰথমতে আমাৰ প্ৰয়োজন অনুসৰি life cover আৰু tenure থিৰাং কৰিব লাগে।
২) তাৰ পিচত আমি কি ধৰণৰ policy লম সেইটো থিক কৰিব লাগে। Term plan লোৱাতো আটাইতকৈ ভাল, ইয়াত অতি কম premium দি বহুত বেছি life cover পাব পাৰি; যেনে বছৰত ৬০০০ টকা premium দি ১ কৌটি টকাৰ life cover পাব পাৰি।
৩) তাৰ পিচত কি কোম্পানীৰ পৰা Life insurance কিনিম ঠিক কৰিব লাগে। এইটো অলপ টান কাম হ'ব পাৰে। LIC, HDFC, ICICI, SBI, Kotak আদি বিভিন্ন কোম্পানীৰ Life insurance থাকে। কোম্পানী বিলাকৰ claim settlement ratio, claim rejection ratio চাই insurance কিনিব লাগে (IRDA ৰ site www.irdai.gov.in অত সকলো তথ্য পোৱা যায়)।
আজিকালি insurance online অত কিনিব পাৰি, online অত কিনিলে কম পৰে কাৰণ কোনো agent নাথাকে।বহুত কোম্পানীয়ে healthy life style (যেনে non smoker) অৰ মানুহৰ বাবে discount দিয়ে। ইয়াত ভূল তথ্য দিব নালাগে, কিয়নো কোম্পানীয়ে পিছত জানিব পাৰিলে policy নাকচ কৰিব পাৰে।

উপযুক্ত পৰিমানৰ life insurance থকাটো অতি প্ৰয়োজনীয়, ইয়ে যথেষ্ট মনৰ শান্তি দিব পাৰে।

Thursday, December 24, 2020

খ্রীষ্টমাছ


সৰুতে পানবজাৰৰ গির্জা ঘৰৰ সমুখেৰে অহা যোৱা কৰোতে সদায় ভিতৰলৈ এবাৰ ভুমুকিয়াই চাইছিলো, ভিতৰৰ মানুহখিনি যেন আমাৰ নিচিনা নাছিল তেনে লাগিছিল। বিশেষকে খ্রীষ্টমাছৰ সময়ত মনত কৌতুহল হৈছিল, ভিতৰত কি হয়, তাৰ মানুহে কেনেকে প্রার্থনা কৰে তাক চাবলৈ এটা যেন হেপাহ, কিন্তু কেতিয়াও ভিতৰলৈ যোৱা হোৱা নাছিল।


পানবজাৰৰ Baptish Church (Photo from Wikimapia)

খ্রীষ্টমাছৰ বিষয়ে অলপ ভালদৰে জানিব পাৰিলো software অত কাম কৰিব আৰম্ভ কৰাৰ পৰা। মই কাম কৰা কোম্পানীটোত খ্রীষ্টমাছ ভালদৰে পালন কৰিছিল। খ্রীষ্টমাছৰ সময়ত অফিছতো ধুনীয়াকে সজোৱা হয়।


অফিছৰ decoration

খ্রীষ্টমাছৰ বাবে project ৰ team বিলাকৰ মাজত decoration প্রতিযোগিতা হয় আৰু পুৰস্কাৰ ও দিয়ে। আমি এসপ্তাহ আগৰ পৰা এটা বিষয়বস্তু (theme) লৈ decoration আৰম্ভ কৰো, কাৰণ decoration কামৰ মাজে মাজেহে কৰিব পাৰো। কেতিয়াবা সন্ধিয়া কাম শেষ হোৱাৰ পিচত decoration কৰো। খ্রীষ্টমাছৰ আগদিনা ৰাতি বহু সময়লৈ কৰা হয়, সিদিনা finishing touch দিয়া হয়।


আমাৰ project team টোৰ এবাৰৰ decoration, বৰফৰ ঘৰৰ (tent) ভিতৰত আৰু decoration আছে।

খ্রীষ্টমাছৰ দিনা বিশেষ official কাম কৰা নহয়, যদিহে একো urgent কাম নাথাকে। সিদিনা অফিচৰ মানুহবিলাকে নিজৰ ল'ৰা ছোৱালী লগত লৈ আহিব পাৰে। দিনটোত কিবা কিবি program হৈ থাকে। সন্ধিয়া প্রতিটো দলে নিজৰ নিজৰ বিষয়বস্তু বিচাৰক সমিতিক ব্যাখ্যা কৰিব লাগে, বিচাৰকে decoration চাই সেই হিচাবত ৩টা দল বিজয়ী ঘোষণা কৰে। নিজৰ নিজৰ desk decoration কৰাৰ কাৰণেওঁ পুৰস্কাৰ দিয়া হয়।


অফিছৰ এজনৰ desk decoration

খ্রীষ্টমাছত অফিছত খেলা খেলবিলাকৰ ভিতৰত অতি জনপ্রিয় খেলটো হ'ল secret santa. ইয়াত প্রতিজন সদস্যৰ নাম একো একোখন সৰু কাগজত লিখা হয়, পিচত প্রত্যেকে একোখনকৈ কাগজ বাচি লয় আৰু যি জন মানুহৰ নাম ওলায় (মানুহজনৰ নামটো কাকো ক'ব নালাগে) তেওক মনে মনে উপহাৰ বা card আদি বস্তু দিব পাৰে। আন মানুহ জনে সেই মানুহজনৰ নাম অনুমান কৰিব লাগে। খ্রীষ্টমাছৰ দিনা প্রতিজনে আন মানুহজনৰ নাম ক'ব লাগে আৰু উপহাৰ আদান প্রদান কৰে।

আমাৰ অফিচৰ decoration ৰ ফটো দেখি আমাৰ লগত কাম কৰা ইংলন্ডৰ মানুহবিলাকে মন্তব্য কৰিছিল যে খ্রীষ্টমাছটো এটা ভাৰতীয় উৎসৱ যেনহে লাগিছে, আনকি সিহঁতৰ অফিচতো খ্রীষ্টমাছ ইমান ধুমধামেৰে পালন নকৰে।


Santa হোৱা Akshunn ৰ লগত

বাংগালোৰত অহাৰ পৰা মই প্রতি খ্রীষ্টমাছত প্রায়ে গির্জালৈ যাওঁ । ইয়াত যথেষ্ট সংখ্যক গির্জাঘৰ আছে, খ্রীষ্টমাছত ধূনীয়াকৈ সজাই পৰাই তোলে। কিছুমান গির্জাঘৰত, আমাৰ ৰাসৰ নিচিনাকে, ধুনীয়াকৈ যীশু আৰু সিহতৰ সম্বন্ধীয় বিভিন্ন ধৰণৰ মূর্তিৰে সজাই প্রদর্শনী পাতে, চাই ভাল লাগে। মই ভালপোৱা ইয়াৰ গির্জাঘৰ হ'ল ৱিৱেক নগৰ, শীৱাজী নগৰ আৰু Whitefield অৰ। ভাৰতৰ আন ঠাইৰ ভিতৰত Ooty আৰু চেন্নাইত খ্রীষ্টমাছ ভাল লাগিছিল।


From Deccan Herald

ইংলন্ডত খ্রীষ্টমাছত ধুনীয়া decoration কৰে। তাত খ্রীষ্টমাছত মানুহে বিভিন্ন ধৰণৰ কাম কৰে, যেনে Santa Grottos, Winter Wonderland, Ice Skating, Beautiful Christmas Markets আদি।


খ্রীষ্টমাছৰ সময়ৰ এটা ব্যস্ত ৰাজপথ।

তাৰ গির্জাঘৰ কিছুমান বিৰাট ডাঙৰ, ওখ আৰু ধুনীয়া। গির্জাৰ দুৱাৰ খিৰিকি বিলাকত ধুনীয়া ৰং বিৰংঅৰ কাঁচ লগোৱা থাকে।


মই ভাল পোৱা তাৰ গির্জা কেইটা হ'ল Arundel আৰু Lancing College অৰ।

Lancing College chapel

কোনটো কাৰ ধর্ম এইবোৰ বিচাৰ খোচাৰ নকৰি যদি আমি সকলো ধর্মৰে উৎসৱ পালন কৰিব পাৰো, তেতিয়া আমাৰ জীৱনটো সুন্দৰ হ'ব পাৰে।
মই হিন্দু তীর্থস্থান ভ্রমণৰ মোৰ অভিজ্ঞতাৰ ওপৰতো আগলৈ লিখিম।

Friday, December 18, 2020

ভ্ৰমণ: Cissbury Ring - England's Enigmatic Hillfort


মূল লেখাটো ইয়াত পঢ়ক

দক্ষিণ ইংলেন্ডৰ এই ঠাইখিনি এখন পাহাৰৰ ওপৰত অৱস্থিত, ই iron age অত flint mine আছিল, এতিয়া এটা circular ring হিচাবে দেখা যায়।
ইয়াৰ ইতিহাস চহকী, বিভিন্ন সংস্কৃতিয়ে ইয়াক বসতি, কবৰস্থান, প্ৰতিৰক্ষামূলক গঠন (defensive structure) হিচাপে ব্যৱহাৰ কৰিছিল।

মই এদিন বাছেৰে ইয়াৰ ওচৰৰ স্টপেজত নামি পাহাৰৰ ওপৰলৈ খোজ কাঢ়িলো। যথেষ্ট খোজ কাঢ়িব লাগে, কিন্তু পাহাৰখন সেউজীয়া গছ বনেৰে ভৰা, মাজে মাজে ৰৈ জিৰাই শতাই পাহাৰৰ ওপৰ পালোগৈ।


পাহাৰৰ ওপৰলৈ খোজ দিলো।
পাহাৰৰ ওপৰৰ পৰা বহু দূৰলৈ দেখা পোৱা যায়, আনকি Portsmouth ৰ tower পৰ্য্যন্ত (প্ৰায় ১৩০ কিমি দূৰত)।

পাহাৰৰ ওপৰ পাই অলপ জিৰালো
পাহাৰৰ ওপৰত ধুনীয়া বতাহ বৈ আছে, মই এজোপা গছৰ চাঁত বহি বেগৰ পৰা Coke আৰু কিবা কিবি উলিয়াই আৰামেৰে খালো। ওচৰৰে আন এখন পাহাৰত পোহনীয়া গৰু চৰি আছে, দৃশ্যটো ভাল লাগিল।

এই অঞ্চলটো বহুকেইখন পাহাৰেৰে ভৰা
অলপ জিৰোৱাৰ পিচত circular ring ৰ ওপৰেৰে খোজ কাঢ়ি সম্পূৰ্ণ এপাক মাৰিলো। চাৰিওফালে ঘূৰি পকি প্ৰাকৃতিক দৃশ্য উপভোগ কৰিলো।

পাহাৰৰ তলত থকা Findon নামৰ গাওঁ খনৰ ঘৰ বিলাক

High Salvington windmill
Cissbury Ring অৰ ওচৰতে থকা Findon নামৰ গাওঁ খনৰ এইটো হ'ল ১৭শ শতিকাত নিৰ্মিত এটা বতাহত চলা ধান বনা কল, যিটো এতিয়াও কৰ্মৰত। এইটো volunteer অৰ দ্বাৰা পৰিচালিত আৰু যথেষ্ট ডাঙৰ, মূলতঃ শস্য পিহি আটা কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।

The view of High Salvington windmill, from Cissbury Ring.

ভ্ৰমণ: Portsmouth, ইংলেন্ড - A Coastal Haven for Nature Lovers

Redirecting ...

ভ্ৰমণ: Seven Sisters, ইংলেন্ড - Nature's Masterpiece

Redirecting ...

লন্ডনে হাত বাউল দি মাতিছে

Redirecting ...

Thursday, December 17, 2020

The Charm of Brighton: Exploring the UK's Seaside Gem

Redirecting ...

ইতিহাসৰ সূত্ৰ বিচাৰি: ইংলেন্ডৰ মিউ্জিয়াম্ ভ্ৰমণ


মূল লেখাটো ইয়াত পঢ়ক

২০১৩ চনৰ ৩ আগস্ট, মই আজি লন্ডনৰ ওচৰৰ মিউ্জিয়াম বিলাক চাব ওলাইছো।
মই Worthing ৰ পৰা ট্ৰেইনেৰে আহি London Victoria station পালো।


London Victoria ৰেলৱে station ৰ ভিতৰত।

ইয়াৰ মিউ্জিয়াম চাবলৈ হ'লে কিছুমানত entry fee দিব লাগে, আন কিছুমানত নালাগে।
মোৰ plan হ'ল একেদিনতে যিমান পাৰি মিউ্জিয়াম চোৱাৰ, সেয়েহে মই Victoria station ৰ ওচৰত থকা মিউ্জিয়াম কেইটা চোৱাৰ plan কৰিছো, সন্ধিয়া ওভতি আকৈ Worthing অলৈ যাব লাগিব।
মিউ্জিয়াম কেইটা Victoria station অৰ পৰা walkable distance ত আছে, entry fee এটাতো নালাগে।
প্ৰথমতে মই Natural History Museum লৈ বুলি খোজ দিলো।


References

Wednesday, December 16, 2020

ভ্ৰমণ: Highdown Gardens - A Haven of Tranquility and Nature

Redirecting ...

ভ্ৰমণ: Arundel

Redirecting ...

ইংলেন্ডৰ গাওঁত


ইংলেন্ডৰ এখন সৰু ঠাইত হোৱা মোৰ বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ ওপৰত মই ইয়াত লিখিছো।
অফিচৰ কামৰ সূ্ত্ৰে মই Worthing নামৰ দক্ষিণ ইংলেন্ডত অৱস্থিত এখন ঠাইলৈ গৈ থাকিব লগা হৈছিল। এই ঠাইখনত দেখা শুনা বস্তুবিলাক মই ইয়াত সৰু সৰু আকাৰত লিখিছো।

১. আৰম্ভণি
২. ঠাইখনৰ ঘৰবিলাক
৩. সাগৰৰ পাৰ
৪. পৰিবহন ব্যবস্থা
৫. তাৰ ৰাস্তা ঘাটবিলাক
৬. তাৰ মানুহৰ খাদ্য
৭. বতৰ
৮. দোকান পোহাৰ
৯. তাৰ মানুহৰ জীৱন-শৈলী
১০.ওচৰ পাজৰৰ ঠাইবোৰ
১১.সামৰণি

Tuesday, December 15, 2020

ইংলেন্ডৰ গাওঁ: সামৰণি


এয়া ২০২০ চনৰ ফেব্ৰুৱাৰী মাহ।
মই Worthing অলৈ আহিছো, হয়তো শেষ বাৰৰ বাবে। কিয়নো আমি project কৰি থকা ইয়াৰ কোম্পানীতোৰ লগত আগলৈ আৰু একো official কাম কাজ কৰা নহ'ব।
আমি ২০০২ চনৰ পৰাই কোম্পানীতোৰ লগত এটা project অত কাম কৰি আহিছিলো, কিন্তু ২০২০ চনৰ মাৰ্চ মাহৰ পিচত কাম বন্ধ হ'ব, সেয়েহে মই আৰু মোৰ লগৰ এজনে আমি যি জানো সেইখিনি ইয়াৰ মানুহক বুজাই দিবলৈ আহিছো।
আৰম্ভণীতে Bond International কোম্পানীত (পিচলে eRecruit আৰু Bullhorn হʼল) আমি Adapt চফ্টৱেৰত কাম কৰিছিলো, আমাৰ লগত কাম কৰা কেইজনমান সতীৰ্থ হʼল - Adrian Windslow, Benjamin Burton, Daniel Richardson, Daniela Bonafe, Gillian Gilvea, Graham Vinten, James Lanham, Martin Armstrong, Nicola Jones, Paul Franklin, Richard Williams, Sam Nicholson, Tom Harries.

এইবাৰ হাতত বেছি সময় নাই, মাত্ৰ এসপ্তাহৰ বাবে আহিছো।
তাৰ মানুহবিলাককো অলপ দুখি দেখিলো, প্ৰথমদিনা আমাক হোটেলৰ পৰা অফিছলৈ নিবলৈ Sam Nicholson আহিল।
প্ৰায় প্ৰতিদিনেই দুপৰিয়া খোৱাৰ পাৰ্টী চলিল, যি কেইদিন পাৰ্টী নাই আমি পাবত (pub) খাব গলো।


আমি একেলগে কাম কৰা team টো
এদিন এজনে নিজৰ গাড়ীৰে আমাক country side ৰ ঠাইবোৰ দেখুৱাই আনিলে।

ৰিচ্ছাৰ্ড্ ৱিলিয়ামচ্ অৰ লগত, তেখেতে আমাক ওচৰৰ ঠাইবিলাক দেখুৱালে
এইবাৰ ইয়াত আহি অলপ বেলেগ অনুভৱ হ'ল। এনে লাগিল যেন নিজৰ ঠাইখন হে এৰি আহিব ওলাইছো। বিদায়ৰ সময়ত সিঁহতৰ মানুহবিলাকৰো চকু চলচলীয়া হোৱা দেখিলো।
সচাই, যদিও আমি বেলেগ বেলেগ দেশৰ মানুহ, আমাৰ নীতি নিয়ম আচাৰ ব্যৱহাৰ ধৰ্ম বেলেগ, তথাপি সকলো মানুহ প্ৰকৃততে একেই। সকলোৰে একেই ধৰণৰ সুখ দুখ আৱেগ।
মনত দুখ লৈ নিজৰ দেশলৈ ওভতিলো।
ইমান বছৰে একেলগে কাম কৰি থকা মানুহবিলাকৰ লগত হয়তো আৰু কেতিয়াও দেখা নহ'ব !

Monday, December 14, 2020

ইংলেন্ডৰ গাওঁ: দোকান-পোহাৰ


তাৰ বেচিভাগ দোকান মাত্ৰ নিৰ্দিষ্ট সময়ৰ বাবেহে খোলা থাকে, সন্ধিয়া ৪ টা লৈ, তাৰ পিচত মাত্ৰ super market বিলাকহে খোলা থাকে।
সৰু ঠাই হিচাবত তাত যথেষ্ট সংখ্যক ভাল দোকান আছে, যদিও আমাৰ ইয়াৰ ডাঙৰ চহৰৰ লগত তুলনা নহয়। মই প্ৰায়ে গৈ থকা দোকানবোৰ হ'ল Waitrose, Poundland, Marks and spencer, Wilkinson's, Argos, Tesco, ASDA আদি।


পাউন্ডলেন্ড, ইয়াত বেচিভাগ বস্তুৰে দাম ১ পাউন্ড

তাত কিছুমান charity shop আছে, য'ত মানুহে দান কৰা ভাল ভাল বস্তু বিক্ৰি কৰি মানুহক সহায় কৰাৰ বাবে ধন সংগ্ৰহ কৰে।

British Heart Foundation (www.bhf.org.uk) ৰ এখন charity shop

তাৰ দোকানবোৰত বাহিৰৰ বেগ আদি ভিতৰলৈ নিয়াত একো বাধা নাই, আমাৰ ইয়াৰ নিচিনা বাহিৰত এৰি যাব নালাগে বা বেগ seal কৰিবও নালাগে। ওলাই আহোতেও বেগ check নকৰে। কিছুমান দোকানত পইছা লোৱা মানুহও নাথাকে, automatic মেশ্বিনত বস্তু scan কৰি পইচা দি আহিব লাগে।
মই ইয়াত থকা সময়ত বহুত ভিন্ন ধৰণৰ বস্তু কিনিলো, নানা ধৰণৰ তৰকাৰি, ফল খালো। বস্তুবিলাকৰ দাম মোটামোটি আমাৰ ইয়াৰ নিচিনা, কিছুমান বস্তু সস্তাহে হ'ব।

মই তাত বিশেষকে ভাল পালো তিয়হটো, যথেষ্ট দীঘল, প্লাস্টিকেৰে seal কৰা থাকে, কাটি দিয়াৰ লগে লগে ৰস টোপটোপাই পৰিব ধৰে।

তাৰ পিয়াজ অলপ বেলেগ ধৰণৰ। প্ৰথমবাৰ কিনি আনি কেচাই খাবলৈ লৈ কাটি দিয়াৰ লগে লগে বগা ৰস ওলাব ধৰিলে। বেয়া বুলি ভাবি আন এটা কাটোতেও একেই, ভালদৰে ধুই লৈ ভয়ে ভয়ে সৰু এটুকুৰাহে খালো। পিচদিনাৰ পৰাহে ভালদৰে খাবলৈ সাহস হ'ল।
মই তাত ভাল পোৱা আনবিধ তৰকাৰি হ'ল living salad, বিভিন্ন ধৰণৰ শাক এটা সৰু প্লাস্টিকৰ পাত্ৰত মাটিত ৰুৱা থাকে। তাত পানী দি ৰ' দত থৈ দিব লাগে আৰু নিজৰ প্ৰয়োজন আনুসৰি চিঙি আনিব লাগে।
দোকানত বজাৰ কৰি থাকোতে অসমৰ চাহপাত দেখিলো, মনতো ভাল লাগিল।

আন দেশত নিজৰ ঠাইৰ নাম দেখিলে গৌৰৱ অনুভৱ হয়।

মই তাৰ দোকানত সৰু সুৰা বহুত কিবা কিবি বস্তু কিনো, বেছিভাগেই হ'ল খোৱা বস্তু। বহুত বস্তু এনেকুৱা যে আমাৰ দেশত কিনিব নাপায় কিন্তু আনিব অসুবিধা। ঘৰলৈ উভতি অহাৰ সময়ত তাত কিনা বস্তু বেগত যথেষ্ট থাকে। প্ৰথমবাৰ ঘৰলৈ উভতাৰ সময়ত ইমান বস্তু আছিল যে ওজন বেচি হোৱাত কিছু বস্তু এৰি আহিব লগা হৈছিল।

তাত কিনা কিছুমান ফল আৰু তাৰকাৰী

এইবাৰলৈ ইয়াতেই এৰিছো, আগলৈ মই ঠাইখনৰ আন ভাল লগা বিষয়ৰ ওপৰত লিখিম।

ইংলেন্ডৰ গাওঁ: বতৰ


গৰমৰ দিনত সূৰ্য্য বহুত সময়লৈ থাকে, ৰাতিপুৱা ৬ টা মানৰ পৰা ৰাতি প্ৰায় ৯ টা মানলৈ। কেতিয়াবা অলপ গৰম পৰে, ঘামো ওলায়। তাৰ মানুহৰ ঘৰত সাধাৰণতে ফেন বা AC নাথাকে, আনকি বহুত অফিচতো নাথাকে। মই মাত্ৰ এখন ৰেস্টোৰাতহে ফেন দেখিছো।
ঠান্ডা দিনবোৰত যথেষ্ট ঠান্ডা পৰে, সাগৰৰ ঠান্ডা বতাহ বৈ থাকে, বৰফো হয়। বহুত সময়ত কিন কিনিয়া বৰষুণ ও পৰে। তাৰ হোটেলৰ কোঠাবোৰত পানীৰে চলা room heater থাকে, গতিকে কোঠাৰ ভিতৰত ঠান্ডা অনুভৱ নহয়।


হোটেলৰ কোঠাৰ heater

মই তাত প্ৰায়ে গৰমৰ দিনতহে যাও কাৰণ মোৰ ঠান্ডা সহ্য নহয়।
গৰমৰ দিনবিলাকত তাত ফুৰিব ভাল আৰু বেছি সময় পায়, কিয়নো দিনবোৰ দীঘল। মাজে মাজে বৰষুণ হয়, তাৰ বতৰ অনুমান কৰিব অসুবিধা। এইমাত্ৰ বৰষুণ দিব, তাৰ ১০ মিনিট পিচতে ৰ'দ দি পিচত আকৈ বৰষুণ দিব। তাৰ মানুহে weather prediction বহুত চাই চিন্তি চলে।
তাত বৰষুণৰ দিনত হোৱা মোৰ অভিজ্ঞতাৰ ওপৰত মই আন এটা post অত লিখিছো (ইয়াত পঢ়ক)

মই ঠান্ডা দিনত মাত্ৰ এবাৰহে গৈছো, ফেব্ৰুৱাৰী মাহত। সেই সময়ত হয়তো ঠান্ডা বহুত কমি যায়, কিন্তু তথাপি মই বহুত ঠান্ডা পাইছো। বাহিৰত ওলাই গ'লে ঠান্ডা বতাহ লাগি হাত, কাণ, নাক বৰফৰ নিচিনা হৈ গৈ বিষাব ধৰে। তাতে কিনকিনিয়া বৰষুণতো আছেই। তাত থকা দিনকেইটাত মোৰ পিন্ধনত আছিল thermal inner, shirt, sweater তাৰ ওপৰত এটা hood. Jeans পেন্টৰ তলতো এটা গৰম কাপোৰৰ full inner, thermal মোজা আৰু হাতমোজা।
দৌৰাদৌৰিকে যোৱাৰ সময়ত scarf নাপাই পত্নিৰ উলৰ ডিঙিত লোৱা এখন নিছিলো, তাকো লগা সময়ত উলিয়াই লৈ ডিঙিত আৰি ললো।

ঠান্ডাত যিমান পাৰো সিমান পিন্ধিছো, পিচত ফটো চাই হাঁহি উঠিছে

এইবাৰলৈ ইয়াতেই এৰিছো, আগলৈ মই ঠাইখনৰ আন ভাল লগা বিষয়ৰ ওপৰত লিখিম।

Saturday, December 12, 2020

ইংলেন্ডৰ গাওঁ: মানুহৰ জীৱন-শৈলী

ইয়াৰ বেচিভাগ মানুহেই শাৰিৰিক ভাবে যথেষ্ট সক্ৰিয়। বহুতেই চাইকেল চলাই, খোজ কাঢ়ে, দৈৰে । ৰাস্তাত ওলাই আহিলেই দেখা পোৱা যায় । সৰু ল'ৰা ছোৱালী বিলাকো সক্ৰিয় । ৰাস্তাৰ নিৰ্ধাৰিত স্থানত চাইকেল, স্কেটিং, চকা লগোৱা বোৰ্ড ইত্যাদি চলাই থকা দেখা পোৱা যাই । অলপ ডাঙৰ লৰাবোৰে চাইকেল চিৰিৰ ওপৰেৰে জপিয়াই চলোৱা প্ৰতিযোগিতা কৰা দেখা পোৱা যায় । বহুতে আকৌ স্কেটিং বোৰ্ড চলাই চিৰিৰ ওপৰেৰে জপিয়াই আৰু লগৰ বন্ধুবিলাকে ভিডিও ৰেকৰ্ড কৰে ।


চাইকেল চলাই গৈ আছে এটা পৰিয়াল

মানুহবিলাকে সময়ৰ ওপৰত গুৰুত্ত দিযে । আমাৰ মানুহৰ নিচিনা ৰাতিপুৱাৰ পৰা ৰাতি লৈকে কামকেই কৰি নাথাকে । অফিচবিলাক সময়মতে চলে । যেতিয়া আহিব লাগে তাৰ ৫ মিনিত আগতেই আহে । কামৰ সময়ত মাত্ৰ কামকেই কৰে, আমাৰ মানুহৰ নিচিনা কামৰ সময়ত চাহ খাই বহি আদ্দা মাৰি নাথাকে । চাহ খাব মন গলে গৈ লৈ আহে (কিন্তু আন মানুহৰ লগত কথাৰ লেকচাৰ মাৰি নাথাকে) আৰু কামৰ মাজে মাজে খায় । ভাতখোৱা সময়ো যিমান নিৰ্ধাৰিত সিমান সময়হে লয় । অফিচৰ পৰাও নিৰ্ধাৰিত সময়ত ওলাই আহে, ওপৰৰ বচৰ আগেৰে। আমাৰ ইয়াত আমি আমাৰ বচ্ বহি থাকিলে আমিও বহি থাকো, কাম থাককেই বা নাথাকক ।

মানুহ বিলাকে জীৱন আনন্দৰে কটায় । সন্ধিয়া কামৰ পৰা আহি, গৰমৰ দিনত (তেতিয়া সূৰ্য ৰাতি প্ৰায় ৯ টা মান বজালৈ থাকে, গতিকে বহুত সময় পায়), সকলোৱে ফূৰ্তি কৰিব ওলাই আহে । কিছুমানে পৰিয়ালৰ সৈতে সাগৰৰ পাৰত বহি বাৰ্বিকিও বনাই ৱাইনৰ সৈতে খাই গিটাৰ বজাই আনন্দ কৰে ।

সাগৰৰ পাৰত বাৰ্বিকিও

আন কিছুমানে বাৰত (Bar) বহে (তাৰ বাৰবোৰত মুক্ত আকাশৰ তলত বহাৰো ব্যৱস্থা আছে, গতিকে বৰ ভাল লাগে) । বহুতে পৰিয়ালৰ সৈতে আহি একেলগে exercise কৰে - এজনে খোজকাঢ়ে, আনজনে চাইকেল চলাই, স্কেটিং কৰে ইত্যাদি । বহুতে সপৰিয়ালে সাগৰৰ পাৰে পাৰে ফূৰে । বহুতে সাগৰত নাঙ চলাই বহুত দূৰলৈ যায় । কিছুৱে সাগৰত সাতোৰে - বহুত দূৰলৈ , সিহতৰ সাহস মানিব লাগিব ।

ইয়াত এটা rowing club আছে য'ত নাওঁ চলোৱা শিকায়

Weekend বিলাকত মানুহে যথেষ্ট আনন্দ কৰে । বহুত পৰিয়াল লৰা ছোৱালীৰে সৈতে ৰাতিপুৱাই সাগৰৰ পাৰলৈ ওলাই আহে, ৰ'দত আৰাম কৰি বহে, খোৱা বস্তু উলিয়াই খাই, খেল ধেমালী, গান বাজনা কৰে । বহুত মানুহৰ beach house থাকে, তাত বাৰ্বিকিউ কৰা বস্তু, চকি আদি থৈ দিয়ে । বন্ধ দিনত তাত সময় কটায় ।

গৰমৰ দিনবোৰত প্ৰায়ে কিবা নহয় কিবা মেলাৰ নিচিনা হৈ থাকে, মানুহবোৰে সপৰিয়ালে আহি ভাগ লয় । বিভিন্ন ধৰণৰ adventure মুলক কাৰ্য্য হৈ থাকে, আমাৰ ইয়াত তেনেকুৱা দেখা নাই । তাত মানুহে ভাগ লয় ।

Carnival গৰমৰ দিনত পাতে, মানুহে ধুনীয়া সাজ পোচাক পিন্ধি নাচি গাই procession অত ভাগ লয়।

বিভিন্ন সময়্ত মেলাৰ নিচিনা হয়, নানা ধৰণৰ ঝুলনা থাকে যিবিলাক বহুত ওপৰলে যায় আৰু বহুত জোৰকে ঘুৰে। ভাৰতত মই এনেকুৱা ঝুলনা দেখা নাই ।

তাত ল'ৰা ছোৱালীবিলাক সৰুতে independent হয়, আমাৰ ইয়াৰ নিচিনা নহয় । সৰুৰ পৰাই কিবা কিবি কাম কৰে, বহুতেই মাক দেউতাকৰ পৰা আতৰি বেলেগ ঘৰত থাকে । ল'ৰা ছোৱালীৰ living together সিহতৰ সমাজত প্ৰচলিত । Weekend ত মাক দেউতাকৰ ঘৰলৈ girl friend বা boy friend লৈ গৈ একেলগে ফূৰ্তি কৰে । কিছুমানৰ বিয়া নোহোৱাকে সন্তান হয় । আন কিছুমানে বিয়াৰ পিছত ল'ৰা ছোৱালী নোহোৱাকে থাকে, পৰিয়ালতো বহুত ইয়াৰ ওপৰত গুৰুত্ব নিদিয়ে।

তাৰ যথেষ্ট সংখ্যক বয়সিয়াল মানুহে অকলশৰীয়া জীৱন কটাব লগিয়া হয়, কাৰণ সিহতৰ ল'ৰা ছোৱালীবিলাক লগত নাথাকে । বহুত বয়সীয়াল মানুহে group হিচাবে ফুৰিব যোৱা দেখা যায় । শনি আৰু ৰবিবাৰে বহুত বয়সীয়াল মানুহে সমাজ সেৱাৰ বাবে পইচা সংগ্ৰহ কৰে । কিছুমানে group হৈ নানা ধৰণৰ attractive কাম কৰি পইচা সংগ্ৰহ কৰে ।

বয়সীয়াল মানুহে সমাজ সেৱাৰ বাবে পইচা সংগ্ৰহ কৰিছে ।

মানুহ বিলাক বহুত সহজ সৰল, সহায়ক আৰু honest, বিশেষকৈ বয়সীয়াল বিলাক। যি কোনো মানুহেই ৰাতিপুৱা দেখিলে হাহি good morning দিয়ে । যি কোনো মানুহৰ লগতেই অতি সহজতে কথা পাতি বন্ধুত্ত কৰিব পাৰি (মাত্ৰ সিহতৰ ইংৰাজী বুজিব অলপ টান)। মানুহবিলাক ভদ্ৰ আৰু well mannered. নিজৰ কাম নিজে কৰি ভাল পায়, বেলেগৰ সহায় নিবিচাৰে, আশাও নকৰে। বহুত বয়সীয়াল মানুহ চলি ফুৰিবলৈ অসুবিধা পায়, তথাপি অকলেই গৈ বজাৰ কৰে। বয়সীয়াল মানুহৰ বাবে সৰু electric ৪ চকীয়া বাহন আছে, সেইবোৰ বাচৰ ভিতৰলৈও চলাই নিব পাৰি, যথেষ্ট বয়সীয়ালে তেনে বাহন চলাই নিজৰ কাম কৰি ফুৰে।

তাৰ মানুহবিলাক আৰু পৰিবেশ যথেষ্ট চাফচিকুন। ৰাস্তা ঘাটবোৰ পৰিস্কাৰ, ৰাস্তাত বিশেষ একো বস্তু পৰি থকা বা মানুহে পেলোৱা দেখা পোৱা নাযায়। মানুহৰ সমাগম হোৱা ঠাইত যথেষ্ট সংখ্যক dustbin দেখা যায়। ৰাস্তাত একো ধূলি নাথাকে, মই ইমান মাহ ৰাস্তাত খোজকাঢ়িলো কিন্তু কেতিয়াও জোতাত ব্ৰাচ মাৰি চফা কৰিব লগা নহ'ল।

মানুহে পোহনীয়া জন্তু ৰাস্তালৈ ফুৰাব লৈ আহিলেও ৰাস্তাত পায়খানা কৰাৰ লগে লগে চফা কৰি dustbin অত পেলাই দিয়ে, নহʼলে আইনমতে (১৯৯৬ চনতে হোৱা) দন্দনীয়, বহুত টকা জৰীমনা হʼৱ পাৰে ।

পোহনীয়া জন্তুৰ পায়খানা পেলাব পৰা বেলেগ dustbin ও থাকে ।

প্ৰতি ঘৰৰে ডাঙৰ ডাঙৰ garbage bin থাকে, মানুহৰ ঘৰৰ পেলনিয়া সামগ্ৰী তাত ৰাখে, মানুহে হাতেৰে নোচোৱাকে অটোমেটিক ট্ৰাকেৰে সেইবোৰ সংগ্ৰহ কৰি recycle center লৈ লৈ যায়। তাৰ মোটামোটি ৪৫% বস্তু recycle কৰে।

এইবাৰলৈ ইয়াতেই এৰিছো, আগলৈ মই ঠাইখনৰ আন ভাল লগা বিষয়ৰ ওপৰত লিখিম।

ইংলেন্ডৰ গাওঁ: খাদ্য


ঠাইখনৰ মানুহবিলাকে bread জাতীয় বস্তু বেচিকে খায় । Breakfast ত toast, বিভিন্ন ধৰণৰ jam, butter, muesli, cold milk, cornflakes, cut fruit, অমলেট, scramble egg, mushroom, dry fruits, baked beans, চাহ, কফি আদি খায় ।


মই থকা হোটেলৰ breakfast items ৰখা table ৰ একাংশ

দুপৰিয়া fish আৰু chips, burger আদি খায় ।

মোৰ এদিনৰ দুপৰীয়াৰ আহাৰ

সিহতৰ বাৰ (bar) বোৰত alcoholic drinks ৰ ওপৰিও কফি, cold drinks, খোৱা বস্তুও পায় । মানুহবিলাকে বাৰবোৰত প্ৰায়ে যায়, ৰাতিপুৱা, দুপৰিয়া, সন্ধিয়া, ৰাতি।

এখন বাৰত, অফিচৰ সহকৰ্মীৰ লগত

বহুত বাৰত মুকলি আকাশৰ তলত চকি পৰা থাকে, বহি যঠেষ্ট ভাল লাগে, একো লেতেৰা বা ধুলি নাথাকে, ধুনীয়া বতাহ বলি থাকে। ছোৱালীবিলাকো বাৰলৈ আহে - কিবা খাবলৈ বা drink কৰিবলৈ। সিহতৰ সমাজত alcoholic drink allowed. পৰিয়ালবিলাকেও খোৱাৰ আগত drink লয়।

এখন বাৰ, মুকলি আকাশৰ তলত

English খাদ্যৰ ওপৰিও ভাৰতীয় খাদ্যও সিহতৰ প্ৰিয়, যেনে butter chicken. যঠেষ্ট ভাৰতীয় restaurant দেখিবলৈ পোৱা যায়, সেইবোৰ বাংলাদেশী বিলাকে চলায়। তাত বিভিন্ন ধৰনৰ rice items, বিৰিয়ানী, vegetarian আৰু non vegetarian items পোৱা যায়। তাৰ ওপৰি কিছুপৰিমানে Chinese restaurant ও আছে। কিছু restaurant ত বহি খোৱাৰ সুবিধা নাই, মাত্ৰ parcel হে দিয়ে।

Shafiques, আমি প্ৰায়ে গৈ থকা Goring ৰ ভাৰতীয় আহাৰ পোৱা এখন ৰেস্তোৰা

এইবাৰলৈ ইয়াতেই এৰিছো, আগলৈ মই ঠাইখনৰ আন ভাল লগা বিষয়ৰ ওপৰত লিখিম।