Thursday, December 10, 2020

ইংলেন্ডৰ গাওঁ: ৰাস্তা ঘাট,গাড়ী


যদিও এইখন এখন সৰু ঠাই, ইয়াৰ ৰাস্তা ঘাটবোৰ যথেষ্ট ভাল। সকলো ৰাস্তাই পকা কৰা, যদিও মাজে মাজে কেতিয়াবা সৰু সৰু গাঁত দেখা যায়, কিন্তু তথাপি আমাৰ দেশৰ ৰাস্তাতকৈ বহুত উন্নত।
ইয়াৰ ৰাস্তাত traffic যথেষ্ট কম কাৰণ ইয়াৰ জনসংখ্যাও যথেষ্ট কম। মাত্ৰ আফিচৰ সময়ত কেইখনমান গাড়ী বেচিকে দেখা যায়। মই এদিন ইয়াৰ মানুহক ৰাস্তাত ভীষন traffic হোৱা বুলি গম পাই সুধোতে জানিলো যে signal অত মাত্ৰ ২০ খন মান গাড়ী ৰৈ আছিল।


A traffic signal

ইয়াৰ মানুহবিলাকে গাড়ী ভালদৰে চলায় আৰু খোজকাঢ়ি যোৱা মানুহক যথেষ্ট গুৰুত্ত দিয়ে। মই signal নথকা সৰু ৰাস্তাত পাৰ হবলৈ ৰৈ থাকোতে, বহু গাড়ী চালকে বহু দিন গাড়ী ৰখাই মোক ৰাস্তা পাৰ হ'ব দিয়া মনত আছে। ৰাজহুৱা স্থানত গাড়ী ৰাখিবলৈ Parking meter ব্যবহাৰ কৰে।
ৰাস্তাত মেৰামতি কৰিব হ'লে কিছু দিন আগৰ পৰাই মানুহে দেখাকে notice লগাই দিয়ে।

Advance notice for any road repairing work

ৰাস্তাবিলাক ভালদৰে পৰিকল্পনা কৰি বনোৱা হয়। তাত Electricity, telephone, পানী, গেছ আদি সকলোবোৰৰ তাৰ বা পাইপবোৰ মাটীৰ তলেৰে নিয়ে, তথাপি আমাৰ দেশৰ নিচিনা ৰাস্তা খন্দা দেখা নাপালো। ফুটপাথ, চাইকেল চলোৱা ৰাস্তা, বাছ ৰখা ঠাই, ৰাস্তা পাৰ হোৱা ঠাই আদি সকলোবোৰৰ স্থান নিৰ্ধাৰিত আৰু সকলোৱে এইবোৰ মানি চলে। কোনো গাড়ী ফুটপাথ বা চাইকেল চলোৱা ঠাইৰে নেযায়, তেনেদৰে মানুহ খোজকঢ়া ঠাইৰে চাইকেল নচলায়। যদিহে কোনো ঠেক ৰাস্তাত কোনোবাই ফুটপাথত চাইকেল চলাই যায় আৰু আন এজন মানুহ খোজকাঢ়ি আহে, তেতিয়া চাইকেল চলোৱা জনে ৰৈ খোজকঢ়া জনক যাবলৈ বাট এৰি দিয়া দেখিছো। মানুহে এজনে সিজনক সন্মান কৰি চলে।


Footpaths, cycle tracks are marked properly

তাৰ সকলো traffic signal point automated, ৰাস্তাত মই এদিনো এজনো পুলিচ নেদেখিলো। মানুহে traffic signal মানি চলে। ৰাজপথত মানুহে ৰাস্তা পাৰ হোৱা ঠাইত traffic signal অৰ machine লগোৱা থাকে। ৰাস্তা পাৰ হোৱাৰ সময়ত ইয়াৰ switch টিপি দিলে signal ৰঙা হয়, গাড়ীবোৰ ৰৈ যায়, মানুহ ৰাস্তা পাৰ হোৱাৰ পিচত signal নিজে নিজেই সেউজীয়া হয়।


ট্ৰেফিক লাইটৰ লাখুটিত লাগি থকা হালধীয়া ৰঙৰ বাকচটো ৰাস্তা পাৰ হবলৈ ব্যবহাৰ কৰা মেচিন

এই সৰু ঠাইখনত সকলো ধৰণৰ গাড়ী দেখা পোৱা যায় - Ford, Volkswagen, Vauxhall, Mercedes-Benz, BMW, Audi, Nissan, Peugeot আদি। তাৰ মানুহে convertible গাড়ী বেছিকে ভাল পায়, ইয়াৰ বিভিন্ন মডেল দেখিবলৈ পোৱা যায় - Porsche Boxster, Mini Cooper, Vauxhall Astra, BMW E93 Convertible আদি। ভাৰতত নহা গাড়ীৰ মডেলো দেখা যায় যেনে Hyndai ৰ i30, i40 আদি।
মোৰ ইয়াত ভাল লগা গাড়ীখন হ'ল convertible mini cooper, এখন ধুনীয়া সৰু গাড়ী।


My favourite car in the place

ঠাইখনত দুচকীয়া বাহন বেছি নচলে, কিন্তু যিকেইখন চলে সেইকেইখন বিৰাট বঢ়িয়া। সিহতে bike যথেষ্ট বেগত চলায় (প্ৰায় ১৪০ কিমি প্ৰতি ঘন্টা) যদিও সকলো ধৰণৰ সুৰক্ষ্যা লয় - helmet, knee cap, gloves, boots, light reflective jacket আদি পিন্ধে।. মই তাত এখনো সৰু bike দেখা নাই, সকলো বোৰ Harley-Davidson অৰ ১২০০ cc ৰ bike.
সিহতে কিন্তু cycle অক bike বুলি কয়।
বহুত মানুহে পুৰনি scooter সংগ্ৰহ কৰি redesign কৰে। কিছুমান ঠাইত scooter অৰ প্ৰদৰ্শনী কৰা হয় আৰু পুৰনি scooter বোৰ ধুনীয়াকৈ সজাই পৰাই দেখুওৱা হয়।


A scooter show

এইবাৰলৈ ইয়াতেই এৰিছো, আগলৈ মই ঠাইখনৰ আন ভাল লগা বিষয়ৰ ওপৰত লিখিম।

No comments:

Post a Comment