Saturday, December 12, 2020

ইংলেন্ডৰ গাওঁ: খাদ্য


ঠাইখনৰ মানুহবিলাকে bread জাতীয় বস্তু বেচিকে খায় । Breakfast ত toast, বিভিন্ন ধৰণৰ jam, butter, muesli, cold milk, cornflakes, cut fruit, অমলেট, scramble egg, mushroom, dry fruits, baked beans, চাহ, কফি আদি খায় ।


মই থকা হোটেলৰ breakfast items ৰখা table ৰ একাংশ

দুপৰিয়া fish আৰু chips, burger আদি খায় ।

মোৰ এদিনৰ দুপৰীয়াৰ আহাৰ

সিহতৰ বাৰ (bar) বোৰত alcoholic drinks ৰ ওপৰিও কফি, cold drinks, খোৱা বস্তুও পায় । মানুহবিলাকে বাৰবোৰত প্ৰায়ে যায়, ৰাতিপুৱা, দুপৰিয়া, সন্ধিয়া, ৰাতি।

এখন বাৰত, অফিচৰ সহকৰ্মীৰ লগত

বহুত বাৰত মুকলি আকাশৰ তলত চকি পৰা থাকে, বহি যঠেষ্ট ভাল লাগে, একো লেতেৰা বা ধুলি নাথাকে, ধুনীয়া বতাহ বলি থাকে। ছোৱালীবিলাকো বাৰলৈ আহে - কিবা খাবলৈ বা drink কৰিবলৈ। সিহতৰ সমাজত alcoholic drink allowed. পৰিয়ালবিলাকেও খোৱাৰ আগত drink লয়।

এখন বাৰ, মুকলি আকাশৰ তলত

English খাদ্যৰ ওপৰিও ভাৰতীয় খাদ্যও সিহতৰ প্ৰিয়, যেনে butter chicken. যঠেষ্ট ভাৰতীয় restaurant দেখিবলৈ পোৱা যায়, সেইবোৰ বাংলাদেশী বিলাকে চলায়। তাত বিভিন্ন ধৰনৰ rice items, বিৰিয়ানী, vegetarian আৰু non vegetarian items পোৱা যায়। তাৰ ওপৰি কিছুপৰিমানে Chinese restaurant ও আছে। কিছু restaurant ত বহি খোৱাৰ সুবিধা নাই, মাত্ৰ parcel হে দিয়ে।

Shafiques, আমি প্ৰায়ে গৈ থকা Goring ৰ ভাৰতীয় আহাৰ পোৱা এখন ৰেস্তোৰা

এইবাৰলৈ ইয়াতেই এৰিছো, আগলৈ মই ঠাইখনৰ আন ভাল লগা বিষয়ৰ ওপৰত লিখিম।

2 comments: