Saturday, December 12, 2020

ইংলেন্ডৰ গাওঁ: মানুহৰ জীৱন-শৈলী

ইয়াৰ বেচিভাগ মানুহেই শাৰিৰিক ভাবে যথেষ্ট সক্ৰিয়। বহুতেই চাইকেল চলাই, খোজ কাঢ়ে, দৈৰে । ৰাস্তাত ওলাই আহিলেই দেখা পোৱা যায় । সৰু ল'ৰা ছোৱালী বিলাকো সক্ৰিয় । ৰাস্তাৰ নিৰ্ধাৰিত স্থানত চাইকেল, স্কেটিং, চকা লগোৱা বোৰ্ড ইত্যাদি চলাই থকা দেখা পোৱা যাই । অলপ ডাঙৰ লৰাবোৰে চাইকেল চিৰিৰ ওপৰেৰে জপিয়াই চলোৱা প্ৰতিযোগিতা কৰা দেখা পোৱা যায় । বহুতে আকৌ স্কেটিং বোৰ্ড চলাই চিৰিৰ ওপৰেৰে জপিয়াই আৰু লগৰ বন্ধুবিলাকে ভিডিও ৰেকৰ্ড কৰে ।


চাইকেল চলাই গৈ আছে এটা পৰিয়াল

মানুহবিলাকে সময়ৰ ওপৰত গুৰুত্ত দিযে । আমাৰ মানুহৰ নিচিনা ৰাতিপুৱাৰ পৰা ৰাতি লৈকে কামকেই কৰি নাথাকে । অফিচবিলাক সময়মতে চলে । যেতিয়া আহিব লাগে তাৰ ৫ মিনিত আগতেই আহে । কামৰ সময়ত মাত্ৰ কামকেই কৰে, আমাৰ মানুহৰ নিচিনা কামৰ সময়ত চাহ খাই বহি আদ্দা মাৰি নাথাকে । চাহ খাব মন গলে গৈ লৈ আহে (কিন্তু আন মানুহৰ লগত কথাৰ লেকচাৰ মাৰি নাথাকে) আৰু কামৰ মাজে মাজে খায় । ভাতখোৱা সময়ো যিমান নিৰ্ধাৰিত সিমান সময়হে লয় । অফিচৰ পৰাও নিৰ্ধাৰিত সময়ত ওলাই আহে, ওপৰৰ বচৰ আগেৰে। আমাৰ ইয়াত আমি আমাৰ বচ্ বহি থাকিলে আমিও বহি থাকো, কাম থাককেই বা নাথাকক ।

মানুহ বিলাকে জীৱন আনন্দৰে কটায় । সন্ধিয়া কামৰ পৰা আহি, গৰমৰ দিনত (তেতিয়া সূৰ্য ৰাতি প্ৰায় ৯ টা মান বজালৈ থাকে, গতিকে বহুত সময় পায়), সকলোৱে ফূৰ্তি কৰিব ওলাই আহে । কিছুমানে পৰিয়ালৰ সৈতে সাগৰৰ পাৰত বহি বাৰ্বিকিও বনাই ৱাইনৰ সৈতে খাই গিটাৰ বজাই আনন্দ কৰে ।

সাগৰৰ পাৰত বাৰ্বিকিও

আন কিছুমানে বাৰত (Bar) বহে (তাৰ বাৰবোৰত মুক্ত আকাশৰ তলত বহাৰো ব্যৱস্থা আছে, গতিকে বৰ ভাল লাগে) । বহুতে পৰিয়ালৰ সৈতে আহি একেলগে exercise কৰে - এজনে খোজকাঢ়ে, আনজনে চাইকেল চলাই, স্কেটিং কৰে ইত্যাদি । বহুতে সপৰিয়ালে সাগৰৰ পাৰে পাৰে ফূৰে । বহুতে সাগৰত নাঙ চলাই বহুত দূৰলৈ যায় । কিছুৱে সাগৰত সাতোৰে - বহুত দূৰলৈ , সিহতৰ সাহস মানিব লাগিব ।

ইয়াত এটা rowing club আছে য'ত নাওঁ চলোৱা শিকায়

Weekend বিলাকত মানুহে যথেষ্ট আনন্দ কৰে । বহুত পৰিয়াল লৰা ছোৱালীৰে সৈতে ৰাতিপুৱাই সাগৰৰ পাৰলৈ ওলাই আহে, ৰ'দত আৰাম কৰি বহে, খোৱা বস্তু উলিয়াই খাই, খেল ধেমালী, গান বাজনা কৰে । বহুত মানুহৰ beach house থাকে, তাত বাৰ্বিকিউ কৰা বস্তু, চকি আদি থৈ দিয়ে । বন্ধ দিনত তাত সময় কটায় ।

গৰমৰ দিনবোৰত প্ৰায়ে কিবা নহয় কিবা মেলাৰ নিচিনা হৈ থাকে, মানুহবোৰে সপৰিয়ালে আহি ভাগ লয় । বিভিন্ন ধৰণৰ adventure মুলক কাৰ্য্য হৈ থাকে, আমাৰ ইয়াত তেনেকুৱা দেখা নাই । তাত মানুহে ভাগ লয় ।

Carnival গৰমৰ দিনত পাতে, মানুহে ধুনীয়া সাজ পোচাক পিন্ধি নাচি গাই procession অত ভাগ লয়।

বিভিন্ন সময়্ত মেলাৰ নিচিনা হয়, নানা ধৰণৰ ঝুলনা থাকে যিবিলাক বহুত ওপৰলে যায় আৰু বহুত জোৰকে ঘুৰে। ভাৰতত মই এনেকুৱা ঝুলনা দেখা নাই ।

তাত ল'ৰা ছোৱালীবিলাক সৰুতে independent হয়, আমাৰ ইয়াৰ নিচিনা নহয় । সৰুৰ পৰাই কিবা কিবি কাম কৰে, বহুতেই মাক দেউতাকৰ পৰা আতৰি বেলেগ ঘৰত থাকে । ল'ৰা ছোৱালীৰ living together সিহতৰ সমাজত প্ৰচলিত । Weekend ত মাক দেউতাকৰ ঘৰলৈ girl friend বা boy friend লৈ গৈ একেলগে ফূৰ্তি কৰে । কিছুমানৰ বিয়া নোহোৱাকে সন্তান হয় । আন কিছুমানে বিয়াৰ পিছত ল'ৰা ছোৱালী নোহোৱাকে থাকে, পৰিয়ালতো বহুত ইয়াৰ ওপৰত গুৰুত্ব নিদিয়ে।

তাৰ যথেষ্ট সংখ্যক বয়সিয়াল মানুহে অকলশৰীয়া জীৱন কটাব লগিয়া হয়, কাৰণ সিহতৰ ল'ৰা ছোৱালীবিলাক লগত নাথাকে । বহুত বয়সীয়াল মানুহে group হিচাবে ফুৰিব যোৱা দেখা যায় । শনি আৰু ৰবিবাৰে বহুত বয়সীয়াল মানুহে সমাজ সেৱাৰ বাবে পইচা সংগ্ৰহ কৰে । কিছুমানে group হৈ নানা ধৰণৰ attractive কাম কৰি পইচা সংগ্ৰহ কৰে ।

বয়সীয়াল মানুহে সমাজ সেৱাৰ বাবে পইচা সংগ্ৰহ কৰিছে ।

মানুহ বিলাক বহুত সহজ সৰল, সহায়ক আৰু honest, বিশেষকৈ বয়সীয়াল বিলাক। যি কোনো মানুহেই ৰাতিপুৱা দেখিলে হাহি good morning দিয়ে । যি কোনো মানুহৰ লগতেই অতি সহজতে কথা পাতি বন্ধুত্ত কৰিব পাৰি (মাত্ৰ সিহতৰ ইংৰাজী বুজিব অলপ টান)। মানুহবিলাক ভদ্ৰ আৰু well mannered. নিজৰ কাম নিজে কৰি ভাল পায়, বেলেগৰ সহায় নিবিচাৰে, আশাও নকৰে। বহুত বয়সীয়াল মানুহ চলি ফুৰিবলৈ অসুবিধা পায়, তথাপি অকলেই গৈ বজাৰ কৰে। বয়সীয়াল মানুহৰ বাবে সৰু electric ৪ চকীয়া বাহন আছে, সেইবোৰ বাচৰ ভিতৰলৈও চলাই নিব পাৰি, যথেষ্ট বয়সীয়ালে তেনে বাহন চলাই নিজৰ কাম কৰি ফুৰে।

তাৰ মানুহবিলাক আৰু পৰিবেশ যথেষ্ট চাফচিকুন। ৰাস্তা ঘাটবোৰ পৰিস্কাৰ, ৰাস্তাত বিশেষ একো বস্তু পৰি থকা বা মানুহে পেলোৱা দেখা পোৱা নাযায়। মানুহৰ সমাগম হোৱা ঠাইত যথেষ্ট সংখ্যক dustbin দেখা যায়। ৰাস্তাত একো ধূলি নাথাকে, মই ইমান মাহ ৰাস্তাত খোজকাঢ়িলো কিন্তু কেতিয়াও জোতাত ব্ৰাচ মাৰি চফা কৰিব লগা নহ'ল।

মানুহে পোহনীয়া জন্তু ৰাস্তালৈ ফুৰাব লৈ আহিলেও ৰাস্তাত পায়খানা কৰাৰ লগে লগে চফা কৰি dustbin অত পেলাই দিয়ে, নহʼলে আইনমতে (১৯৯৬ চনতে হোৱা) দন্দনীয়, বহুত টকা জৰীমনা হʼৱ পাৰে ।

পোহনীয়া জন্তুৰ পায়খানা পেলাব পৰা বেলেগ dustbin ও থাকে ।

প্ৰতি ঘৰৰে ডাঙৰ ডাঙৰ garbage bin থাকে, মানুহৰ ঘৰৰ পেলনিয়া সামগ্ৰী তাত ৰাখে, মানুহে হাতেৰে নোচোৱাকে অটোমেটিক ট্ৰাকেৰে সেইবোৰ সংগ্ৰহ কৰি recycle center লৈ লৈ যায়। তাৰ মোটামোটি ৪৫% বস্তু recycle কৰে।

এইবাৰলৈ ইয়াতেই এৰিছো, আগলৈ মই ঠাইখনৰ আন ভাল লগা বিষয়ৰ ওপৰত লিখিম।

No comments:

Post a Comment