Monday, December 14, 2020

ইংলেন্ডৰ গাওঁ: বতৰ


গৰমৰ দিনত সূৰ্য্য বহুত সময়লৈ থাকে, ৰাতিপুৱা ৬ টা মানৰ পৰা ৰাতি প্ৰায় ৯ টা মানলৈ। কেতিয়াবা অলপ গৰম পৰে, ঘামো ওলায়। তাৰ মানুহৰ ঘৰত সাধাৰণতে ফেন বা AC নাথাকে, আনকি বহুত অফিচতো নাথাকে। মই মাত্ৰ এখন ৰেস্টোৰাতহে ফেন দেখিছো।
ঠান্ডা দিনবোৰত যথেষ্ট ঠান্ডা পৰে, সাগৰৰ ঠান্ডা বতাহ বৈ থাকে, বৰফো হয়। বহুত সময়ত কিন কিনিয়া বৰষুণ ও পৰে। তাৰ হোটেলৰ কোঠাবোৰত পানীৰে চলা room heater থাকে, গতিকে কোঠাৰ ভিতৰত ঠান্ডা অনুভৱ নহয়।


হোটেলৰ কোঠাৰ heater

মই তাত প্ৰায়ে গৰমৰ দিনতহে যাও কাৰণ মোৰ ঠান্ডা সহ্য নহয়।
গৰমৰ দিনবিলাকত তাত ফুৰিব ভাল আৰু বেছি সময় পায়, কিয়নো দিনবোৰ দীঘল। মাজে মাজে বৰষুণ হয়, তাৰ বতৰ অনুমান কৰিব অসুবিধা। এইমাত্ৰ বৰষুণ দিব, তাৰ ১০ মিনিট পিচতে ৰ'দ দি পিচত আকৈ বৰষুণ দিব। তাৰ মানুহে weather prediction বহুত চাই চিন্তি চলে।
তাত বৰষুণৰ দিনত হোৱা মোৰ অভিজ্ঞতাৰ ওপৰত মই আন এটা post অত লিখিছো (ইয়াত পঢ়ক)

মই ঠান্ডা দিনত মাত্ৰ এবাৰহে গৈছো, ফেব্ৰুৱাৰী মাহত। সেই সময়ত হয়তো ঠান্ডা বহুত কমি যায়, কিন্তু তথাপি মই বহুত ঠান্ডা পাইছো। বাহিৰত ওলাই গ'লে ঠান্ডা বতাহ লাগি হাত, কাণ, নাক বৰফৰ নিচিনা হৈ গৈ বিষাব ধৰে। তাতে কিনকিনিয়া বৰষুণতো আছেই। তাত থকা দিনকেইটাত মোৰ পিন্ধনত আছিল thermal inner, shirt, sweater তাৰ ওপৰত এটা hood. Jeans পেন্টৰ তলতো এটা গৰম কাপোৰৰ full inner, thermal মোজা আৰু হাতমোজা।
দৌৰাদৌৰিকে যোৱাৰ সময়ত scarf নাপাই পত্নিৰ উলৰ ডিঙিত লোৱা এখন নিছিলো, তাকো লগা সময়ত উলিয়াই লৈ ডিঙিত আৰি ললো।

ঠান্ডাত যিমান পাৰো সিমান পিন্ধিছো, পিচত ফটো চাই হাঁহি উঠিছে

এইবাৰলৈ ইয়াতেই এৰিছো, আগলৈ মই ঠাইখনৰ আন ভাল লগা বিষয়ৰ ওপৰত লিখিম।

No comments:

Post a Comment