Monday, December 14, 2020

ইংলেন্ডৰ গাওঁ: দোকান-পোহাৰ


তাৰ বেচিভাগ দোকান মাত্ৰ নিৰ্দিষ্ট সময়ৰ বাবেহে খোলা থাকে, সন্ধিয়া ৪ টা লৈ, তাৰ পিচত মাত্ৰ super market বিলাকহে খোলা থাকে।
সৰু ঠাই হিচাবত তাত যথেষ্ট সংখ্যক ভাল দোকান আছে, যদিও আমাৰ ইয়াৰ ডাঙৰ চহৰৰ লগত তুলনা নহয়। মই প্ৰায়ে গৈ থকা দোকানবোৰ হ'ল Waitrose, Poundland, Marks and spencer, Wilkinson's, Argos, Tesco, ASDA আদি।


পাউন্ডলেন্ড, ইয়াত বেচিভাগ বস্তুৰে দাম ১ পাউন্ড

তাত কিছুমান charity shop আছে, য'ত মানুহে দান কৰা ভাল ভাল বস্তু বিক্ৰি কৰি মানুহক সহায় কৰাৰ বাবে ধন সংগ্ৰহ কৰে।

British Heart Foundation (www.bhf.org.uk) ৰ এখন charity shop

তাৰ দোকানবোৰত বাহিৰৰ বেগ আদি ভিতৰলৈ নিয়াত একো বাধা নাই, আমাৰ ইয়াৰ নিচিনা বাহিৰত এৰি যাব নালাগে বা বেগ seal কৰিবও নালাগে। ওলাই আহোতেও বেগ check নকৰে। কিছুমান দোকানত পইছা লোৱা মানুহও নাথাকে, automatic মেশ্বিনত বস্তু scan কৰি পইচা দি আহিব লাগে।
মই ইয়াত থকা সময়ত বহুত ভিন্ন ধৰণৰ বস্তু কিনিলো, নানা ধৰণৰ তৰকাৰি, ফল খালো। বস্তুবিলাকৰ দাম মোটামোটি আমাৰ ইয়াৰ নিচিনা, কিছুমান বস্তু সস্তাহে হ'ব।

মই তাত বিশেষকে ভাল পালো তিয়হটো, যথেষ্ট দীঘল, প্লাস্টিকেৰে seal কৰা থাকে, কাটি দিয়াৰ লগে লগে ৰস টোপটোপাই পৰিব ধৰে।

তাৰ পিয়াজ অলপ বেলেগ ধৰণৰ। প্ৰথমবাৰ কিনি আনি কেচাই খাবলৈ লৈ কাটি দিয়াৰ লগে লগে বগা ৰস ওলাব ধৰিলে। বেয়া বুলি ভাবি আন এটা কাটোতেও একেই, ভালদৰে ধুই লৈ ভয়ে ভয়ে সৰু এটুকুৰাহে খালো। পিচদিনাৰ পৰাহে ভালদৰে খাবলৈ সাহস হ'ল।
মই তাত ভাল পোৱা আনবিধ তৰকাৰি হ'ল living salad, বিভিন্ন ধৰণৰ শাক এটা সৰু প্লাস্টিকৰ পাত্ৰত মাটিত ৰুৱা থাকে। তাত পানী দি ৰ' দত থৈ দিব লাগে আৰু নিজৰ প্ৰয়োজন আনুসৰি চিঙি আনিব লাগে।
দোকানত বজাৰ কৰি থাকোতে অসমৰ চাহপাত দেখিলো, মনতো ভাল লাগিল।

আন দেশত নিজৰ ঠাইৰ নাম দেখিলে গৌৰৱ অনুভৱ হয়।

মই তাৰ দোকানত সৰু সুৰা বহুত কিবা কিবি বস্তু কিনো, বেছিভাগেই হ'ল খোৱা বস্তু। বহুত বস্তু এনেকুৱা যে আমাৰ দেশত কিনিব নাপায় কিন্তু আনিব অসুবিধা। ঘৰলৈ উভতি অহাৰ সময়ত তাত কিনা বস্তু বেগত যথেষ্ট থাকে। প্ৰথমবাৰ ঘৰলৈ উভতাৰ সময়ত ইমান বস্তু আছিল যে ওজন বেচি হোৱাত কিছু বস্তু এৰি আহিব লগা হৈছিল।

তাত কিনা কিছুমান ফল আৰু তাৰকাৰী

এইবাৰলৈ ইয়াতেই এৰিছো, আগলৈ মই ঠাইখনৰ আন ভাল লগা বিষয়ৰ ওপৰত লিখিম।

No comments:

Post a Comment