Tuesday, December 15, 2020

ইংলেন্ডৰ গাওঁ: সামৰণি


এয়া ২০২০ চনৰ ফেব্ৰুৱাৰী মাহ।
মই Worthing অলৈ আহিছো, হয়তো শেষ বাৰৰ বাবে। কিয়নো আমি project কৰি থকা ইয়াৰ কোম্পানীতোৰ লগত আগলৈ আৰু একো official কাম কাজ কৰা নহ'ব।
আমি ২০০২ চনৰ পৰাই কোম্পানীতোৰ লগত এটা project অত কাম কৰি আহিছিলো, কিন্তু ২০২০ চনৰ মাৰ্চ মাহৰ পিচত কাম বন্ধ হ'ব, সেয়েহে মই আৰু মোৰ লগৰ এজনে আমি যি জানো সেইখিনি ইয়াৰ মানুহক বুজাই দিবলৈ আহিছো।
আৰম্ভণীতে Bond International কোম্পানীত (পিচলে eRecruit আৰু Bullhorn হʼল) আমি Adapt চফ্টৱেৰত কাম কৰিছিলো, আমাৰ লগত কাম কৰা কেইজনমান সতীৰ্থ হʼল - Adrian Windslow, Benjamin Burton, Daniel Richardson, Daniela Bonafe, Gillian Gilvea, Graham Vinten, James Lanham, Martin Armstrong, Nicola Jones, Paul Franklin, Richard Williams, Sam Nicholson, Tom Harries.

এইবাৰ হাতত বেছি সময় নাই, মাত্ৰ এসপ্তাহৰ বাবে আহিছো।
তাৰ মানুহবিলাককো অলপ দুখি দেখিলো, প্ৰথমদিনা আমাক হোটেলৰ পৰা অফিছলৈ নিবলৈ Sam Nicholson আহিল।
প্ৰায় প্ৰতিদিনেই দুপৰিয়া খোৱাৰ পাৰ্টী চলিল, যি কেইদিন পাৰ্টী নাই আমি পাবত (pub) খাব গলো।


আমি একেলগে কাম কৰা team টো
এদিন এজনে নিজৰ গাড়ীৰে আমাক country side ৰ ঠাইবোৰ দেখুৱাই আনিলে।

ৰিচ্ছাৰ্ড্ ৱিলিয়ামচ্ অৰ লগত, তেখেতে আমাক ওচৰৰ ঠাইবিলাক দেখুৱালে
এইবাৰ ইয়াত আহি অলপ বেলেগ অনুভৱ হ'ল। এনে লাগিল যেন নিজৰ ঠাইখন হে এৰি আহিব ওলাইছো। বিদায়ৰ সময়ত সিঁহতৰ মানুহবিলাকৰো চকু চলচলীয়া হোৱা দেখিলো।
সচাই, যদিও আমি বেলেগ বেলেগ দেশৰ মানুহ, আমাৰ নীতি নিয়ম আচাৰ ব্যৱহাৰ ধৰ্ম বেলেগ, তথাপি সকলো মানুহ প্ৰকৃততে একেই। সকলোৰে একেই ধৰণৰ সুখ দুখ আৱেগ।
মনত দুখ লৈ নিজৰ দেশলৈ ওভতিলো।
ইমান বছৰে একেলগে কাম কৰি থকা মানুহবিলাকৰ লগত হয়তো আৰু কেতিয়াও দেখা নহ'ব !

No comments:

Post a Comment