Sunday, July 28, 2019

বৰষুণ

অফিচৰ পৰা ঘৰলৈ যোৱাৰ সময় হ'ল, বাহিৰত বৰষুণ আৰম্ভ হৈছে। মই অলপ সময় ৰোৱাৰ সিদ্ধান্ত ললো, বৰষুণ কমিবলৈ নহয়, বাঢ়িবলৈহে।

এয়া বাংগালোৰ। বৰষুণ আৰম্ভ হ'লে লগে লগে traffic বাঢ়ি যায়, 2 wheeler বোৰে ঘৰ পাবলৈ হেতা ওপৰা লগায়। বৰষুণ অলপ বেচি হ'লে traffic কমে, কাৰণ তেতিয়া 2 wheeler নচলায়।

বৰষুণ অকমান বঢ়াত মই অফিচৰ পৰা ওলালো। অলপ দুৰ আহি এঠাইত ৰব লগা হ'ল। ৰাস্তাটো ঠেক, তাতে এখন গাড়ী বেয়া হৈচে। মই গাড়ী ঘুৰাই অন্য এটা ৰাস্তাৰে আহিব চেষ্টা কৰিলো কিন্তু নোৱাৰিলো।

লাইন লাইন গাড়ী ৰৈ আছে, বাহিৰত বৰষুণ। বৰষুণৰ টোপবোৰ গাড়ীত পৰি এটা ধুনীয়া background music ৰ সৃষ্টি কৰিছে। উশাহ নিশাহৰ বাস্পবোৰে গাড়ীৰ গ্লাচবোৰ অস্পষ্ট কৰি তুলিছে। হঠাত মনটো ল'ৰালি কাললৈ উৰা মাৰিলে ...

বহুত সৰুতে গাওঁত থাকিছিলো (ৰামপুৰ, গুৱাহাটী airport ৰ ওচৰত), তেতিয়া বৰষুণ আহিলে বৰ ভাল লাগিছিল ।
দুই তিনিদিন, কেতিয়াবা এসপ্তাহ পৰ্য্যন্ত একেৰাহে বৰষুণ আহিছিল। বেচি বৰষুণত স্কুল যাব নেলাগিছিল, কেতিয়াবা স্কুল যাব মন নাথাকিলে মনে মনে কৈছিলো "ভগবান এজাক ডাঙৰ বৰষুণ পঠাই দিয়া"। বৰষুণৰ পানীত কাগজৰ নাও চলাইছিলো, পৰুৱা কেইটামানক যাত্রী হিচাবে বহাই দিচিলো (it was cruel as the ants mostly used to die, but I was unable to think about that at that age).

টিনপাত দিয়া ঘৰত বৰষুণ আহিলে টোপালবোৰে এটা ধুনীয়া আমেজলগা শব্দৰ সৃষ্টি কৰিছিল, শব্দটো শুনি থাকোতে ৰাতি কেতিয়া যে টোপনি আহিছিল গমেই নেপাইছিলো |
কেতিয়াবা স্কুলৰ পৰা আহি থাকোতে বৰষুণ দিলে, লগৰ সকলো বন্ধুৰ লগত ময়ো ডাঙৰ কচুপাত চিঙি মুৰত লৈ ঘৰলৈ দৌৰ মাৰিছিলো।
বৰষুণৰ পিচত ৰ'দ দিলে গাইছিলো ...

ৰ'দ দি দি বৈৰ্হান আহে
খৰা শিয়ালৰ বিয়া ।
ঘন্ চিৰিকাই তামোল কাটে
আমাকো এখন দিয়া ॥

বগলী আকাশত উৰি গ'লে গাইছিলো ...
   বগলী বগা ফ'ত দি যা
আৰু চাইছিলো নখত বগা ফ'ত লাগিচে নেকি।
বৰষুণৰ পিচত ৰামধেনু ওলালে অতি উৎসাহেৰে চাইছিলো আৰু ৰং গননা (count) কৰিছিলো।

পিচত গুৱাহাটীত স্কুলত পঢ়োতে বৰষুণৰ দিনত যঠেষ্ট অসুবিধা হৈছিল। বৰষুণৰ দিনত ছাটি কঢ়িয়াই লৈ যোৱা (তেতিয়াৰ ছাটিবোৰ দীঘল আছিল, মহেন্দ্ৰ দত্তৰ), চিটী বাচত ছাটি পাহৰি অহাৰ tension (মই দুবাৰমান বাচত এৰি আহিছো)।
বৰষুণ দিলে বোকা থকা ৰাস্তাত খোজ কঢ়া বৰ অসুবিধা হৈছিল। চেন্দল পিন্ধি গ'লে বোকাৰ চিটিকনি পিচফালে ভৰিৰ পৰা মুৰলৈকে আহিছিল। ৰাস্তাৰে গৈ থাকোতে গাড়ি আহিলে ছাটিৰে নিজকে পানীৰ চিটিকনিৰ পৰা বচাইছিলো।

এইখিনিতেই এটা ঘটনা উল্লেখ কৰিছো। মই তেতিয়া class Vl অত, নাৰায়ণ সংগীত মহাৱিদ্যালয়ত গান শিকিছিলো (হয়তো বহুতে নাজানে)। এদিন ৰবিবাৰ ৰাতিপুৱা, গানৰ স্কুলৰ পৰা অহি থাকোতে ভুলক্ৰমে বোকা ভৰ্তি হৈ থকা গাত এটাত খোজ দিছিলো। বোকাত ভৰি আঠুলৈকে সোমাই গৈ এপাট চেন্দেল হেৰাইছিল, ভৰিত আনপাট চেন্দেল লৈ ঘৰ আহি পাইছিলো 😂

কটনত পঢ়ি থকা সময়ত, কলেজ থকা দিনত বৰষুণ আহিলে বৰ খং উঠিছিল। তাৰ department বিলাক যথেষ্ট দূৰে দূৰে সিঁচৰিত, বৰষুণত এটা department ৰ পৰা আনটোলৈ যাবলৈ অসুবিধা হৈছিল। প্ৰায়ে এনে হৈছিল যে ইংলিছ ক্লাছ (admin building অত) কৰি অসমীয়া ক্লাছ (old arts building অত) কৰো, তাৰ পিছত biology ক্লাছ (Handique কলেজৰ ওচৰত) কৰিবলৈ যাওঁ, এনেক্ষেত্ৰত বৰষুণ দিলে অসুবিধা হৈছিল। আমি প্ৰায়ে দৈৰাদৈৰি কৰিব লাগিছিল।

চুৰাটত পঢ়ি থকা সময়ত বৰষুণ বেছি নহৈছিল, কিন্তু যেতিয়া আহিছিল তেতিয়া যঠেষ্ট enjoy কৰিছিলো। এবাৰ এজন বন্ধুৰে সৈতে বৰষুণত তিতি তিতি দুঘন্টামান ৰাস্তাই ৰাস্তাই খোজকাঢ়ি ঘুৰি ফুৰা মনত আছে।

বৰষুণত তিতি interview দিয়া অভিজ্ঞতা ও মোৰ আছে। 2005 August ৰ কথা। মোক কলিকতাৰ এটা company ত interview ত মাতিছিল। Company টো Park Street অত, সেয়েহে মই আগদিনাই আহি Assam house ত (Russel street) উঠিছিলো। পিচদিনা ৰাতিপুৱাই বৰষুণ আৰম্ভ, মই breakfast কৰি Assam house ৰ দুৱাৰ মুখত থিয় দি দেখিলো যে ৰাস্তা পানীত বুৰ গৈচে, Assam house ৰ দুৱাৰ মুখলৈ পানী। মই অলপ সময় taxi ৰ কাৰণে ৰলো, কিন্তু এখনো নাই। ইফালে interview ৰ সময় ওচৰ চাপি আহিছে। উপায় নাপাই মই পানীয়ে পানীয়ে খোজ কাঢ়িবলৈ ধৰিলো, পিন্ধনত formal dress with leather shoes, হাতত original marksheet ৰ file. ৰাস্তাত পানী বাঢ়িবলৈ ধৰিলে। প্ৰথমতে মোৰ জোতাযোৰ পানীত দুব গৈছিল, লাহে লাহে পানীয়ে আঠু চুলে। নিৰুপায় হৈ মই pant কোচাব ধৰিলো, যিমান পাৰি ওপৰলৈ। ইফালে বৰষুণত মোৰ চোলা তিতি গ'ল, ভাগ্য ভাল যে মাৰ্কচিটৰ file টো এটা plastic packet অত ভৰাই আনিছিলো। এনেদৰে বৰষুণ আৰু পানীৰ মাজেৰে জপং জপং কৈ গৈ company ওলাইছিলো, সম্পুৰ্ণ তিতা অৱস্থাৰে। কষ্ট কিন্তু এনেয়ে যোৱা নাছিল, মই interview ত selected হৈ company ত join কৰিছিলো।

পিচত বাংগালোৰত আহি প্ৰথম চাকৰিত সোমোৱাৰ সময়ত এখন activa কিনিছিলো। তাত আকৌ অফিচ যোৱা বা অহা সময়তহে বৰষুণ দিয়ে। বহুদিন traffic jam ত চাৰিওফালে 4 wheeler ৰ মাজত আবদ্ধ হৈ অসহায় অবস্থাত বৰষুণত তিতি থকা মনত আছে। পিচত এটা full raincoat লৈছিলো, বৰষুণ আহিলে ৰাস্তাৰ কাষত ৰখাই, raincoat পিন্ধি লৈ গপচত গৈ থাকিছিলো।

ইংলেন্ডৰ বতৰ সম্পূৰ্ণ unpredictable. একেটা দিনতেই বেলেগ বেলেগ ধৰণৰ বতৰ সম্ভৱ, কেতিয়াবা বৰষুণ, কেতিয়াবা ৰ'দ।
এবাৰ মই Seven Sisters নামৰ ঠাইলৈ যাওতে প্ৰচন্দ বৰষুণৰ সন্মুখীন হ'ৱ লগা হৈছিল।
মই আগদিনাই তালৈ যাবলৈ পৰিকল্পনা কৰি থৈছিলো, সেয়েহে ৰাতিপুৱাই উঠি মই যাত্ৰা আৰম্ভ কৰিছিলো। বতৰটো ৰাতিপুৱাৰ পৰাই অলপ গোমোঠা হৈ আছিল, কিন্তু ঠাইখনৰ ওচৰ পাওঁ পাওঁ হওতেই বৰষুণ আৰু বতাহ আহিব ধৰিছিল। মই Tourist information counter অত অলপ সময় ৰলো, কিন্তু বৰষুণ নকমেহে নকমে। কেইজনমানে বৰষুণৰ মাজে মাজে গৈ আছে, দেখাক দেখি ময়ো ওলাই গলো।
মোৰ লগত এটা windcheater আৰু এটা ছাটি, এই দুয়োটাৰ সাহসত মই খোজ কাঢ়ি গৈ আছো। বাছ স্টপেজৰ পৰা Seven Sisters chalk cliff পাবলৈ প্ৰায় ২.৫ কিলোমিটাৰ মান খোজ কাঢ়িব লাগে, মুকলি পথাৰ আৰু সৰু পাহাৰৰ মাজে মাজে। মই যিমানে আগবাঢ়ি গৈ আছো সিমানেই বতাহ বৰষুণ বাঢ়িবলৈ ধৰিলে। মই ছাতিটোৰে নিজকে বৰষুণৰ পৰা বচাবলৈ আপ্ৰাণ চেষ্টা চলালো। কিন্তু এটাসময়ত সিয়ো লগ এৰিলে, বতাহৰ কোবত ছাতি মোৰ হাতৰ পৰা উৰি বহুত দুৰলৈ গুচি গ'ল, মই ওভতাই আনিব নোৱাৰিলো।
মোৰ লগত কেমেৰা আৰু মোৱাইল আছে, সেইকেইতা তিতাৰ ভয়ত মই ওচৰৰে এজোপা গছৰ তলত আশ্ৰয় ললো। গছজোপা সৰু, বেছি ডাল আৰু পাত নাই, কিন্তু যি ঠাইত ডাঙৰ গছ নাথাকে তাত এড়া গছেই ডাঙৰ গছ। সেয়েহে মই গছৰ তলত ৰলো, ওপৰৰ পৰা বৰষুণৰ টোপ মোৰ গাত পৰি থাকিল যদিও কেমেৰা আৰু মোৱাইল নিতিতিল। মোৰ চোলা পেন্ট সম্পূণ তিতিল।
বৰষুণ কমালৈ ৰৈ ৰৈ আমনি লগাত লগত থকা খোৱা বস্তুৰ টোপোলা খুলিলো, Coca-Cola can আৰু লগত dry fruits আৰু apple pie. প্ৰাকৃতিক পৰিৱেশত বস্তুখিনি বেয়া নালাগিল।
কিছু সময় পিছত বৰষুণ কমি ৰ'দ ওলাল, মই গছজোপাক ধন্যৱাদ জনাই গন্তৱ্য স্থানলৈ ৰাওনা হলো। Seven sisters চক্ মাটিৰ পৰ্ৱত চাই আনন্দ লভিলো।

মোক আশ্ৰয় দিয়া গছজোপা, ইয়াৰ সকলোবোৰ গছ বতাহৰ কোবত বেকা হৈ গৈছে।

আজিকালি বৰষুণ সম্বন্ধীয় বিশেষ একো নতুন অভিজ্ঞতা নাই। বৰষুণত তিতিব ভয় লাগে pollution ৰ কাৰণে, যিকেইদাল চুলি বাচি আছে সেইকেইদাল পকি বা সৰি যোৱাৰ ভয়ত।
এতিয়া বৰষুণত গাড়ী চলাই গ'লে অনিচ্ছাকৃত ভাৱে কেতিয়াবা খোজকাঢ়ি যোৱা মানুহক পানী বা বোকা চটিয়ালে মনতো সেমেকি উঠে, কাৰণ বোকাপানী লগা মানুহ জনৰ feelings খিনি বুজিব পাৰো।

   টিপ্ টিপ্ বৰছা পানী,
   পানী মে ...
গানটো গাড়ীৰ FM radio ত বাজিব ধৰিলে, মই বাস্তৱলৈ উভতি আহিলো ।
পিচফালৰ গাড়ীবিলাকে হৰ্ন দিব ধৰিছে, চাই দেখিলো traffic jam মুকলি হ'ল। Bike বিলাক দ্ৰুতগতিত মোৰ দুফালে যাব ধৰিছে, যেন গাড়ীত খুন্দা মাৰিহে যাব।
ইয়াত মানুহৰ একমিনিট ৰ'বৰো ধৈৰ্য্য নাই।

6 comments:

  1. Fantastic Rajiv.... Beautiful feeling....same with me... love it... keep writing...

    ReplyDelete
  2. খুউব সুন্দৰ আৰু সাৱলীল তোমাৰ বৰ্ণনা ! ভাল লাগিল পঢ়ি !
    বৰ্ণালী

    ReplyDelete
  3. Nice feeling Rajiv. Same with me. Now I also like long drive while raining. Keep writing ����

    ReplyDelete