Saturday, August 10, 2019

অভ্যাস

Your beliefs become your thoughts,
Your thoughts become your words,
Your words become your actions,
Your actions become your habits,
Your habits become your values,
Your values become your destiny.

ইমান ধুনীয়া কোঠা মই আগতে দেখা নাই । পৰিপাতি বিচনা, ধুনীয়া কাঠৰ furniture. মেজত সজাই থোৱা আছে বিভিন্ন ধৰণৰ সামগ্ৰি - electric kettle, বিভিন্ন ধৰণৰ cup and saucer, spoons. Fridge খুলি দেখিলো বিভিন্ন ধৰণৰ biscuit packets, coffee powder packets, juice packets ইত্যাদি । Toilet ত bathtub, shower room. থৈ দিয়া আছে shampoo, body wash ৰ বটল, চাবোনৰ পেকেট । মই এটা shampoo বটল হাতত ললো, বেগত ভৰাই লোৱাৰ উদ্দেচ্ছৰে । অলপ আহি থমকি ৰলো, বিবেকে বাধা দিলে, বটলতো আগৰ ঠাইত থৈ আহিলো, ইচ্ছা নথকা স্বত্তেও ।

এয়া আছিল মোৰ বিদেশী হোটেলৰ প্ৰথম অভিজ্ঞতা, বহুবছৰ আগৰ । ইয়াৰ হোটেলবোৰত ইমান ধুনীয়া বস্তু ৰাখে যে বস্তুবোৰ বেগত ভৰাই ঘৰলৈ আনিব মন যায় । বহুত বস্তু বজাৰত কিনিব নাপায়, সিহতে order দি বনাই আনে ।
হয়, ইয়ে মনত পেলাই দিয়ে কিছু সময় আগতে বালীত হোৱা ভাৰতীয় পৰিয়ালটোৰ দুৰ্দশা ।
মই আজি আমাৰ ভাৰতীয় মানুহে বিদেশত কৰা কিছুমান তেনেধৰণৰ অভ্যাসবশত আচৰণৰ ওপৰত লিখিব ওলাইছো । এই ঘটনাবোৰ কাল্পনিক নহয়, মই নিজচকুৰে দেখা ।

International flight বিলাকে যাত্ৰীৰ বাবে যঠেষ্ট সা সুবিধা দিয়ে - unlimited soft and hard drinks, juices, soft blankets, headphones, sleeping eye mask etc. ইয়াত মন কৰিলে দেখা যাই যে বেচিভাগ ভাৰতীয়ই ইটোৰ পিচত সিটো drink order কৰে, বহুতে আকৈ normally drink নকৰিলেও তাত কৰে, আনকি can বেগত ভৰাই আনে । মোৰ লগত যোৱা এজনে এবাৰ কম্বল, head phone, sleeping eye mask ইত্যাদি লগত লৈ আহিছিল ।

ডুবাই এয়াৰপোৰ্ট এটা ডাঙৰ আৰু ব্যস্ত international airport. আন ঠাইলৈ যাবলৈ বহুতে ইয়াত flight change কৰে । ইয়াত বিশ্ৰাম লবলৈ বিচনা সদৃশ ডাঙৰ আৰামদায়ক চকী থাকে । আমাৰ ভাৰতীয় বহুতে চকীবিলাক ইমান বেয়াকে ব্যৱহাৰ কৰে যে তাত আৰু বহিবলৈ মন নাযায় । পঢ়িবলৈ তাত বিভিন্ন দেশৰ ধুনীয়া আলোচনী থাকে, বহুতে আলোচনী বেগত ভৰাই আনে ।

ইংলেন্ডৰ হোটেলৰ Breakfast কৰা table বিলাক বিভিন্ন ধৰণৰ ধুনীয়া jam, jelly আৰু butter ৰ বটলেৰে সজ্জিত কৰি ৰাখে । কিছু ভাৰতীয়ই তাৰ পৰা jam ৰ বটল পকেটত ভৰাই অনা মই দেখিছো।


এখন হোটেলত সজাই ঠোৱা jam আৰু jelly ৰ বটল

Hotel ৰ reception অত chocolate ঠোৱা থাকে, বহুতে মুঠা মুঠি চকলেট আনে।

লন্ডন site seeing tour ত যাওতে বাছত বহু ভাৰতীয় লগ পাইছিলো। বাছবিলাকত folding rain coat (so small it fits in shirt pocket), head phone (for listening to commentary on many different languages), pen থাকে, বহুত ভাৰতীয়ই লগাতকে বেচি বস্তু (এজনেই ৩-৪ টা raincoat) লৈ আহে ।

এই অভ্যাসবোৰে যদিও ক্ষন্তেকিয়া satisfaction দিয়ে, পিচলৈ বহুত একো পোৱা নাযায়। আমাৰ অফিছৰ এজনে এবাৰ বহুত কফি পাউদাৰৰ পেকেট আনিছিল, কিন্তু পিছত বেচিভাগ পেলাই দিছিল, expiry date পাৰ হোৱাত ।

আমি বহুত কাম অভ্যাস বশত কৰো, পিছত বহুক্ষেত্ৰত অনুসুচনাও হয় ।
কিন্তু এইধৰণৰ অভ্যাসৰ পৰা আমাৰ ক্ষতি হোৱাৰ সম্ভাবনা যঠেষ্ট বেছি, লাজত পৰিব লগাও হয় । তাৰোপৰি দেশৰ বা প্ৰদেশৰ নাম বদনাম হয় । Think before you act কথাষাৰ মনত ৰাখি চলিলে ভাল ।

11 comments:

  1. Tamam....guru..
    Kishore

    ReplyDelete
  2. val mon kari thaki likhicha . Indian r laj tu kom , seye ji mon jai take kare
    Geetika

    ReplyDelete
  3. Rajib tumi dhunia likha.
    - Karabi

    ReplyDelete
  4. Rajiv val lagil porhi. Aru dibi
    - Pranab

    ReplyDelete
  5. ৰাজীৱ তোমাৰ কথাখিনি পঢ়ি এজন ভাৰতীয় বুলি লাজ লাগিল....লগতে তোমাৰ দেশ বিদেশত হোৱা অভিজ্ঞতাৰ বিষয়ে জানি ভাল লাগিল.....এনেকুৱা অভিজ্ঞতা আকৌ লিখিবা....আমি পঢ়িম....
    - Gayatri

    ReplyDelete
  6. akdom sasa kotha
    - Rajoshree

    ReplyDelete
  7. Really bhal lagil parhi.expecting more
    - Malina

    ReplyDelete
  8. Aru likhoni akha korilu
    - Syed Habib

    ReplyDelete
  9. খুব সুন্দৰকৈ প্ৰকাশ কৰিলা । আচলতে যাৰ যি অভ্যাস সেয়া সলনি নহয় যাৰ কাৰণে আনসকলেও লাজত পৰিবলগীয়া হয় ।
    - Renuka

    ReplyDelete
  10. ৰাজীৱ... সহজ সৰল ভাষাত ইমান সুন্দৰকৈ কথাখিনি কৈছা... পঢ়ি বৰ ভাল লাগিল...
    - Deepa

    ReplyDelete
  11. Thanks everyone for reading and liking it. 👍

    ReplyDelete