Wednesday, December 9, 2020

ইংলেন্ডৰ গাওঁ: পৰিবহণ ব্যবস্থা


"Good Morning", কোনোবাই শুভেচ্ছা জনালে। মই ইফালে সিফালে চাই শেষত মানুহজনক দেখিলো; light blue চোলা, dark blue পেন্ট আৰু neck tie পিন্ধা মানুহজনে মোৰ ফালে চাই মিচিকিয়াই হাহিলে। মানুহজন মই এইমাত্ৰ উঠা বাছখনৰ চালক। খালি বাছখন মই থকা হোটেলখনৰ লগালগিকে থকা bus stop টোত ৰৈ আছে। ময়ো শুভেচ্ছা জনালো।
মই যোৱাকালি ভাৰতৰ পৰা আহি Worthing পাইছো আৰু আজি মোৰ client অৰ অফিচলৈ যাব ওলাইছো। শুনামতে মই যাবলগা ঠাইখিনি বেছি দুৰত নহয় আৰু ইয়াৰ বাছৰ service ভাল, সেয়েহে বাছেৰেই যাব ওলাইছো। কলৈ যাব লাগিব মই ইমান ভালদৰে নাজানো, সেয়েহে মই বাছৰ চালকজনক ঠিকনাটো দেখুৱালো, তেখেতে মোক ক'ত নামিব লাগিব কৈ দিলে, লগতে জনালে যে ঠাইখিনি আহিলে মোক জনাই দিব। তেখেতে আনকি মই ইয়াত কিমান দিন অহাযোৱা কৰিম শুধি লৈ সেই হিচাবত কম খৰছ হোৱাকে সপ্তাহিক টিকত লোৱা পৰামৰ্শও দিলে।
এয়া আছিল মোৰ এই ঠাইখনৰ প্ৰথম বাছৰ অভিজ্ঞতা।


বাছ চালক এজন

মই বৰ্তমান ইয়াত থকা কিছু মাহ হ'ল।
মোৰ client অৰ অফিচলৈ যাবলৈ মই সদায় বাছ ব্যৱহাৰ কৰো। ইয়াৰ বাছ service যথেষ্ট ভাল, বাছবিলাক সময়মতে চলে। প্ৰতিটো বাছ stop অটে বাছ কিমান সময়ত আহিব লিখা থাকে আৰু বাছবিলাক সেই সময় মতে আহে। বাছবিলাক বহিবলৈ সুবিধাজনক আৰু পৰিস্কাৰ পৰিপাটী। বাছত AC নাথাকে, heater থাকে যি ঠান্ডাদিনত ব্যবহাৰ হয়। বাছত কন্ডাক্টাৰ নাথাকে, মানুহে বাছত উঠিয়েই চালকজনৰ পৰা টিকট লয়। বাছৰ ভিতৰত Electronic display board অত আহিব লগিয়া বাছ স্টপেজৰ নাম দেখুওৱা হয়। নিজৰ স্টপেজটো অহাৰ আগে আগে মানুহে বাছত থকা switch টিপি চালকক সংকেত দিয়ে, সেইমতে চালকে বাছ ৰখাই দিয়ে।
বাছৰ চালক বিলাক সাধাৰণতে ভদ্ৰ। Double decker বাছ ও যথেষ্ট চলে।


The red buttons marked "STOP" are for stopping a bus

মই সাধাৰণতে "South 7-day megarider Gold" সাপ্তাহিক ticket লও, এইটোৰে মই এসপ্তাহ সম্পূৰ্ণ south England যিমান ইচ্ছা সিমান ফূৰিব পাৰো।
বাছ স্টপেজত বাছ ৰখোৱাৰ বাবে ঠাই চিন্হিত কৰা থাকে, বাছ তাতহে ৰখায়। সাধাৰণতে বাছ স্টপেজবোৰত ধুনীয়া ফুলৰ গছ ৰোৱা থাকে।

বাছ স্টপৰ ধুনীয়া ফুল। গ্লাছৰ কোঠাবোৰে বতাহ, বৰষুণ, ঠান্ডাত মানুহক যথেষ্ট সহায় কৰে

বাছৰ বাহিৰে ইয়াত যাতায়াতৰ বাবে taxi কৰিব পাৰি। ইয়াত taxi হিচাবে যথেষ্ট ভাল ভাল গাড়ী চলে, BMW, Audi, Rolls-Royce আদি, ভাৰাও আন গাড়ীৰ তুলনাত অলপমানহে বেছি। ইয়াৰ taxi ত বহিলে পিচৰ চিটত বহা মানুহেও seat belt লগাব লাগে।
ঠাইখনত তেনেকুৱা taxi stand বুলিবলৈ একো নাই, ৰেল ষ্টেস্টনৰ সমুখত এটা আছে যদিও তাত কেতিয়াবাহে taxi থাকে, অৱশ্যে ফোন কৰিলে আহি ওলায়। মই Airport অহা যোৱাৰ বাবেহে taxi ব্যবহাৰ কৰিছো।


Taxi

ইয়াত ৰিক্সা বা অটো ধৰণৰ একো বাহন নচলে। মানুহে চাইকেল ও বহুত ব্যবহাৰ কৰে, gear থকা চাইকেল বেছি প্ৰচলিত। চাইকেল ভাড়াত ও ল'ব পাৰি। সিহ্তে চাইকেলক bike বুলি কয়।

চাইকেল চলাই গৈ আছে এটা পৰিয়াল

তাত স্কুটাৰ বেচি চলা নেদেখিলো। মানুহে motorcycle হে পচন্দ কৰে, তাকো বহুত powerful. Motorcycle ইমান speed ত চলাই যে গাডি বিলাক বহু পিচ পৰি ৰয়।

ইয়াৰ ট্ৰেইন বিলাকো ভাল, সময়মতে চলে। ট্ৰেইন ষ্টেস্টন বিলাক যথেষ্ট চফা। ইয়াৰ সকলোবোৰ ট্ৰেইনেই electric অত চলা, rail track অত electric থাকে, হয়তো সেইকাৰনে মই কোনো মানুহকে rail track পাৰ হৈ অহা যোৱা কৰা দেখা নাই।

ট্ৰেইনৰ overhead electric line নাই

এইবাৰলৈ ইয়াতেই এৰিছো, আগলৈ মই ঠাইখনৰ আন ভাল লগা বিষয়ৰ ওপৰত লিখিম।

No comments:

Post a Comment