Sunday, December 6, 2020

ইংলেন্ডৰ গাওঁ: সাগৰৰ পাৰ


আকাশত পূৰ্ণ চন্দ্ৰ, সাগৰত তাৰ প্ৰতিচ্ছবি, চাই চাই মই অভিভূত হৈ পৰিছো। বহুত যুগ চন্দ্ৰটো ইমান ভালদৰে চোৱা নাই।


In Worthing pier on a full moon night

মই এয়া Worthing Pier অত বহি আছো। Pier টো হ'ল ১০০ মিটাৰ দীঘল, সাগৰৰ মাজলৈ সোমাই যোৱা কাঠৰ structure এটা। ৰাতি ১০টা বাজিছে, ওচৰে পাজৰে কোনো নাই, পূৰ্ণ গতিত বৈ থকা বতাহৰ শব্দ কাণত পৰিছে। সাগৰৰ ধৌবোৰে pier অত খুন্দা মাৰি মৃদু কম্পনৰ সৃষ্টি কৰিছে। মই মন্ত্ৰমুগ্ধ হৈ পৰিবেশটোত দুব গৈ আছো।

Worthing pier in the background

Hello sir, it's closing time. কোনোবাই মতাত ওভতি চাই দেখিলো যে pier guard জন। ৰাতি ১১ টা বাজি যোৱা বাবে pier ৰ দুৱাৰত তলা লগাই থব আহিছে, মই হোটেললৈ ওভতিলো।


In Worthing beach
Worthing হ'ল এখন সাগৰৰ পাৰৰ ঠাই, ইয়াৰ beach বিলাক যথেষ্ট পৰিস্কাৰ। সাগৰীয় উদ্ভিদৰ বাহিৰে একো বেলেগ বস্তু beach অত দেখিব পোৱা নাযায়। প্ৰায় প্ৰতিদিন মানুহে বিভিন্ন সজুলিৰে সাগৰৰ পাৰ চফা কৰা দেখা যায়।
সাগৰৰ পাৰত পুলিচে ৩ চকীয়া বাহনেৰে patrolling কৰা দেখা যায়।


The beach huts
সাগৰৰ পাৰত সৰু সৰু beach house থাকে। মানুহে এইবোৰ ভাৰাত ল'ব পাৰে, ভাৰা ঠাইবিশেষে ভিন্ন ভিন্ন, ১০০০ পাউন্ড পৰ্য্যন্ত হ'ব পাৰে। মানুহে তালৈ শনি আৰু ৰবিবাৰে আহে, নানা ধৰণৰ কাৰ্য্য কৰি পৰিয়ালৰ লগত সময় কটায়, barbeque বনাই খায়।

A beach hut


A memorial bench
সাগৰৰ পাৰৰ ওচৰত (আনকি পাৰ্ক বা আন ৰাজহুৱা ঠাইটো) দীঘল কাঠৰ চকী পৰা থাকে, এইবোৰ মানুহে নিজৰ আত্মীয় স্ৱজনৰ স্মৃতিত দান কৰে। ধুকোৱা মানুহজনৰ জন্ম বা মৃত্যু দিনত পৰিয়ালে এই চকিবোৰ ফুলেৰে ধুনীয়াকৈ সজাই ৰাখে।
এই চকিবিলাক কিনা আৰু সংৰক্ষণ কৰিবলৈ ভালেখিনি পইচাৰ প্ৰয়োজন হয়, প্ৰতিবছৰে প্ৰায় ১০০০ পাউন্ড মান লাগে।

এইবাৰলৈ ইয়াতেই এৰিছো, আগলৈ মই ঠাইখনৰ আন ভাল লগা বিষয়ৰ ওপৰত লিখিম।

No comments:

Post a Comment