Sunday, December 6, 2020

ইংলেন্ডৰ গাওঁৰ ঘৰ



মই Worthing অত থকা এতিয়া কিছু সময় হ'ল, ইয়াৰ ঘৰবিলাকে মোক যথেষ্ট আকৰ্ষিত কৰে, সেয়েহে আজি ইয়াৰ ঘৰৰ ওপৰত লিখিব ওলাইছো।

ইয়াৰ বেছিভাগ ঘৰেই independent single ঘৰ, কিন্তু লাহে লাহে ইয়াতো apartment আৰম্ভ হৈছে যদিও যথেষ্ট কম সংখ্যক।
ইয়াৰ প্ৰায়বিলাক ঘৰেই ৰঙা ইটাৰে তৈয়াৰি কৰা, বেছিভাগ ঘৰৰে ইটা বা কাঠৰ half boundary wall থাকে, কিন্তু gate নাথাকে, হয়তো ৰাস্তাত ঘূৰি ফুৰা কুকুৰ বা আন জন্তু নাই বাবে। মই তাত থকা সময় খিনিত কেতিয়াও এটাও ৰাস্তাত ঘূৰি ফুৰা কুকুৰ বা আন জন্তু নেদেখিলো।


A house with half boundary wall, no gate

আমাৰ ভাৰতত half boundary wall থকা আৰু gate নথকা ঘৰ এটাৰ অবষ্থা চিন্তা কৰিব পাৰিনে?

ইয়াৰ মানুহে ফুল, গছ আদি যথেষ্ট ভাল পায়। প্ৰতি ঘৰৰে সমূখত গছ আৰু ফুলেৰে ভৰি থকা বাগিছা আছে।


Houses are nicely decorated with flowers and trees

আনকি apartment বিলাকৰো ধুনীয়া ফুলনি আছে।

An apartment with a beautiful garden

বহুত সংখ্যক ঘৰৰ বাগিছাত ধুনীয়া ফোঁৱাৰা, সৰু পুখুৰী, ধুনীয়া পুতলা আদিৰে সজোৱা থাকে।

ঘৰৰ পিচফালতো যথেষ্ট গছ গছনি থাকে। বহুতে তাতেই চকি মেজ পাৰি ৰাখে আৰু ৰাতিপুৱা বা সন্ধিয়াৰ চাহ পৰিয়ালৰ লগত বহি একেলগে খায়।


The backyard of a house

যিহেতু এইখন সাগৰৰ পাৰৰ ঠাই, বহুত সংখ্যক ঘৰ সাগৰৰ নিচেই ওচৰত।


Houses in Little Hamptom are just next to sea

ঘৰবিলাকত কাঠৰ আচবাবপত্ৰৰ ব্যৱহাৰ বেছি। কিছুমান পুৰনি ঘৰত কাঠৰ flooring, staircases, railings আদিও দেখিবলৈ পোৱা যায়।

মই ইয়াত ভালপোৱা কিছুমান ঘৰ হ'ল এনেধৰণৰ :


A typical English house with garden



This beautiful house has a lot of flowers and trees



Another beautiful house with lots of open spaces and flowers and trees

আশা ৰাখিছো মোৰো কেতিয়াবা এনেকুৱা ঘৰ হ'ব। নে বহুত বেছি ভাবিলো ?
আমি প্ৰত্যেকে সদাই ভাল আশা কৰিব লাগে আৰু তাৰ বাবে কাম কৰি যাব লাগে। কেতিয়াবা নহয় কেতিয়াবা তাৰ বহুত খিনি অংশ পূৰণ হ'ব।

এইবাৰলৈ ইয়াতেই এৰিছো, আগলৈ মই ঠাইখনৰ ৰাস্তা, মানুহৰ driving habits, traffic, গাড়ীৰ ওপৰত লিখিম।

No comments:

Post a Comment