Wednesday, November 25, 2020

সংকটজনক খেল - অন্তৰগংগা


মই কিছু বছৰ আগৰ, অন্তৰগংগা নামৰ ঠাইত হোৱা মোৰ Adventure sports ৰ অভিজ্ঞতাৰ ওপৰত লিখিব ওলাইছো।
আনবছৰৰ দৰে এইবাৰো অফিচৰ পৰা outing যোৱাৰ সিদ্ধান্ত কৰিলে। কলৈ যোৱা হ'ব তাক ঠিক কৰিবলৈ সকলোৰে মতামত লোৱা হ'ল। আমি ইতিমধ্যে বহুত trekking কৰিলো, আকৈ যাবলৈ কাৰো মন নাই। অলপ বিচাৰ খোচাৰ কৰি সকলোৱে adventure sports কৰিবলৈ মন কৰিলে, ইয়াত parasailing, rock climbing, cave exploration থাকিব।

নিৰ্দিষ্ট দিনত আমি অন্তৰগংগা (কোলাৰত, বাংগালোৰৰ পৰা ৭০ কিমি) নামৰ ঠাই এখনলৈ ওলালো।
প্ৰথমতে parasailing আৰম্ভ হ'ল। এজন এজনকৈ মানুহে কৰিব লাগে। মানুহজনৰ গাত পেৰাচুট্ পিন্ধাই দিয়া হয়, কঁকালত দীঘল ৰছী বান্ধি দিয়ে, ৰছীৰ আনমূৰতো এখন গাড়ীৰ পিচফালে বান্ধি দিয়ে। গাড়ীখন লাহে লাহে চলাই দিয়ে, মানুহজন তাৰ লগে লগে খোজকাঢ়ি গৈ থাকে, অলপ পিচত বতাহত পেৰাচুট্ খোল খাই যাই আৰু মানুহজন ওপৰলৈ উঠি যায়, গাড়ীখন অলপ speed অত চলাই নিয়ে যাতে মানুহজন বহুত ওপৰলৈ উঠি যাব পাৰে।

এজন এজনকৈ গৈ কৰি আহিল। মোৰ আগৰজনৰ পাল পৰিল, তেতিয়া আকৈ বেচি বতাহ নাই, পেৰাচুট্ নোখোলেহে নোখোলে। ৰছী বান্ধি গাড়ীৰ পিচে পিচে গৈ থাকোতে মানুহজন উজতি খাই পৰিল আৰু গাড়ীয়ে চোঁচৰাই কিছু দুৰ টানি নিলে, বেচেৰাৰ হাত ভৰিৰ ছাল চিগি গ'ল।

মোৰ পাল পৰাত মই গলো, মনে মনে অলপ ভয় লাগিল, গাড়ীয়ে চোঁচৰাই নিনিয়েতো ? তথাপি বাহিৰত প্ৰকাশ নকৰিলো, confidence দেখুৱাই গলো, dress পিন্ধি সাজু হ'লো ।


মই সাজু হৈছো, মনত অলপ আশংকা ।

যি কি নহওক, অলপ গাড়ীৰ পিচে পিচে দৌৰাৰ পিচত মই বিশেষ একো অসুবিধা নোহোৱাকে বতাহত বহু ওপৰলৈ উঠিলো।

লাহে লাহে ওপৰলৈ উঠিব ধৰিছো।

পিচে উপৰত উঠাৰ পিচত বহুত ভয় লাগে, পেৰাচুট্ টো কান্ধত আৰু কঁকালত ফিটাৰে লগোৱা থাকে, ওপৰত উঠি যোৱাৰ পিচত বতাহত ভৰিদুখন বহুত লৰিব ধৰে। এনেকুৱা লাগে যেন এইমাত্ৰ ওলটি পেৰাচুট্ ৰ পৰা সৰকি পৰিম। মই যিমান পাৰো সিমান লৰচৰ নকৰাকে থাকিলো। ওপৰৰ পৰা তলৰ দৃশ্য চাই ভাল লাগিল, গাড়ীখন পৰুৱাৰ দৰে দেখি, মানুহবোৰ ভালদৰে ধৰিব নোৱাৰিলো যদিও সিহতৰ চিঞৰ বাখৰ কাণত পৰিল।। অলপ সময়ৰ পিচত তললৈ নামি অহাৰ পিচতহে সকাহ পালো।

এয়া মই আকাশত উৰিলো।

Rock climbing অত এটা ডাঙৰ ওখ শিলৰ ওপৰৰ পৰা তললৈ নামি আহিব লাগে, কঁকালত ৰছী লগোৱা থাকে যাতে পিছলি গলেও তলত বাগৰি নপৰে। মোৰ এইটো কৰোতেহে বহুত ভয় লাগিল, হাত ভৰি কঁপিব ধৰিলে। যি কি নহওক কিবাকে চুচৰি বাগৰি নামি আহিহে যেন শান্তি পালো।


দেখাত সহজ যেন লাগিলেও কিন্তু ভয় লাগে।

Cave exploration আটাইকে সহজ, বিশেষ বেছি কষ্ট নাই, মাত্ৰ আৰম্ভণিতে অলপ পাহাৰ বগাব লাগে। গুহাত সোমোৱা ঠাইখিনি ঠেক, অলপ কষ্ট হয়।


গুহাৰ প্ৰবেশদ্বাৰ ঠেক।

তেনেদৰে গুহাৰ পৰা ওলাওতেওঁ অলপ অসুবিধা।

অৱশেষত পাহাৰৰ মাজে মাজে trekking কৰি গৈ অন্তৰগংগা মন্দিৰ পালোগৈ।


অন্তৰগংগা মন্দিৰ

এনেদৰে এটা ভাল লগা দিনৰ পৰিসমাপ্তি ঘটিল।

No comments:

Post a Comment