Saturday, November 7, 2020

অৱসৰ: আৰ্থিক দিশ


ৰাতিপুৱা শুই উঠি আইনাত নিজকে চালো - কঁপালত wrinkle, চুলিও পকিল; আৰু কেইবছৰমান পিছত চাকৰিৰ পৰা অৱসৰ (retire) হ'বৰ হ'ল। অৱসৰৰ কথা ভাবি মনত কিবা কিবি চিন্তা আহিল। অৱসৰৰ পিচত, সাচি থোৱা ধনেৰে বাকিথকা জীৱনৰ দিনবোৰ ভালদৰে কটাব পাৰিমনে ?

আমাৰ আগৰ প্ৰজন্ম বিলাকত অৱসৰক লৈ বিশেষ চিন্তা কৰা দেখা নাছিলো, হয়তো তাৰ কাৰণ আছিল
১) বেছিভাগ চাকৰিতে pension ৰ ব্যৱস্থা আছিল
২) অৱসৰৰ পিচত নিজৰ ল'ৰাৰ লগত থাকি চলিব পৰাৰ আশা আছিল (সেইকাৰণেই হয়তো মানুহে ল'ৰা হোৱাৰ ওপৰত ইমান গুৰুত্ত দিছিল)।
কিন্ত আজিকালি তেনে হয়তো নহয়। বেচি সংখ্যক চাকৰিতে pension ৰ ব্যৱস্থা নাই। বহুত কাৰণত মানুহে অৱসৰৰ পিচত নিজৰ ল'ৰা ছোৱালীৰ লগত থাকিব নোখোজে বা নোৱাৰে। গতিকে অৱসৰৰ পিচত চলিব পৰাকে ধন গোটাই ৰাখিলে বহুত সহায়ক হয়, অলপ কম চিন্তা মুক্ত জীৱন কটোৱাৰ আশা কৰিব পাৰি ।

আমি সকলোৱে জানো যে ভবিষ্যতৰ বাবে আমি ধন সাচিব লাগে, কিন্তু কিমান ? কিমান ধন হ'লে আমাৰ অৱসৰৰ পিচৰ সময়খিনিৰ ভালদৰে চলি যাব? ইয়াৰ ধাৰণা কৰা অলপ অসুবিধা।

মই মোৰ নিজৰ কাৰণে জানিবলৈ ইফালে সিফালে অলপ কিবা এটা চেষ্টা কৰিছিলো, তাকেই ইয়াত উল্লেখ কৰিছো।

অৱসৰৰ পিচত আৱশ্যক হবলগা ধনৰ পৰিমান জানিবলৈ প্ৰথমতে আমাৰ বৰ্তমান সময়ৰ মাহিলি খৰচ জানিব লাগিব। আমাক বৰ্তমান এমাহত কিমান ধনৰ প্ৰয়োজন হয়, সকলো ধৰণৰ খৰচ মিলাই (grocery, gas, electric bill, vehicle petrol expense, phone and internet bill, medicine, soap, powder, cosmetics, eating out, transportation, clothing, entertainment etc), তাক লিখক। তাক ১২ ৰে পূৰণ কৰি তাৰ লগত বছৰত হ'ব লগা আন খৰচবোৰ (যেনে vehicle insurance, servicing cost, children school fees, yearly health check up, property tax, yearly home maintenance, কৰবাত ফুৰিব যোৱা আদি) যোগ কৰক। আমি এবছৰত হ'ব লগা খৰচৰ এটা মোটামোটি অনুমান পালো।

বিভিন্ন তথ্যৰ পৰা জানিব পৰা গৈছে যে অৱসৰৰ পিচত মানুহ মোটামোটি আৰু ২৫ বছৰমান জীয়াই থাকে (assumed average life expectancy is 85 years)। গতিকে, এই বছৰেকীয়া খৰছখিনিক ২৫ ৰে পূৰণ কৰিলেই আমাৰ অৱসৰৰ পিছত লগা ধনৰ পৰিমান জানিম, অৱশ্যে আমি মুদ্রাস্ফীতি (inflation) মনত ৰাখিব লাগিব।

উদাহৰণ হিচাবে, এজন মানুহৰ বৰ্তমান বয়স ৫০ বছৰ, তেখেত ৬০ বছৰত অৱসৰ ল'ব, তেখেতৰ অৱসৰৰ পিচত আৱশ্যক হ'ব হবলগা ধনৰ পৰিমান গনণা কৰিম।

মাহিলি খৰচ১৫,০০০
বছৰত হ'ব লগা আন খৰচ২০,০০০
বছৰেকীয়া খৰচ(১৫,০০০ x ১২) + ২০,০০০ = ২,০০,০০০
মুদ্রাস্ফীতি ধৰি মুঠ বছৰেকীয়া খৰচ
(মুদ্রাস্ফীতি ৬%, ১০ বছৰৰ বাবে)
৩,৫৮,১৭০
অৱসৰৰ পিচত আৱশ্যক হ'ব লগা ধনৰ পৰিমান৩,৫৮,১৭০ x ২৫
=৮৯,৫৪,২৩৮

৮৯,৫৪,২৩৮ টকা ??? সচাকে কি ইমান ধনৰ প্ৰয়োজন হ'ব ?
ইয়াৰ উত্তৰ এতিয়াই ঠিক দিব নোৱাৰি, বহুত কাৰণৰ ওপৰত নিৰ্ভৰ কৰিব; দেশৰ অৰ্থনীতি, মুদ্রাস্ফীতি, আমাৰ আয়ুস আদি।
হয়তো আমাৰ জীৱনৰ শেষ মূহু্ৰ্তত আমি ইয়াৰ সথিক উত্তৰ দিব পাৰিম।
কিন্তু যি নহওক, এইটো খাটাং যে যথেষ্ট ধনৰ প্ৰয়োজন হ'ব।

এনেদৰে অৱসৰৰ পিচত আৱশ্যক হ'ব লগা ধনৰ পৰিমান এটা পোৱাৰ পিচত, আমি ধন সঞ্চয় কৰাৰ পৰিকল্পনা কৰিব লাগে।
ইয়াৰ ওপৰত মোৰ অলপ অভিজ্ঞতা আছে, সেই বিষয়ে আন কেতিয়াবা লিখিম।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

No comments:

Post a Comment