Monday, October 5, 2020

কটনত দুবছৰ


ক্লাচত সোমাই অহা ল'ৰাকেইজন দেখি হাঁহি উঠিল - মূৰত সৰু সৰু চুলি, কপালত ৰঙা সেন্দুৰেৰে কিবা লিখা আছে। ল'ৰাকেইজন ওচৰ চপাত দেখিলো মূৰত RKB লিখা আছে। মনে মনে হাঁহিলো, কাৰণ RKB (ৰজনীকান্ত বৰদলৈ / Cosmo) হোষ্টেলত ময়ো admission লৈছো, যদিও এতিয়ালৈ হোষ্টেল অহা নাই।

মই মালিগাওঁ ৰেলৱে হাইস্কুলৰ পৰা পাচ কৰি আহি HS science stream অত day shift অত নাম ভৰ্তি কৰিছো, লগতে ৰজনীকান্ত বৰদলৈ হোষ্টেলত থাকিবলৈ সিদ্ধান্ত কৰিছো। হোষ্টেলত admission লৈ আহিছো কিন্তু এমাহমান পিচত তালৈ যাম, তেতিয়ালৈ মামাৰ কামাখ্যা গেটৰ ঘৰৰ পৰাই অহা যোৱা কৰিম। হোষ্টেলৰ warden নাৰায়ন শৰ্মা চাৰ, তেখেতক লগ কৰি ইতিমধ্যে কথা পাতি থোৱা আছিল।


মোৰ Identity card
প্ৰথম এমাহ ধুনীয়াকৈ গ'ল - ক্লাচ আৰু ঘৰ। মই ইতিমধ্যে মোৰ ক্লাচত থকা হোষ্টেলৰ লৰাকেইজনৰ লগত চিনাকি হৈ হোষ্টেলৰ বিষয়ে খবৰ ললো। এইদৰে প্ৰায় এমাহমান ক্লাচ কৰাৰ পিচত হোষ্টেললৈ shift কৰিলো।


ৰজনীকান্ত বৰদলৈ হোষ্টেলৰ মই থকা block টো
হোষ্টেলত যোৱাৰ দিনৰ পৰাই ৰেগিং অৰ সন্মুখিন হ'ব লগা হ'ল। সদায় বেলেগ বেলেগ ধৰণৰ - প্ৰথম দিনা dining hall অত বেন্সত থিয় দি চিঞৰি নিজৰ পৰিচয় দিয়া, সদায় ভাত খোৱাৰ পিচত new block অত গৈ ৰেগিং খোৱা, মাটিত সাঁতোৰা, senior অৰ নাম ক'ব লগা, LP দিক্ষা ইত্যাদি। সদায় ক্লাচৰ পিচত হাতত এখন বহি লৈ হোষ্টেলৰ ৰুমে ৰুমে গৈ senior অৰ লগত চিনাকি হোৱাৰ পৰ্ব আছিল, বহিত senior অৰ নাম আৰু ঠিকনা লিখো। বহি খুলি মাজে মাজে senior অৰ নাম মুখস্ত কৰো, নহলে ৰাতি নাম ক'ব নোৱাৰিলে অসুবিধা।
মাজে মাজে new comer অৰ বাবে কিবা কিবি প্ৰতিযোগিতা হৈ থাকে, যেনে কবিতা লিখা, গল্প লিখা, ভেকচন প্ৰতিযোগিতা আদি। মোৰ ভেকচন প্ৰতিযোগিতাত মদাহী হোৱা মনত আছে।
আমি fresher বোৰে rotation হিচাবত mess অৰ খোৱা বস্তুৰ marketing কৰিব লাগে। মই বিশেষ একো নকৰো, মাত্ৰ ঠাকুৰৰ লগত গৈ থাকো, তেখেতে বস্তু লৈ মোক কয় ইমান টকা দিয়া - মই দি দিওঁ। ৰাতি ভাত খাওতে এটা মাছ বা মাংসৰ বাটি extra পাই। কেতিয়াবা মাত্ৰ খোৱা বেয়া হ'লে senior ৰৰ দম খাব লাগে। এইখিনিতে এজন senior অক জোকোৱা নামতো মনত আহিছে, তেখেতক "পাৰ কলিতা" বুলিছিল, কিজানি তেখেতে mess secretary হৈ থাকোতে পাৰ খুৱাইছিল।
এনেদৰে ৰেগিং অৰ দিনবোৰ লাহে লাহে গ'ল আৰু আমাক welcome party দিলে।
বচ্ আৰু কোনে পায় !

হোষ্টেলৰ মই থকা block টোৰ corridor অত, ২০১০ অক্টোবৰত হোষ্টেলৰ ১০০ বছৰ উদ্যাপণৰ সময়ত উঠা ফটো, মোৰ লগত বদন মহন্ত আৰু কেইজনমান senior

এইকেইদিনতে আমাৰ লগৰ হোষ্টেলৰ আটাই খিনিৰে লগত ভাল বন্ধুত্ত গঢ়ি উঠিল - বিজিত নাৰায়ণ দেৱ চৌধুৰী, বিচিত্ৰ, বদন মহন্ত, চিৰন্জীৱ, সন্জীৱ কলিতা, ৰাজেন কলিতা, ধৰ্মেন্দ্ৰ, দিলীপ গোস্ৱামী, যগ্যেশ্বৰ, ৰন্জিত, ধ্ৰুৱ আদি। আৰু কিছু নাম মনলৈ অহা নাই। আমাৰ হোষ্টেলত নথকা আন বহুতৰ লগতো চিনাকি হ'ল - হৰেকৃষ্ণ, শান্তনু আদি।


ৰাজেন কলিতাৰ লগত, ননৈত পিকনিক খাব যাওতে
বহুকেইজন ভাল senior ও লগ পালো - বিভূ দা, ভাৰ্গৱ দা, বিশ্বনাথ লহকৰ দা, ৰাজীৱ ভূষণ কোৱঁৰ দা, প্ৰশান্ত মহন্ত দা, নৃপেণ দা, বাবুল দা, মহাদেৱ পাটগিৰি দা, ননী গোপাল মহন্ত দা, অতুল দা। ইয়াতো কিছু নাম পাহৰিছো। বিশ্বনাথ লহকৰ দা আৰু ৰাজীৱ ভূষণ কোৱঁৰ দা দুবছৰ মোৰ ৰুমমেট আছিল।

বিশ্বনাথ লহকৰ দাৰ লগত, ২০১০ অক্টোবৰত হোষ্টেলৰ ১০০ বছৰ উদ্যাপণৰ সময়ত উঠা ফটো

কটনৰ আৰু হোষ্টেলৰ বহুত স্মৃতি মনত এতিয়াও সজীৱ হৈ আছে।
বিজিত, চিৰন্জীৱ হঁতৰ লগত একেলগে বহুত দিন চিনেমা চোৱা, এবাৰ এটা হ'লতে একেলগে দুটা show continuously চোৱা, Tarzan চিনেমা ৰাতি show চাব যোৱা, ৰাতি হোষ্টেলৰ গেট পাৰ হৈ মনে মনে warden এ নেদেখাকে অহাৰ প্ৰথম experience, লতাশিলত বহাগী বিদায় চাব গৈ প্ৰথম শাৰীত বহি একেবাৰে শেষ কৰি ৰাতিপুৱালৈ চোৱা , ধৰ্মেন্দ্ৰৰ লগত gym অত যোৱা, জৰ্জ খেলপথাৰত গ্ৰন্থ মেলাৰ লগতে আন কিবা কিবি মেলাত যোৱা, হোষ্টেল বিলাকৰ মাজত হোৱা ভলিবল প্রতিযোগিতা চাব যোৱা, বিশ্ব দাৰ লগত তেখেতৰ ঘৰত যোৱা, প্ৰশান্ত দাৰ নেতৃত্বত কলেজ march past অত ভাগ লৈ পুৰস্কাৰ পোৱা, NCC (navy) firing camp অত গৈ কান্ধত দূষ পোৱা আদি এতিয়াও মনত পৰে।


বিজিত নাৰায়ণ দেৱ চৌধুৰী। আমি কিবা চিনেমা চাব যাব ওলাওতে উঠা ফটো (২৬ মাৰ্চ ১৯৮৮), বিজিতৰ পিচফালে দূৰত মই আৰু চিৰন্জীৱ।

পিচত 2nd year পালো আৰু পঢ়াশুনাত অলপ serious হ'লো।
মহাৰাণা ক্লাবত tuition ললো, তাত স্কুলৰ বন্ধু কিশোৰক লগ পালো।
তেতিয়া মোৰ দৈনিক routine এনেধৰণৰ - ৰাতিপুৱা উঠি অলপ পঢ়ি, কিবা খাই কলেজ যাওঁ (কলেজত ক্লাচ কৰোতে বহুত দৌৰাদৌৰি কৰিব লাগে, english ক্লাচ কৰি উঠি physics ক্লাচলৈ দৌৰিব লাগে, তাৰপৰা আকৈ biology ক্লাচত আহিব লাগে - science stream অৰ বন্ধুসকলে জানে), কলেজৰ পৰা আহি কিবা খাই আৰু tuition অৰ কাৰণে বেগাবেগিকে যাওঁ।


হোষ্টেলৰ মই থকা room টো, ২০১০ অক্টোবৰত হোষ্টেলৰ ১০০ বছৰ উদ্যাপণৰ সময়ত উঠা ফটো।

কলেজৰ কেইজনমান চাৰৰ কথা ভালদৰে মনত আছে।
দিলীপ শৰ্মা চাৰে physics, Saitendra Chowdhury চাৰে chemistry, Biswajit Bhagawati চাৰে maths, Sitanath Lahkar চাৰে maths, K D Krori চাৰে physics পঢ়োৱা মনত আছে।
Physics অত Light পঢ়োৱা চাৰৰ কথাওঁ মনত আছে, আমি একো শুনি নাপাইছিলো, সেয়েহে gallery ৰ পিচফালৰ দুৱাৰেদি পলাইছিলো।

এনেদৰে দুটা বছৰ হাঁহি ধেমালিৰ মাজেৰে কেনেকে পাৰ হৈ গ'ল একো গমকে নাপালো।
Final exam আহিল, আমি পৰীক্ষা দি উঠি এটা সময়ত হোষ্টেল এৰি নিজৰ নিজৰ ঘৰমুৱা হ'বলৈ ধৰিলো।
হোষ্টেল এৰাৰ দিনটো আজিও ভালদৰে মনত আছে।
মই ৰিক্সা মাতি আনি বিশ্বদাক মাত লগাৱ গলো। তেখেত মোৰ ৰুমমেট আছিল, মোৰ local guardian অৰ নিচিনা, মই কৰবাত গ'লে সদায় তেখেতক কৈ গৈছিলো।
তেখেত বহুত sentimental হৈ গ'ল, মোৰ হাতত ধৰি কান্দিব ধৰিলে। মই একো কথা কব পৰা নাই (মই এনেয়েও কম কথা কঁও, তাতে এনে অবস্থাত কি ক'ম একো বুজি নাপালো), দিঙিত যেন কিবাই সোপা মাৰি ধৰিছে।
কিছু সময় পিছত মই ৰিক্সাত উঠি গুচি আহিলো, বিশ্বদা আৰু আনকেইজনমানে হাত জোকাৰি বিদাই দিলে। মোৰ চকুৰে একেৰাহে পানী ব'ব ধৰিলে, উভতি চাবৰ সাহস ন'হল, মাত্ৰ আগলৈ চাই গৈ থাকিলো ...

এনেদৰে জীৱনৰ দুটা সোণালী বছৰৰ স্মৃতি মন্থণ কৰি মনটো সতেজ হৈ উঠে।

6 comments:

  1. Vivid description. Relivedyour experiences. Hope you write about the SVR experience too.

    ReplyDelete
    Replies
    1. Thanks Kaushik for reading and liking it. I will write about SVR experience soon.

      Delete
  2. ৰাজীৱ, কিবা কিবি খুচৰি থাকোঁতে তোমাৰ লিখনিটোত চকু পৰিল৷ সুন্দৰ বৰ্ণনা আমাৰ সোণালী অতীতৰ!মই এটি অণুগল্পৰ আকাৰত আমাৰ দিনবোৰৰ এটা দিশ লিখিছিলোঁঁ৷ তুমি বহু কথা মনত পেলাই দিলা!লগ পাম কেতিয়াবা...
    ✍️ গৌতম মালাকাৰ

    ReplyDelete
    Replies
    1. ভাল লাগিল গৌতম, কেতিয়াবা লগ হ'ম।

      Delete
  3. পঢ়ি বৰ ভাল লাগিল গান্ধী

    ReplyDelete