Wednesday, December 16, 2020

ভ্ৰমণ: Arundel


দক্ষিণ ইংলেন্ডৰ Worthing ৰ ওচৰত, অৰুন নদীৰ পাৰত অৱস্থিত এখন সৰু ঠাই, ইয়াত থকা ৰাজ অট্টালিকাৰ কাৰণে বিখ্যাত।


ৰাজ অট্টালিকা

ৰাজ অট্টালিকা চাব ভাল লাগে, ৰজা ৰাণীৰ কোঠাবোৰ, সিহতৰ বাগিছা আদি চালে চকুৰোৱা।

ৰাজ অট্টালিকাৰ ভিতৰৰ কোঠা

ৰাজ অট্টালিকাৰ বাগিছাবোৰ মোটামোটি ৪০ একৰ্ জোখৰ, নানা ধৰণৰ ফুল আৰু গছ দেখা যায় ।

Tulip garden

ঠাই খনত এটা ডাঙৰ গীৰ্জাঘৰ আছে।

Arundel Cathedrel ত English বিয়া দেখিলো ।

সপ্তাহৰ কোনো এটা দিনত, আমাৰ গাঙঁৰ নিচিনা, সাপ্তাহিক বজাৰ বহে, য'ত খেতিয়কে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰি কৰে, সিহতে তাক farmer's market বুলি কয়।

Farmer's market ৰ এখন stall

মই যোৱাৰ দিনা বজাৰ বহাত তাৰ পৰা কিবা কিবি ফল মূল কিনিলো।

বজাৰৰ পৰা মই এয়া কিনিলো
ঠাই খনৰ সৰু সৰু ওখ চাপৰ ৰাস্তাত খোজ কাঢ়ি কাঢ়ি বহুত ঘুৰিলো ।

No comments:

Post a Comment