Wednesday, December 16, 2020

ভ্ৰমণ: Highdown Gardens - A Haven of Tranquility and Nature


দক্ষিণ ইংলেন্ডৰ Worthing ত থকা এইখন এখন ডাঙৰ বাগিছা, ইয়াত বিভিন্ন ধৰণৰ গছ বন লতা ফল ফুল আছে, গোলাপ ফুলৰ বিশেষ বাগিছা আছে।
কিন্তু ইয়ালৈ যোৱা একো বাছৰ service নাই। ইয়াৰ ওচৰে পাজৰে পাহাৰ, খেতি পথাৰ আছে।

মই এদিন এই ঠাইখন explore কৰিব ওলালো। বাছত যিমান ওচৰলৈ যাব পাৰি গৈ খোজ কঢ়াত লাগিলো। তেতিয়া google map নাছিল, গতিকে ইজন সিজনক সুধি গৈ আছো। মই লগত সদায় খোৱা পানী, ফল আৰু খোৱা বস্তু, ছাতি ৰাখিছিলো।
বাগিছাখন সৰু পাহাৰৰ ওপৰত, খোজ কাঢ়োতে trakking কৰা যেন লাগিল। চাৰিওফালে সেউজীয়া গছ গছনি, ভাল লাগিল। গৈ গৈ বাগিছা পালো আৰু ভালদৰে ঘূৰি ফুৰি চালো।


বাগিছালৈ যোৱা ৰাস্তা


বাগিছাৰ ভিতৰত বিভিন্ন ধৰণৰ গছ গছনি
বাগিছাৰ ওচৰতে পাহাৰৰ ওপৰত ধুনীয়া সৰু সৰু জংগলৰ নিচিনা দেখি চাবলৈ গলো, গৈ গৈ বহু দূৰ পালো। ৰৈ প্ৰাকৃতিক সন্দৰ্য্য উপভোগ কৰিলো, অহা ৰাস্তাৰে ওভতি যাব ইচ্ছা নহ'ল আৰু পাহাৰৰ আনফালে নামি আহিলো।

পাহাৰৰ ওপৰত
বাটত বহুত ডাঙৰ ডাঙৰ ঘোৰা বান্ধি থোৱা দেখিলো। পিচত অফিচৰ মানুহক সোধোতে গম পালো যে সেইবিলাক private property আৰু তাত private property ত মানুহে নোসোমায়। মই আগলৈ সাৱধান হলো।

ঘোৰা বান্ধি থৈছে
You can visit their site https://www.highdowngardens.co.uk/

No comments:

Post a Comment