Thursday, December 17, 2020

The Charm of Brighton: Exploring the UK's Seaside Gem


মূল লেখাটো ইয়াত পঢ়ক

দক্ষিণ ইংলেন্ডৰ Worthing অৰ আটাইতকৈ ওচৰত থকা এখন ডাঙৰ চহৰ, প্ৰায় ২২ কি.মি. নিলগত। মই ইয়ালৈ প্ৰায়ে বিভিন্ন কাৰণত অহা যোৱা কৰিছিলো।

Royal pavillion, এইটো দেখিলে আমাৰ ভাৰতৰ কোনোবা এটা structure ৰ আৰ্হিত বনোৱা যেন লাগে, এইটো ইয়াৰ ৰজাৰ holiday home আছিল।


Royal pavillion অত এখন ধূনীয়া বাগিছা ও আছে ।

Brighton pier, এইটো এটা সাগৰৰ মাজলৈ সোমাই যোৱা প্ৰায় ২ কিমি মান দীঘল কাঠেৰে বনোৱা structure. ইয়াত বহুত ধৰণৰ আমোদজনক কাৰ্য্য কৰিব পাৰি, ভাল ভাল খোৱা দোকানো আছে।

Brighton pier, মই ইয়াৰ দোকানত ধূনীয়া fried rice খালো ।

Brighton Pier ত Casino ও আছে, মই ও অলপ খেলিলো ।

Brighton eye, London eye ৰ আৰ্হিত গড়ি তোলা structure. ইয়াত বহিলে wheel টো লাহে লাহে তলৰ পৰা ওপৰলে ঘূৰে আৰু গোটেই চহৰখন দেখা পোৱা যায় । ২০১৬ চনত এইটো বন্ধ কৰি তাৰ ঠাইত i360 Viewing Tower বনোৱা হৈছে ।

Brighton Pier ৰ পৰা Brighton eye ৰ দৃশ্য

Sea life center, এইটো পৃথিৱীৰ আটাইতকৈ পুৰনি aquarium.
The lanes, ঠাইখনত কিছুমান সৰু সৰু ৰাস্তা আছে য'ত বহুত পুৰনি বস্তু, কিতাপ, arts আদি কিনিব পাৰি। ইয়াৰ ঘৰবোৰ বহুত পুৰনি, প্ৰায় ১৬শ শতিকাৰ ঘৰ।

The lanes

তাৰ সাগৰৰ পাৰত ফুৰিবলৈ ভাল ৰাস্তা আছে, মানুহে বহুত দুৰ দুৰলৈ খোজ কাঢ়ি যায় ।

মইও কিছু দুৰলৈ খোজ কাঢ়িলো, ইফাল সিফালৰ মানুহ, বস্তু আদি চালো।

সাগৰৰ পাৰত bronze ৰে বনোৱা ২.২ tonne ৰ এটা ডাঙৰ doughnut দেখিলো (officially titled "Afloat").

সাগৰৰ পাৰতে এটা Fishing Museum দেখি সোমাই গৈ চালো, সৰু যদিও ভাল লাগিল ।

Beach ত মেলাৰ নিচিনা লাগিছে, গৰমৰ দিন আৰু weekend হোৱা বাবে সকলোৱে কাপোৰ কানি খুলি গাত ৰʼদ লগোৱাব আহিছে, ঠান্ডাৰ দিনবোৰত তাত সূৰ্য্য প্ৰায় নোলায়।
সিহতৰ মাজত মই এখন ফটো উঠোৱাৰ অভিপ্ৰায়েৰে গলো যদিও সিহতৰ পৰিধানৰ লগত মোৰ full pant-full shirt এ match নকৰিলে, বেয়া লাগি মই ওভতি আহিলো।

No comments:

Post a Comment