Friday, December 18, 2020

লন্ডনে হাত বাউল দি মাতিছে


মূল লেখাটো ইয়াত পঢ়ক

লন্ডন Worthing ৰ পৰা প্ৰায় ১০০ কিমি দূৰত, ট্ৰেইনেৰে গ'লে প্ৰায় ১.৫ ঘন্টামান লাগে।
ইয়ালৈ বহুবাৰ আহিছো। প্ৰথমবাৰ আহোতে Red bus service লৈ সম্পূৰ্ন লন্ডন চহৰ চাইছো।


Red Bus service অৰ দুমহলীয়া খোলা গাড়ী, guide জনে ঠাইবিলাকৰ বিশদ বিৱৰণ দিয়ে
Red bus বোৰ গোটেই চহৰখনতে ঘূৰি ফুৰে আৰু আটাইবোৰ tourist spot অতে ৰৈ ৰৈ যায়। বাচত guide জনে কি ঠাই আহিছে আৰু তাত কি দেখা পোৱা যাব স্পিকাৰত কৈ থাকে, মানুহে সেই হিচাবে নিজৰ ইচ্ছামতে ভাল পোৱা ঠাইত নামি গৈ চাই। চোৱাৰ শেষত বাছ স্টপেজলৈ আহিলে ৫ মিনিটৰ ভিতৰত আন এখন red bus আহি পাইহি।

Big Ben আৰু Clock Tower (Elizabeth Tower), Big Ben হʼল প্ৰ্তিটো ঘন্টাতে শব্দ কৰা 13-ton bell টোৰ নাম।


Big Ben আৰু Palace of Westminster (Houses of Parliament) অৰ সমুখত।

Buckingham Palace, ইংলেন্ডৰ Queen আৰু Duke of Edinburgh অৰ থকা ঘৰ।

ইয়াত Changing of the Guard চাব ভাল লাগে, যʼত Security Guard সাল সলনি কৰা হয়।

Tower Bridge (London Bridge), Thames নদীৰ ওপৰত বন্ধা এই দলং খন বৰ মনোমোহা।

Tower Bridge
ইয়াৰ ওচৰে পাজৰে বহুত restaurant, চাব আৰু ফুৰিব পৰা বহুত আছে। ইয়াৰ পৰা Thames নদীৰ পাৰে পাৰে (The Queen's Walk বুলি কয়) খোজ কাঢ়ি গৈ থাকিলে বৰ ভাল লাগে, ইয়াৰ popular tourist আৰু visitor attraction বিলাক দেখা পোৱা যায়।

The Queen's Walk / way
Tower Bridge অৰ ১১০ ফুট ওপৰেৰে এটা glass floor থকা মানুহ খোজ কাঢ়িব পৰা ৰাস্তা আছে, ইয়াত যাব বৰ ভয় লাগে, কেনেবাকে ভাগি পৰিব পাৰে বুলি।

The glass floor

নিশাৰ London Bridge অতি আকৰ্ষণীয়

এজন চিত্ৰকাৰৰ দৃষ্টিৰে Tower Bridge

Trafalgar Square হʼল community gatherings আৰু political demonstrations আদিত ব্যবহাৰ কৰা এটা ঠাই ।
ইয়াৰ ওচৰে পাজৰে  National Gallery (এইটো এটা art museum), St Martin-in-the-Fields Church, South Africa House আৰু Canada House আছে।

Trafalgar Square, National Gallery ৰ পৰা লোৱা ফটো।

তাত এখন নতুন ধৰণৰ বাহন দেখিলো, ইয়াক pedibus বুলি কয়।
ইয়াত ১২ জন মানুহ বহিবৰ ঠাই আছে, ভৰিৰ ওচৰত চাইকেলৰ নিচিনা পেদেল্ আছে। মানুহৰ মাজত এখন সৰু টেবুল ও আছে, আগত এজন চালক থাকে, তেওৰ হাতত বাহনৰ steering আৰু brake থাকে। মানুহে beer আদি খাই কথা পাতি গৈ থাকে, কথাৰ মাজে মাজে পেদেল্ মাৰে।

Pedibus অত মানুহে সৰু সুৰা get together, party আদি পাতি সন্ধিয়া enjoy কৰে।

No comments:

Post a Comment