Friday, December 18, 2020

ভ্ৰমণ: Seven Sisters, ইংলেন্ড - Nature's Masterpiece


মূল লেখাটো ইয়াত পঢ়ক

দক্ষিণ ইংলেন্ডৰ Brighton অৰ ওচৰৰ এখন ঠাই, চক-মাটিৰে নিৰ্মিত পাহাৰৰ বাবে বিখ্যাত। ইয়াত ৭ খন চক-মাটিৰ পাহাৰ আছে।
মই ঠাইখন explore কৰিবলৈ এদিন বাছেৰে গৈ ইয়াত ওলালো। পাহাৰ চাবলৈ বাছ স্টপেজৰ পৰা প্ৰায় ২.৫ কিমি বাট খোজ কাঢ়িব লাগে। সেইদিনা বৰষুণ দি আছিল, পাহাৰ গছ বনৰ মাজে মাজে খোজকাঢ়ি খোজকাঢ়ি মই ঠাইখন ওলালো, বৰষুণত তিতি মোৰ কি অৱস্থা হ'ল মই বিশদভাবে আন এটা post অত লিখিছো (ইয়াত পঢ়ক)।


খোজকাঢ়ি গৈ আছো
ঠাইখন বৰ ধুনীয়া আৰু শান্ত, সাগৰৰ নিচেই কাষতে। মই চক মাটিৰ পাহাৰৰ ওচৰলৈ গৈ তাক অন্বেষণ কৰিবলৈ আৰম্ভ কৰিছো। পাহাৰ বগা ৰঙৰ আৰু দেখাত অতি ধুনীয়া।

চক-মাটিৰ এখন পাহাৰ

ইয়াৰ মাজেৰে Chukmere নদী বৈ গৈ সাগৰত মিলিছে (তাক ইয়াত Chukmere heaven বুলি কয়), ইয়াৰ প্ৰাকৃতিক দৃশ্য বৰ মনোৰম।

Chukmere heaven

ইতিমধ্যে বৰষুণ বন্ধ হৈ গৈছে আৰু ৰ’দ ওলাইছে। এটা সুখকৰ দিন আৰম্ভ হৈছে।
মই পাহাৰ, সাগৰৰ ওচৰে পাজৰে ইচ্ছামতে ফুৰিলো। মন শান্ত, পৰিতৃপ্ত হʼল।


পিচত নদীৰ পাৰে পাৰে খোজকাঢ়ি খোজকাঢ়ি গৈ বাছ স্টপেজ পালো আৰু হোটেললৈ ওভতি আহিলো।

নদীৰ পাৰে পাৰে

No comments:

Post a Comment