Tuesday, December 29, 2020

জীৱন বীমা


মোৰ প্ৰথমটো life insurance policy আছিল money back policy. ২০ বছৰলৈ premium দিব লাগে, প্ৰতি ৫ বছৰৰ মূৰে মূৰে ২০% ওভতাই পায়, ২০ বছৰৰ মূৰত বাকি পইছা bonus অৰ সৈতে পায়। Life cover আছিল ১ লাখ।
এতিয়া finance ৰ বিষয়ে অলপ জ্ঞান আহৰণ কৰাৰ পিচত, মই life insurance ৰ ওপৰত অলপ লিখিব ওলাইছো।

আমাক life insurance কিয় লাগে?
আমাৰ পৰিয়ালবিলাকৰ আটাইতকৈ ডাঙৰ risk হ'ল উপাৰ্জন কৰা সদস্যজনক লৈ। যদি সদস্যজন আমাৰ মাজৰ পৰা নাইকিয়া হয়, তেতিয়া পৰিয়ালটোৰ আনবোৰ মানুহ কেনেকে চলিব? পৰিয়ালটোৰ আৰ্থিক খৰচ কোনে বহন কৰিব ?
Life insurance এইকাৰণেই লাগে যাতে উপাৰ্জন কৰা সহস্য জনৰ আকস্মিক মৃত্যু হ'লে পৰিয়ালৰ আনবিলাক মানুহ আৰ্থিক দিশত একো অসুবিধাৰ সন্মুখিন হ' ব লগা নহয়।

Life insurance কেনেকে কৰা হয় ?
এজন মানুহক কিমান সময়ৰ বাবে life insurance লাগে (tenure) আৰু কিমান life cover লাগে (Life cover হ'ল মানুহ এজনৰ মৃত্যু হ'লে পাব লগা টকা, ইয়াক sum assured বুলিও কোৱা হয়) , মানুহজনৰ বৰ্তমান বয়স কিমান, তাৰ ওপৰত ভিত্তি কৰি এটা premium নিৰ্ধাৰণ কৰা হয়। প্ৰতি বছৰে মানুহজনে এই premium ৰ টকা life insurance কোম্পানীটোক দিব লাগে। এই নিৰ্ধাৰিত সময়ৰ (tenure) ভিতৰত যদিহে মানুহজনৰ মৃত্যু হয়, তেতিয়া life cover অৰ টকাখিনি মানুহজনৰ পৰিয়ালে পায়। এই সময়ৰ ভিতৰত যদি মানুহজন ঠিকে থাকে তেতিয়া tenure অৰ শেষত life insurance policy অন্ত পৰে, মানুহজনে একো টকা ওভতাই নাপায়। ইয়াক plain term insurance বুলি কোৱা হয়। ইয়াৰ premium আটাইতকৈ কম।
ইয়াৰ ওপৰিও আন বিভিন্ন প্ৰকাৰৰ life insurance policy থাকে। যেনে কিছুমানে আন সুবিধা দিব পাৰে যেনে
- accidental death benefit: মানুহজনৰ accident হৈ মৃত্যু হ'লে কিছু টকা বেছিকে পায়।
- critical illness cover: মানুহজন যদি কোম্পেনীটোৱে নিৰ্ধাৰণ কৰা বেমাৰত (যেনে কেন্ছাৰ) ভোগে তেতিয়া বেমাৰৰ treatment অৰ বাবে টকা পায়।
- Full life cover: মানুহজনৰ ৯৯ বছৰলৈ life cover থাকে।
- Life insurance with money back: life insurance অৰ লগতে tenure অৰ শেষত কিছু টকা ওভতায় পায়।
আমি এই অতিৰিক্ত সুবিধাবোৰ ল'লে সেই অনুপাতে premium অৰ টকা বাঢ়ি গৈ থাকে।

কিমান life cover থাকিব লাগে ? Life cover হ'ল মানুহ এজনৰ মৃত্যু হ'লে পাব লগা টকা।
ইয়াৰ বাবে ভিন্ন জনৰ ভিন্ন মত। কিছুমানৰ মতে উপাৰ্জন কৰা মানুহজনৰ বাৰ্ষিক আয়ৰ ২০ ৰ পৰা ৩০ গুন life cover থাকিব লাগে। মানুহজনৰ financial responsibility, ভবিষ্যতত আহিব পৰা ডাঙৰ খৰচ, Loan আদি ও ধৰিব লাগে। মুঠতে ইমান থাকিব লাগে যাতে পৰিয়ালটো ভালদৰে চলিব পাৰে।
গতিকে যদি মোৰ মাত্ৰ ১ লাখ টকাৰ life cover আছে, তেতিয়া সেইটো যথেষ্ট নহয়।
আজিকালি মানুহক বেচি life cover লাগে কিয়নো মানুহৰ খৰচ বেছি, ১ কৌটি টকাৰ life cover আজিকালি বহুতৰে থাকে।

Life insurance কেতিয়া ল'ব লাগে ?
যদি এজন মানুহৰ কোনো dependent নাথাকে তেতিয়া life insurance আৱশ্যক নহয়। কিন্তু যদিহে ভৱিষ্যতত পৰিয়াল বা কোনো dependent হোৱা আশা আছে, তেতিয়া হলে অতি সোনকালে life insurance কৰিব লাগে কিয়নো premium (প্ৰতি বছৰে দিব লগা টকা) বয়স অনুপাতে বেছি হয়।

Life insurance কেনেকে ল'ব লাগে ?
১) প্ৰথমতে আমাৰ প্ৰয়োজন অনুসৰি life cover আৰু tenure থিৰাং কৰিব লাগে।
২) তাৰ পিচত আমি কি ধৰণৰ policy লম সেইটো থিক কৰিব লাগে। Term plan লোৱাতো আটাইতকৈ ভাল, ইয়াত অতি কম premium দি বহুত বেছি life cover পাব পাৰি; যেনে বছৰত ৬০০০ টকা premium দি ১ কৌটি টকাৰ life cover পাব পাৰি।
৩) তাৰ পিচত কি কোম্পানীৰ পৰা Life insurance কিনিম ঠিক কৰিব লাগে। এইটো অলপ টান কাম হ'ব পাৰে। LIC, HDFC, ICICI, SBI, Kotak আদি বিভিন্ন কোম্পানীৰ Life insurance থাকে। কোম্পানী বিলাকৰ claim settlement ratio, claim rejection ratio চাই insurance কিনিব লাগে (IRDA ৰ site www.irdai.gov.in অত সকলো তথ্য পোৱা যায়)।
আজিকালি insurance online অত কিনিব পাৰি, online অত কিনিলে কম পৰে কাৰণ কোনো agent নাথাকে।বহুত কোম্পানীয়ে healthy life style (যেনে non smoker) অৰ মানুহৰ বাবে discount দিয়ে। ইয়াত ভূল তথ্য দিব নালাগে, কিয়নো কোম্পানীয়ে পিছত জানিব পাৰিলে policy নাকচ কৰিব পাৰে।

উপযুক্ত পৰিমানৰ life insurance থকাটো অতি প্ৰয়োজনীয়, ইয়ে যথেষ্ট মনৰ শান্তি দিব পাৰে।

No comments:

Post a Comment