Wednesday, December 30, 2020

২০২১ সকলোৰে বাবে শুভ হওঁক


২০২০ চন, এটা যথেষ্ট কঠিন বছৰ।
আৰম্ভণীতে ভালেই আছিল যদিওঁ কোৰোণা আহি সকলো ঠানবান কৰিলে। গোটেই দেশ মাহ যোৰা লক্ ডাউন্ হৈ বন্ধ হ'ল, কিমান যে ব্যৱসায় লোকচান হৈ বন্ধ হ'ল লেখ জোখ নাই। মোৰ ঘৰৰ ওচৰত থকা বহু কেইখন দোকান বন্ধ হ'ল।

ঘৰৰ ভাড়াৰ ওপৰতো ইয়াৰ প্ৰভাব পৰিছে। কোৰোণাৰ লক্ ডাউন্ হৈ work from home হোৱাত বহুত মানুহ কাম কৰা ঠাই এৰি নিজৰ ঠাইলৈ গুচি যাই আৰু বেছিভাগ ভাড়া ঘৰেই খালি হৈ পৰে।
মোৰো ভাড়াত দিয়া ঘৰৰ ভাড়া এতিয়া আগৰ আধাহে; উপায় নাই, খালি হৈ থকাতকৈ আধা ভাড়াও ভাল।


বহুত ভাড়া ঘৰ এতিয়া খালি, ভাড়াতীয়াক আকৰ্শন কৰাৰ চেষ্টা

মানুহৰ চাকৰিৰ ওপৰতো যথেষ্ট প্ৰভাব পৰিল, বহুতে চাকৰি হেৰুৱালে, আন বহুতৰ দৰ্মহা কৰ্তন হ'ল। এটা ৰিপোৰ্ট অনুসৰি প্ৰায় ২ কৌটি মানুহে চাকৰি হেৰুৱালে, ইয়াৰ ভিতৰত ময়ো এজন, আকৌ চাকৰি বিচাৰি আছো।

যি নহওক, আশা কৰিছো নতুন বছৰটোত সকলো বোৰ ভাল হ'ব, ব্যৱসায় আকৌ ভাল হ'ব, সকলোৰে চাকৰিবোৰ আকৌ হ'ব, মানুহে আগৰদৰেই ভয়হীন হৈ ওলাই সোমাই ফুৰিব পাৰিব।
সকলোকে আগন্তুক নতুন বছৰৰ শুভেচ্ছা জনালো।

No comments:

Post a Comment