Sunday, October 3, 2021

কিতাপ


কিবা পৰাৰ শব্দ শুনি মই গৈ দেখিলো যে মোৰ ল'ৰাটোৱে আলমাৰিৰ পৰা মোৰ কিতাপ উলিয়াই আনি মাটিত পেলাই cover চিগি পেলালে। মই তাক এক ধমক দি কিতাপ খন সযতনে থলো। মনৰ আগত কিছু পুৰণি কথা ভাহি আহিল।

১৭ বছৰমানৰ আগৰ কথা। মই বাংগালোৰৰ M G Road অত এদিন সন্ধিয়া অকলে ঘূৰি ফুৰিছো। তেতিয়া অবিবাহিত, শনি আৰু ৰবিবাৰে টাইম্ পাচ্ কৰিব সন্ধিয়া ওলাই আহো, M G Road অৰ বাহিৰে আৰু ফুৰিব পৰা বেলেগ ঠাই নাই। কিবা কাৰণত কিছুদিনৰ পৰা মনটো ইমান ভাল নহয়, মই ইয়াৰ কিবা এটা সমাধান বিচাৰি ফুৰিছো।
ৰাস্তাত খোজকাঢ়ি মই ইফালে সিফালে চাই কিবা যেন বিচাৰি ফুৰিছো, তেনেতে এখন সৰু ঠেলালৈ চকু গ'ল। ঠেলাখনত কিছুমান কিতাপ লৈ মানুহ এজনে বিক্ৰি কৰি আছে, কিছুমান মানুহে থিয় দি কিতাপ চাই আছে। ময়ো কিনো কিতাপ আছে চাওঁ বুলি ওচৰলৈ আহি চাব ধৰিলো। তেতিয়ালৈ মই Engineering আৰু Computer অৰ বিষয়ে কিছু কিতাপ পঢ়িছিলো যদিও আন বিষয়ত একো কিতাপ কিনি পঢ়া নাচিলো।
মই এখন কিতাপ হাতত তুলি লওঁ, আৰম্ভণী আৰু মাজৰ অলপ পঢ়ি ভাল নলগাত থৈ দি আন এখন হাতত লওঁ, এনেদৰে ইখনৰ পিচত সিখনকৈ কিতাপ চাই গৈ গৈ শেষত এখন কিতাপত থমকি ৰলো। অলপ পঢ়ি এনে লাগিল যেন মই বিচাৰি থকা সমাধান টো এই কিতাপ খনত আছে। মই কিনি অনা এইখনেই হ'ল মোৰ প্ৰথম self improvement বিষয়ৰ কিতাপ যিয়ে মোৰ জীৱনৰ প্ৰতি থকা মোৰ দৃষ্টিভংগী সলাই পেলায়। এইখনৰ নাম হ'ল The power of your Subconscious Mind.

ইয়াৰ পিচৰপৰা মই বিভিন্ন ধৰণৰ কিতাপ কিনিছো আৰু পঢ়িছো। কিতাপ দেখিলেই অলপ পঢ়ো আৰু ভাল লাগিলে কিনি আনো। কিতাপ কিনোতে কিনোতে ঘৰত এটা সৰু সুৰা library ৰ নিচিনা হ'ল।


কিছু কিতাপ কিনা বহু বছৰ হ'ল কিন্তু পঢ়া হোৱা নাই

এটা সময়ত ভাবিছিলো যে যেতিয়া নিজৰ ঘৰ হ'ব, তেতিয়া এটা মোৰ library থাকিব, য'ত মই মোৰ কিতাপ বিলাক ৰাখিম।
আৰু সচাকে মই এটা সৰু কোঠাও বনাইছিলো, কিতাপ ৰখাৰ বাবে।

তাৰ পিচত হঠাত যেন পৃথিবীখন সলনি হ'ল, এটা digital যুগ আহিল। সকলো কিতাপৰে কম্পিউটাৰত পঢ়িব পৰা pdf version ওলাল। কিতাপ কিনি থবলৈ ঠাই নলগা হ'ল। পঢ়িবলৈ ও সুবিধা, নিজৰ ইচ্ছামতে আখৰ ডাঙৰ সৰু কৰিব পাৰি, ফুৰিব গ'লে লগত যিমান ইচ্ছা সিমান কিতাপ নিব পৰা হ'ল।
মোৰো কিতাপ কিনা লাহে লাহে কমি গ'ল, google অত বিচাৰি বিচাৰি ভাল কিতাপৰ pdf download কৰি থলো, ইয়াতো কিন্তু বহুত কিতাপ এতিয়ালৈ পঢ়া নহ'ল।


মোৰ Digital Library টোৰ কিছু অংশ

কিন্তু সকলো সময়তে laptop লগত লোৱা সম্ভৱ নহয়, ফুৰিব আহিলেও লগত laptop থাকিলে এটা বোজা বাঢ়ে, সেইখিনি সময়ত মই এটা kindle কিনিলো, যিটো কিতাপ পঢ়াৰ বাবে অতি উপযোগী। PDF কিতাপ কম্পিউটাৰৰ পৰা ইয়ালৈ transfer কৰি অতি সহজতে পঢ়িব পাৰি।


Kindle অত কিতাপ পঢ়িব অতি সহজ, চকুত অলপো কষ্ট নহয়

লাহে লাহে মোবাইল বোৰ যথেষ্ট শক্তিশালী হ'ল, মোবাইলটেই MS office, PDF reader হ'ল। গতিকে মোবাইলতে পঢ়িব ললো।
তাৰ পিচত android app আহিল, কিতাপ পঢ়া আৰু সহজ হ'ল, Kindle অৰ app ও ওলাল।
এতিয়া আনকি পঢ়াৰো প্ৰয়োজন নাই, youtube অত বহুত video আছে, মাত্ৰ লগাই লৈ আৰামেৰে বহি শুনিব লাগে। বহুত কিতাপৰ সাৰাংশও পোৱা যায়, ইংৰাজী বুজিব অসুবিধা হ'লে হিন্দী বা অসমীয়াতো আছে।

আজিকালি মোৰ ঘৰত থকা কিতাপ বিলাকৰ অৱস্থা এলাগীৰ দৰে, কিমান বছৰ যে এনেয়ে পৰি আছে ! মোৰ ল'ৰাটোৱেহে কেতিয়াবা কিতাপ লৈ খেলে।
কিতাপৰ লাইব্ৰেৰী বনোৱা হৈ নুঠিল। এতিয়া কিতাপ পঢ়িবলৈওঁ যেন অসুবিধা পাওঁ, আখৰবিলাক ভালদৰে মনিব নোৱাৰো, কিতাপবিলাক যেন বেছি শকত, হাতত লৈ পঢ়িবলৈ অসুবিধা। অথচ আগতে তেনেদৰেই পঢ়িছিলো। আমাৰ আগৰ প্ৰজন্ময়ো তেনেদৰেই কিতাপ পঢ়িছিল।

কিনি থোৱা কিতাপ, download কৰি থোৱা pdf বিলাকে যেন মোক কয় - আমাৰ লগতো কিছু সময় কটোৱা। আশাকৰিছো সময় উলিয়াই অতি সোনকালে আকৈ পঢ়া আৰম্ভ কৰিম।


No comments:

Post a Comment