Sunday, October 17, 2021

DIP Diet


Youtube চাই থাকোতে হঠাৎ এটা ভিডিওলৈ চকু গ'ল - বিশ্ৱৰূপ ৰয় চৌধাৰীৰ DIP diet ৰ ওপৰত। এই ভিডিওতো খাদ্যৰ বিষয়ে, কেনেকৈ বিভিন্ন বেমাৰ মাত্ৰ খাদ্যৰ সহায়ত ঠিক কৰিব পাৰি।

মই যোৱা কেইবাবছৰো high blood pressure অত ভুগি ঔষধ খাই আহিছো। ভিডিওত কোৱা মতে ময়ো dip diet follow কৰিব সিদ্ধান্ত ললো। বজাৰৰ পৰা কেচাই খাব পৰা শাক, ফল, তৰকাৰি যিমান পাৰি আনিলো আৰু খাব ললো। যদিও ভিডিওত কোৱা মতে কৰিব নোৱাৰিলো, তথাপি যিমান পাৰি সিমান খালো।

কেইদিনমান পিচত মই প্ৰেচাৰ জুখি দেখিলো যে মোৰ প্ৰেচাৰ কমিছে - আচলতে low প্ৰেচাৰ হৈছে। মই ঔষধ খোৱা বন্ধ কৰি দিলো, যোৱা ২ মাহ ধৰি মই একো ঔষধ খোৱা নাই আৰু মোৰ প্ৰেচাৰ normal - মই মাত্ৰ কেঁচা শাক তৰকাৰি ফল আদি বেচিকে খাব লৈছো।

ঔষধৰ ওপৰত নিৰ্ভৰ কৰি দিৰ্ঘদিন চলা স্বাস্থ্যৰ বাবে হানিকাৰক, যিকোনো উপায়ে বেমাৰৰ প্ৰতিকাৰ কৰিব লাগে। যদিহে খাদ্যৰে বেমাৰ নিৰ্মূল হয় তেতিয়াটো কথাই নাই !
আশাকৰিছো আন কোনোবাই ও ইয়াৰ দ্ৱাৰা সুফল পাব।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

No comments:

Post a Comment