Thursday, December 24, 2020

খ্রীষ্টমাছ


সৰুতে পানবজাৰৰ গির্জা ঘৰৰ সমুখেৰে অহা যোৱা কৰোতে সদায় ভিতৰলৈ এবাৰ ভুমুকিয়াই চাইছিলো, ভিতৰৰ মানুহখিনি যেন আমাৰ নিচিনা নাছিল তেনে লাগিছিল। বিশেষকে খ্রীষ্টমাছৰ সময়ত মনত কৌতুহল হৈছিল, ভিতৰত কি হয়, তাৰ মানুহে কেনেকে প্রার্থনা কৰে তাক চাবলৈ এটা যেন হেপাহ, কিন্তু কেতিয়াও ভিতৰলৈ যোৱা হোৱা নাছিল।


পানবজাৰৰ Baptish Church (Photo from Wikimapia)

খ্রীষ্টমাছৰ বিষয়ে অলপ ভালদৰে জানিব পাৰিলো software অত কাম কৰিব আৰম্ভ কৰাৰ পৰা। মই কাম কৰা কোম্পানীটোত খ্রীষ্টমাছ ভালদৰে পালন কৰিছিল। খ্রীষ্টমাছৰ সময়ত অফিছতো ধুনীয়াকে সজোৱা হয়।


অফিছৰ decoration

খ্রীষ্টমাছৰ বাবে project ৰ team বিলাকৰ মাজত decoration প্রতিযোগিতা হয় আৰু পুৰস্কাৰ ও দিয়ে। আমি এসপ্তাহ আগৰ পৰা এটা বিষয়বস্তু (theme) লৈ decoration আৰম্ভ কৰো, কাৰণ decoration কামৰ মাজে মাজেহে কৰিব পাৰো। কেতিয়াবা সন্ধিয়া কাম শেষ হোৱাৰ পিচত decoration কৰো। খ্রীষ্টমাছৰ আগদিনা ৰাতি বহু সময়লৈ কৰা হয়, সিদিনা finishing touch দিয়া হয়।


আমাৰ project team টোৰ এবাৰৰ decoration, বৰফৰ ঘৰৰ (tent) ভিতৰত আৰু decoration আছে।

খ্রীষ্টমাছৰ দিনা বিশেষ official কাম কৰা নহয়, যদিহে একো urgent কাম নাথাকে। সিদিনা অফিচৰ মানুহবিলাকে নিজৰ ল'ৰা ছোৱালী লগত লৈ আহিব পাৰে। দিনটোত কিবা কিবি program হৈ থাকে। সন্ধিয়া প্রতিটো দলে নিজৰ নিজৰ বিষয়বস্তু বিচাৰক সমিতিক ব্যাখ্যা কৰিব লাগে, বিচাৰকে decoration চাই সেই হিচাবত ৩টা দল বিজয়ী ঘোষণা কৰে। নিজৰ নিজৰ desk decoration কৰাৰ কাৰণেওঁ পুৰস্কাৰ দিয়া হয়।


অফিছৰ এজনৰ desk decoration

খ্রীষ্টমাছত অফিছত খেলা খেলবিলাকৰ ভিতৰত অতি জনপ্রিয় খেলটো হ'ল secret santa. ইয়াত প্রতিজন সদস্যৰ নাম একো একোখন সৰু কাগজত লিখা হয়, পিচত প্রত্যেকে একোখনকৈ কাগজ বাচি লয় আৰু যি জন মানুহৰ নাম ওলায় (মানুহজনৰ নামটো কাকো ক'ব নালাগে) তেওক মনে মনে উপহাৰ বা card আদি বস্তু দিব পাৰে। আন মানুহ জনে সেই মানুহজনৰ নাম অনুমান কৰিব লাগে। খ্রীষ্টমাছৰ দিনা প্রতিজনে আন মানুহজনৰ নাম ক'ব লাগে আৰু উপহাৰ আদান প্রদান কৰে।

আমাৰ অফিচৰ decoration ৰ ফটো দেখি আমাৰ লগত কাম কৰা ইংলন্ডৰ মানুহবিলাকে মন্তব্য কৰিছিল যে খ্রীষ্টমাছটো এটা ভাৰতীয় উৎসৱ যেনহে লাগিছে, আনকি সিহঁতৰ অফিচতো খ্রীষ্টমাছ ইমান ধুমধামেৰে পালন নকৰে।


Santa হোৱা Akshunn ৰ লগত

বাংগালোৰত অহাৰ পৰা মই প্রতি খ্রীষ্টমাছত প্রায়ে গির্জালৈ যাওঁ । ইয়াত যথেষ্ট সংখ্যক গির্জাঘৰ আছে, খ্রীষ্টমাছত ধূনীয়াকৈ সজাই পৰাই তোলে। কিছুমান গির্জাঘৰত, আমাৰ ৰাসৰ নিচিনাকে, ধুনীয়াকৈ যীশু আৰু সিহতৰ সম্বন্ধীয় বিভিন্ন ধৰণৰ মূর্তিৰে সজাই প্রদর্শনী পাতে, চাই ভাল লাগে। মই ভালপোৱা ইয়াৰ গির্জাঘৰ হ'ল ৱিৱেক নগৰ, শীৱাজী নগৰ আৰু Whitefield অৰ। ভাৰতৰ আন ঠাইৰ ভিতৰত Ooty আৰু চেন্নাইত খ্রীষ্টমাছ ভাল লাগিছিল।


From Deccan Herald

ইংলন্ডত খ্রীষ্টমাছত ধুনীয়া decoration কৰে। তাত খ্রীষ্টমাছত মানুহে বিভিন্ন ধৰণৰ কাম কৰে, যেনে Santa Grottos, Winter Wonderland, Ice Skating, Beautiful Christmas Markets আদি।


খ্রীষ্টমাছৰ সময়ৰ এটা ব্যস্ত ৰাজপথ।

তাৰ গির্জাঘৰ কিছুমান বিৰাট ডাঙৰ, ওখ আৰু ধুনীয়া। গির্জাৰ দুৱাৰ খিৰিকি বিলাকত ধুনীয়া ৰং বিৰংঅৰ কাঁচ লগোৱা থাকে।


মই ভাল পোৱা তাৰ গির্জা কেইটা হ'ল Arundel আৰু Lancing College অৰ।

Lancing College chapel

কোনটো কাৰ ধর্ম এইবোৰ বিচাৰ খোচাৰ নকৰি যদি আমি সকলো ধর্মৰে উৎসৱ পালন কৰিব পাৰো, তেতিয়া আমাৰ জীৱনটো সুন্দৰ হ'ব পাৰে।
মই হিন্দু তীর্থস্থান ভ্রমণৰ মোৰ অভিজ্ঞতাৰ ওপৰতো আগলৈ লিখিম।

No comments:

Post a Comment