Friday, December 18, 2020

ভ্ৰমণ: Cissbury Ring - England's Enigmatic Hillfort


মূল লেখাটো ইয়াত পঢ়ক

দক্ষিণ ইংলেন্ডৰ এই ঠাইখিনি এখন পাহাৰৰ ওপৰত অৱস্থিত, ই iron age অত flint mine আছিল, এতিয়া এটা circular ring হিচাবে দেখা যায়।
ইয়াৰ ইতিহাস চহকী, বিভিন্ন সংস্কৃতিয়ে ইয়াক বসতি, কবৰস্থান, প্ৰতিৰক্ষামূলক গঠন (defensive structure) হিচাপে ব্যৱহাৰ কৰিছিল।

মই এদিন বাছেৰে ইয়াৰ ওচৰৰ স্টপেজত নামি পাহাৰৰ ওপৰলৈ খোজ কাঢ়িলো। যথেষ্ট খোজ কাঢ়িব লাগে, কিন্তু পাহাৰখন সেউজীয়া গছ বনেৰে ভৰা, মাজে মাজে ৰৈ জিৰাই শতাই পাহাৰৰ ওপৰ পালোগৈ।


পাহাৰৰ ওপৰলৈ খোজ দিলো।
পাহাৰৰ ওপৰৰ পৰা বহু দূৰলৈ দেখা পোৱা যায়, আনকি Portsmouth ৰ tower পৰ্য্যন্ত (প্ৰায় ১৩০ কিমি দূৰত)।

পাহাৰৰ ওপৰ পাই অলপ জিৰালো
পাহাৰৰ ওপৰত ধুনীয়া বতাহ বৈ আছে, মই এজোপা গছৰ চাঁত বহি বেগৰ পৰা Coke আৰু কিবা কিবি উলিয়াই আৰামেৰে খালো। ওচৰৰে আন এখন পাহাৰত পোহনীয়া গৰু চৰি আছে, দৃশ্যটো ভাল লাগিল।

এই অঞ্চলটো বহুকেইখন পাহাৰেৰে ভৰা
অলপ জিৰোৱাৰ পিচত circular ring ৰ ওপৰেৰে খোজ কাঢ়ি সম্পূৰ্ণ এপাক মাৰিলো। চাৰিওফালে ঘূৰি পকি প্ৰাকৃতিক দৃশ্য উপভোগ কৰিলো।

পাহাৰৰ তলত থকা Findon নামৰ গাওঁ খনৰ ঘৰ বিলাক

High Salvington windmill
Cissbury Ring অৰ ওচৰতে থকা Findon নামৰ গাওঁ খনৰ এইটো হ'ল ১৭শ শতিকাত নিৰ্মিত এটা বতাহত চলা ধান বনা কল, যিটো এতিয়াও কৰ্মৰত। এইটো volunteer অৰ দ্বাৰা পৰিচালিত আৰু যথেষ্ট ডাঙৰ, মূলতঃ শস্য পিহি আটা কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।

The view of High Salvington windmill, from Cissbury Ring.

No comments:

Post a Comment