Saturday, August 17, 2024

Personal Finance: আহক আমি উচ্চ সুতৰ হাৰৰ সুবিধা লওঁ

Read the English Translation by Google

বৰ্তমান আমি সকলোৱে জানো যে বিভিন্ন প্ৰতিষ্ঠানে আগবঢ়োৱা সুতৰ হাৰ বেছি। যথেষ্ট দিনৰ পৰা সুতৰ হাৰ উচ্চ দিশত আছে, আৰু কিছু মাহৰ ভিতৰত ই নিম্ন হাৰলৈ নামি যাব।
আমি আমাৰ ধন অধিক সুতৰ হাৰত বিনিয়োগ কৰি এই উচ্চ সুতৰ হাৰৰ সুবিধা ল’ব পাৰো।

আমি ক'ত ভাল সুতৰ হাৰ পাব পাৰো চাওঁ আহক:
প্ৰতিষ্ঠান প্ৰতিষ্ঠানৰ ধৰণ সুতৰ হাৰৰ বিৱৰণ Website
Unity Small Finance Bank Bank, DICGC insured upto Rupees Five Lakhs (including both principal and interest amount). highest rate: 9% for 1001 days, additional 0.5% for senior citizen. https://theunitybank.com
Shriram Finance Limited NBFC (Non-Banking Financial Company), AA+ rated highest rate: 8.8% for 60 months, additional 0.10% for woman, 0.54% for senior citizen. https://www.shriramfinance.in
Utkarsh Small Finance Bank Bank, DICGC insured upto Rupees Five Lakhs (including both principal and interest amount). highest rate: 8.5% for 2-3 years, additional 0.5% for senior citizen. https://www.utkarsh.bank/
North East Small Finance Bank Bank, DICGC insured upto Rupees Five Lakhs (including both principal and interest amount). highest rate: 8.5%, additional 0.5% for senior citizen. https://nesfb.com/
Equitas Small Finance Bank Bank, DICGC insured upto Rupees Five Lakhs (including both principal and interest amount). highest rate: 8.5% for 444 days, additional 0.5% for senior citizen. https://www.equitasbank.com/
Bajaj Finance Limited NBFC (Non-Banking Financial Company), AAA rated highest rate: 8.4% for 42 months, additional 0.25% for senior citizen. https://www.bajajfinserv.in/
Ujjivan Small Finance Bank Bank, DICGC insured upto Rupees Five Lakhs (including both principal and interest amount). highest rate: 8.25% for 12 months, additional 0.5% for senior citizen. https://www.ujjivansfb.in/
Interest rates are as on 15th Aug, 2024.
ইয়াৰে বেছিভাগেই অনলাইনত একাউণ্ট খোলাৰ অনুমতি দিয়ে।

সুতৰ হাৰৰ চক্ৰ (Interest rate cycles)
এতিয়া, সময়ৰ লগে লগে সুতৰ হাৰ কেনেকৈ সলনি হৈ থাকে, সেই কথা জানিবলৈ অৰ্থনীতিৰ কিছুমান মূল কথা চাওঁ আহক।
Interest rate cycles এ সময়ৰ লগে লগে সুতৰ হাৰৰ বৃদ্ধি আৰু হ্ৰাসক বুজায়। ই অৰ্থনৈতিক অৱস্থা আৰু মুদ্ৰানীতি (monetary policies) ৰ দ্বাৰা পৰিচালিত।
সুতৰ হাৰৰ লগত জড়িত কথাবোৰ হ’ল:

  • অৰ্থনৈতিক বিকাশ (Economic growth): অৰ্থনৈতিক বৃদ্ধিৰ অৰ্থ হ’ল এখন দেশে আগৰ তুলনাত অধিক সামগ্ৰী আৰু সেৱা উৎপাদন কৰি আছে। ইয়াক সাধাৰণতে এখন দেশৰ মুঠ ঘৰুৱা উৎপাদন (Gross Domestic Product, GDP) ৰ দ্বাৰা জুখিব পাৰি। অৰ্থনৈতিক বৃদ্ধিৰ ফলত প্ৰায়ে মানুহৰ বাবে উচ্চ আয়, জীৱন ধাৰণ আৰু জীৱনৰ মানদণ্ড উন্নত হয়, কাৰণ তেওঁলোকে সামগ্ৰী, সেৱা আৰু সুযোগৰ অধিক সুবিধা লাভ কৰে। অৰ্থনীতি বৃদ্ধিৰ লগে লগে ব্যৱসায়ৰ সম্প্ৰসাৰণ ঘটে, যাৰ ফলত অধিক চাকৰিৰ সৃষ্টি হয় আৰু নিবনুৱাৰ হাৰ হ্ৰাস পায়।
  • মুদ্ৰাস্ফীতি (Inflation): অৰ্থনীতিৰ সামগ্ৰী আৰু সেৱাৰ মূল্যৰ সাধাৰণ স্তৰ সময়ৰ লগে লগে বৃদ্ধি পোৱাৰ হাৰক মুদ্ৰাস্ফীতি বোলে, যাৰ ফলত ধনৰ ক্ৰয় ক্ষমতা হ্ৰাস পায়। মুদ্ৰাস্ফীতি সাধাৰণতে গ্ৰাহক মূল্য সূচকাংক (Consumer Price Index, CPI) বা পাইকাৰী মূল্য সূচকাংক (Wholesale Price Index, WPI)ৰ দৰে সূচকাংকৰ দ্বাৰা জুখিব পাৰি, যিয়ে সময়ৰ লগে লগে সামগ্ৰী আৰু সেৱাৰ টোপোলাৰ গড় মূল্যৰ পৰিৱৰ্তন অনুসৰণ কৰে।
অৰ্থনৈতিক বিকাশ আৰু মুদ্ৰাস্ফীতিৰ মাজৰ সম্পৰ্ক:
যেতিয়া অৰ্থনীতি বৃদ্ধি পায়, তেতিয়া গ্ৰাহক আৰু ব্যৱসায়ীসকলৰ খৰচ কৰিবলৈ অধিক ধন থাকে, কাৰণ তেওঁলোকে অধিক উপাৰ্জন কৰিব পাৰে। ইয়াৰ ফলত সামগ্ৰী আৰু সেৱাৰ চাহিদা (demand) অধিক হয়। যদি এই চাহিদাই যোগানতকৈ বেছি হয় তেন্তে দাম বৃদ্ধি হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত মুদ্ৰাস্ফীতিৰ সৃষ্টি হয়।

মুদ্ৰাস্ফীতি আৰু অৰ্থনৈতিক বৃদ্ধিয়ে সুতৰ হাৰত কেনেদৰে প্ৰভাৱ পেলায় ?
সুতৰ হাৰ, মুদ্ৰাস্ফীতি আৰু অৰ্থনৈতিক বৃদ্ধিৰ মাজৰ সম্পৰ্ক অৰ্থনীতিৰ এক মৌলিক দিশ। ইহঁতে এইদৰে ইটোৱে সিটোক প্ৰভাৱিত কৰে:

  • যেতিয়া সুতৰ হাৰ বৃদ্ধি পায়: ভাৰতীয় ৰিজাৰ্ভ বেংকে যেতিয়া সুতৰ হাৰ বৃদ্ধি কৰে তেতিয়া ঋণ লোৱা (loan) অধিক ব্যয়বহুল হৈ পৰে। যেতিয়া ঋণ লোৱাৰ খৰচ বেছি হয়, তেতিয়া ব্যৱসায়ীসকলে সম্প্ৰসাৰণ পৰিকল্পনাত বিলম্ব ঘটাব পাৰে (যিহেতু তেওঁলোকেও ঋণ লয়), আৰু গ্ৰাহকে খৰচ কমাব পাৰে (তেওঁলোকে ঋণ যেনে গৃহ নিৰ্মাণ ঋণ, গাড়ী ঋণ কম ল’ব পাৰে), যাৰ ফলত অৰ্থনৈতিক বৃদ্ধি লেহেমীয়া হ’ব পাৰে আৰু পাছলৈ মুদ্ৰাস্ফীতি কমিব পাৰে।
  • যেতিয়া সুতৰ হাৰ কমি যায়: ইয়াৰ বিপৰীতে যেতিয়া সুতৰ হাৰ কমি যায় তেতিয়া ঋণ লোৱা সস্তা হৈ পৰে, গতিকে ব্যৱসায়ী আৰু মানুহে অধিক ঋণ ল’ব পাৰে। ব্যয় আৰু বিনিয়োগৰ এই বৃদ্ধিয়ে অৰ্থনৈতিক বিকাশত সহায় কৰিব পাৰে।ইয়াৰ ফলত সামগ্ৰী আৰু সেৱাৰ চাহিদা বৃদ্ধি পাব পাৰে, যাৰ ফলত সামগ্ৰী আৰু সেৱাৰ যোগানে বৃদ্ধি পোৱা চাহিদাৰ লগত খাপ নাখালে মুদ্ৰাস্ফীতি বৃদ্ধি পাব পাৰে।
The Balancing Act:
ভাৰতীয় ৰিজাৰ্ভ বেংকে সুতৰ হাৰ সালসলনি কৰি এই কাৰকসমূহৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰে। তেওঁলোকৰ লক্ষ্য হৈছে মুদ্ৰাস্ফীতিক পৰিচালনাযোগ্য স্তৰত ৰাখি স্থিৰ অৰ্থনৈতিক বৃদ্ধিৰ প্ৰসাৰ কৰা।
যদি অৰ্থনৈতিক বৃদ্ধি অতি দ্ৰুত হয় আৰু মুদ্ৰাস্ফীতি বৃদ্ধি পায়, তেন্তে তেওঁলোকে হয়তো সুতৰ হাৰ বৃদ্ধি কৰি মুদ্ৰাস্ফীতি হ্ৰাস কৰিবলৈ চেষ্টা কৰিব। যদি অৰ্থনৈতিক বৃদ্ধি অতি লেহেমীয়া হয় আৰু মুদ্ৰাস্ফীতি কম হয়, তেন্তে তেওঁলোকে অৰ্থনীতিক উদ্দীপিত কৰিবলৈ সুতৰ হাৰ হ্ৰাস কৰিব পাৰে।
সেইবাবেই সুতৰ হাৰ এটা চক্ৰত বৃদ্ধি আৰু হ্ৰাস পায়, কাৰণ ভাৰতীয় ৰিজাৰ্ভ বেংকে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিবলৈ সুতৰ হাৰ সলনি কৰি থাকে।

এইদৰেই Reserve Bank of India ই মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰে

এতিয়া, যোৱা কেইবছৰমানৰ সুতৰ হাৰৰ ঐতিহাসিক তথ্য চাওঁ আহক।

Source: IndiaBonds
যদি আমি ওপৰৰ গ্ৰাফটো ভালদৰে চাওঁ, তেন্তে আমি বুজিব পাৰিম যে সময়ৰ লগে লগে সুতৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে।
কিছু বছৰৰ পাছত সুতৰ হাৰ ১-২% লৈ হ্ৰাস পাব বুলি ভৱিষ্যদ্বাণী কৰা হৈছে। কাৰণ ভাৰতত ক্ৰমাগতভাৱে বৃদ্ধি হোৱাৰ লগে লগে কিছু সময়ৰ পিছত বৃদ্ধি পৰিপূৰ হ'ব (saturate) - উচ্চ ভিত্তিৰ পৰা বৃদ্ধি হোৱাটো সদায় কঠিন হৈ পৰে। যিহেতু বৃদ্ধি কম, গতিকে মুদ্ৰাস্ফীতিও সাধাৰণতে কম, যাৰ ফলত সুতৰ হাৰ কম হয়।

উন্নত দেশসমূহৰ অধিকাংশতে সুতৰ হাৰ অতি কম। যেনে- যদি আমি জাপানৰ সুতৰ হাৰ চাওঁ, যোৱা কেইমাহমানলৈকে ইয়াৰ সুতৰ হাৰ ঋণাত্মক আছিল।

জাপানৰ সুতৰ হাৰ, Source: TradingEconomics
গতিকে, আমাৰ দেশতো আমি আগলৈ কম সুতৰ হাৰৰ বাবে সাজু হোৱাটো প্ৰয়োজন। যদি কোনোবাই দৈনন্দিন জীৱন-যাপনৰ বাবে Fixed Deposit ৰ ওপৰত নিৰ্ভৰশীল তেন্তে তেওঁ জানিব লাগিব যে তেওঁ Fixed Deposit ৰ পৰা আগলৈ কম টকা পাব।