Monday, April 22, 2024

সাগৰৰ পাৰৰ ঠাইবোৰ পানীৰ তলত ডুব যাবলৈ আৰু বেছি সময় নাই

Read the English Translation by Google
"ভাৰতৰ ক’ৰবাত কোনোবাই প্লাষ্টিক জ্বলাই আছে আৰু তাৰ ফলত আমাৰ ধুনীয়া ঠাইখন কেইবছৰমানৰ পিছত পানীৰ তলত ডুব যাব!" মোৰ ইংৰাজী বন্ধুৱে মোক শুনাই ক'লে । তেওঁ দক্ষিণ ইংলেণ্ডৰ এখন সাগৰৰ পাৰৰ চহৰত থাকে।
মোৰ উত্তৰ দিবলৈ একো নাছিল কাৰণ মই ইয়াৰ বিষয়ে একো নাজানিছিলো। মই জানো যে ইংৰাজ মানুহবোৰে সাধাৰণতে ভুল তথ্য নিদিয়ে, আৰু মই মোৰ মুখ মেলি কিবা কিবি কৈ নিজকে মূৰ্খ বুলি প্ৰমাণ কৰা উচিত নহয়।
পিছত অধিক জানিবলৈ মই ইণ্টাৰনেটত বিতংভাৱে বিচাৰিলোঁ আৰু দেখিলোঁ যে তেওঁ কোৱা কথাখিনি শুদ্ধ।

আমি যেতিয়া প্লাষ্টিক জ্বলাওঁ তেতিয়া তলত দিয়া কথাবোৰ ঘটে:
  1. ইয়াৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়, যিটো সেউজ গৃহ গেছৰ (Greenhouse gas) মূল উপাদান। সেউজ গৃহ গেছবোৰে আমাৰ পৃথিৱীৰ চাৰিওফালে এটা স্তৰ গঠন কৰে যিয়ে তাপ বাহিৰলৈ ওলাই যোৱাৰ পৰা আৱদ্ধ কৰি ৰাখে। ইয়াৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি (global warming) আৰু জলবায়ু পৰিৱৰ্তন ঘটে।

    Greenhouse gas: MIT News

    আমাৰ ওপৰত ইয়াৰ একাধিক প্ৰভাৱ পৰে, কিছুমান হ'ল:
    • অধিক উষ্ণতা: এই কথা আমি ইতিমধ্যে প্ৰতি বছৰে অধিক উষ্ণ গ্ৰীষ্মৰ ৰূপত অনুভৱ কৰিছো।
    • বৰ্ধিত খৰাং: বিশেষকৈ বাংগালুৰুৰ দৰে বৃহৎ চহৰত পানীৰ অভাৱ এটা ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে। লাহে লাহে সকলো ঠাইয়ে ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ’ব।
    • সাগৰৰ জলপৃষ্ঠ বৃদ্ধি: গোলকীয় উষ্ণতাৰ বাবে হিমবাহ (glaciers, স্ফটিকীয় বৰফ আৰু বৰফৰ বৃহৎ সঞ্চয়) গলিবলৈ আৰম্ভ কৰিছে আৰু সেয়েহে বিশ্বৰ সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। গতিকে, সাগৰৰ ওচৰৰ ঠাইবোৰ সাগৰৰ তলত ডুব যোৱাৰ আশংকা আছে।লগতে হিমবাহৰ পৃষ্ঠভাগ বগা থাকে যিয়ে সূৰ্য্যৰ ৰশ্মি প্ৰতিফলিত কৰে। হিমবাহ গলিলে ক’লা পৃষ্ঠভাগ উন্মোচিত হয়, যিয়ে সূৰ্য্যৰ তাপ শোষণ কৰে। ইয়াৰ ফলত উষ্ণতা আৰু অধিক বৃদ্ধি পায়।
    • অধিক স্বাস্থ্যজনিত বিপদ: Extreme বতৰে ৰোগ আৰু মৃত্যু বৃদ্ধি কৰে।
  2. প্লাষ্টিক জ্বলালে গধুৰ ধাতু আৰু বিষাক্ত ৰাসায়নিক পদাৰ্থ, যেনে dioxin, benzo(a)pyrene (BAP) আৰু polyaromatic hydrocarbons (PAHs) আদি নিৰ্গত হয়, যিবোৰ অতি বিষাক্ত আৰু ইয়াৰ ফলত কেন্সাৰ, প্ৰজনন আৰু বিকাশৰ সমস্যা, ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ক্ষতি, আৰু হৰম’ন সম্পৰ্কীয় সমস্যা আদি হোৱাৰ সম্ভাৱনা আছে।
  3. গোন্ধটোৱে শ্বাস-প্ৰশ্বাসজনিত পাৰ্শ্বক্ৰিয়া যেনে গুৰুতৰ হাঁপানী, ছালৰ বিষ, মূৰৰ বিষ, স্নায়ুতন্ত্ৰৰ ক্ষতিৰ লগতে আন কিছুমান স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে।
  4. প্লাষ্টিক জ্বলোৱাৰ পিছতো ইয়াৰ ৩০ শতাংশ কঠিন ছাই বা slag ৰ ৰূপত ৰৈ যায়, যিটো কেতিয়াও ধ্বংস নহয়।
কিন্তু এনে লাগে যে আমাৰ মানুহবোৰ পৰিৱেশৰ প্ৰতি একেবাৰেই সচেতন আৰু চিন্তিত নহয়।
আমি এতিয়াও অবিৰতভাৱে প্লাষ্টিক জ্বলাই আছো, বৰ্তমান মই থকা অসমৰ ঠাইখনত, এই কথাটো মই বহুত দেখিছোঁ। মানুহে প্লাষ্টিককে ধৰি সকলো আৱৰ্জনা সংগ্ৰহ কৰি ঘৰৰ সন্মুখত জ্বলাই দিয়ে।
কাষৰ পাহাৰটোতো ডাঙৰ ডাঙৰ জুই জ্বলোৱা মই দেখিছো, মানুহে জুই জ্বলায় নে নিজে নিজে লাগে, অৱশ্য়ে নাজানো। ইয়াৰ প্ৰভাৱ আমাৰ পৰিৱেশতো পৰিছে। পাহাৰৰ পৰা অহা বনৰীয়া হাতীয়ে খাদ্য বিচাৰি ওচৰৰ ঘৰবোৰলৈ যাবলৈ আৰম্ভ কৰিছে, আৰু শস্য আৰু ঘৰৰ ক্ষতিসাধন কৰিছে।

পাহাৰৰ জুই
মই ভাবো আমি প্লাষ্টিক জ্বলোৱা বন্ধ কৰাৰ সময় আহি পৰিছে। আমি আচলতে দৈনন্দিন জীৱনত প্লাষ্টিকৰ ব্যৱহাৰ যিমান পাৰি কম কৰা উচিত। নহ’লে আমি আৰু আমাৰ ল’ৰা-ছোৱালীয়েই আগলৈ দুখ ভুগিব লাগিব।

References:
  1. Burning Plastic Is a Terrible Idea. Here’s Why.
  2. United Nations: Climate Action Fast Facts

Sunday, November 5, 2023

ভ্ৰমণ: Lancing, ইংলেন্ড - A Journey into Tranquility


মূল লেখাটো ইয়াত পঢ়ক

দক্ষিণ ইংলেন্ডৰ Worthing অৰ ওচৰত, প্ৰায় ৫ কি.মি. নিলগত থকা এখন গাওঁ, ইয়াত থকা Lancing College chapel ৰ বাবে জনাজাত।

মই বহুবাৰ ইয়ালৈ ফুৰিব আহিছো, ইয়াৰ beach মোৰ বৰ ভাল লাগে।


যিমান দুৰলৈ চকু যায় মাত্ৰ সাগৰ, চফা খোলা beach, নিৰ্মল বতাহ ..., সাগৰৰ পাৰে পাৰে খোজকাঢ়ি যথেষ্ট ভাল লাগে।

সাগৰৰ পাৰত ধূনীয়া beach hut আছে।

ইয়াত water surfing শিকোৱা এটা প্ৰশিক্ষণ কেন্দ্ৰ আছে, automatic machine এৰে প্ৰশিক্ষণ দিয়ে।

গৰমৰ দিনত সন্ধিয়া বা বন্ধত kite surfing কৰা মানুহেৰে ইয়াৰ সাগৰৰ পাৰ ভৰি থাকে, চাব বৰ ভাল লাগে।


Thursday, August 10, 2023

Personal Finance: ভাগ ১৪, Employee Provident Fund

<< ভাগ ১৩ ভাগ ১৫>>

চাকৰিয়াল সকলৰ বাবে Employee Provident Fund (EPF) হ'ল এটা ভাল fixed income product. চাকৰিয়ালৰ Basic দৰমহাৰ ১২% ইয়াত জমা কৰা হয়, ইয়াৰ সমপৰিমানৰ ধন Employer ৰ পৰাও জমা কৰা হয় (Basic দৰমহাৰ ৮.৩৩%, max ১২৫০ টকা Employees’ Pension Scheme ৰ বাবে জমা কৰাত পাচত)।

জমা থোৱা ধনৰ ওপৰত নিৰ্ধাৰিত পৰিমানৰ সুদ পোৱা যায়, এই সুদৰ হাৰ প্ৰতিবছৰে বেলেগ হ'ব পাৰে। ২০২২ - ২৩ বৃত্তিয় বছৰৰ বাবে এই সুদৰ হাৰ ৮.১৫%

Historical EPF rates in India (www.succinctfp.com)

ইয়াত জমা থোৱা ধন ইনকাম্ টেক্সৰ 80C ৰ অধীনত ১.৫ লাখ টকালৈকে ৰেহায় পাব পাৰি।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

Friday, April 14, 2023

Assam creates Guinness world record for the largest Bihu performance

Assam, on Thursday, 13 th April 2023, created a Guinness world record for both Bihu dance as well as Bihu dhols with 11,304 dancers and drummers, in the largest Bihu dance and Bihu dhol performance in a single venue.

During the event, the performers included singers and those playing state's traditional instruments such as Dhol, Taal, Gogona, Toka, Pepa, and Xutuli, among others.

Earlier, in December 2022, 'Gamosa', a symbol of the culture and identity of Assam, received the GI tag from the central government.
A GI is tagged to primarily agricultural, natural or manufactured products, handicrafts and industrial goods originating from a definite geographical territory.

Tuesday, July 12, 2022

Personal Finance: ভাগ ১২, Credit Rating

<< ভাগ ১১ ভাগ ১৩ >>

Credit Rating হ'ল প্ৰতিস্থান এটাৰ সময়মতে ঋণ পৰিশোধ কৰিব পৰা ক্ষমতাৰ সুচক। ই প্ৰতিস্থান এটাৰ বিভিন্ন কামত সহায়ক হয় যেনে

  1. বেংকৰ পৰা ঋণ (loan) লোৱা সময়ত প্ৰতিস্থান এটাৰ ভাল Credit rating থাকিলে ঋণ পোৱাত সুবিধা হয় আৰু ঋণ কম সুদতে পাব পাৰে।
  2. যেতিয়া প্ৰতিস্থান এটাই ইয়াক লগা ধন সংগ্ৰহ কৰিবলৈ FD বা Bond জাৰি কৰে তেতিয়া ইয়াৰ ভাল Credit rating থাকিলে মানুহে সহজতে ইয়াত ধন নিবেশ কৰে।

এই Credit Rating বিলাক কিছুমান Credit Rating Agency য়ে দিয়ে, তেনে কিছুমান agency হ'ল

  • CRISIL
  • ICRA
  • CARE
  • India Ratings
  • Brickwork Ratings
  • Infometrics Valuation

এই Credit Rating বিলাক AAA (আটাইতকৈ ভাল, highest safety) ৰ পৰা D (আটাইতকৈ বেয়া, high risky) লৈ থাকে, যেনে

Credit RatingMeaning
AAAHighest degree of safety and lowest credit risk
AAHigh degree of safety and low credit risk
AAdequate degree of safety and low credit risk
BBBModerate degree of safety and moderate credit risk
BBModerate risk of default
BHigh risk of default
CVery high risk of default
DAlready in default or expected to default

আমি প্ৰতিস্থান এটাৰ FD বা Bond অত ধন নিবেশ কৰাৰ সময়ত ভাল Credit Rating চাইহে ধন নিবেশ কৰিব লাগে।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

Sunday, July 10, 2022

Personal Finance: ভাগ ১১, ধন বিনিয়োগ

<< ভাগ ১০ ভাগ ১২ >>

আমি আমাৰ সাঁচতীয়া ধনৰ বৃদ্ধি কৰিবলৈ বিভিন্ন ধৰণে ধন বিনিয়োগ কৰিব পাৰো।
ধন বিনিয়োগ কৰোতে আমি সদায় risk and return আৰু Power of Compounding মনত ৰাখিব লাগে। চাব লাগে যাতে মুদ্ৰাস্ফীতিতকৈ বেচি return পোৱা যায়।

ধন বিনিয়োগ কৰাৰ বাবে বিভিন্ন ধৰণৰ investment product আছে, প্ৰতিটোৰে risk আৰু return বেলেগ বেলেগ।

  1. Financial investment: ইয়াৰ ভিতৰত পৰে:
    1. Fixed income products:
      • Savings account: ইয়াত থোৱা ধন যিকোনো সময়তে উলিয়াব পাৰি যদিও return ২% বা ৩% হে পোৱা যায়।
      • Recurring Deposit (RD)
      • Fixed Deposit (FD)
      • Employee Provident Fund (EPF or PF)
      • Public Provident Fund (PPF)
      • Bond
      • National Savings Certificate (NSC): আমি ডাক ঘৰত ৫ বছৰৰ বাবে NSC কিনিব পাৰো যিয়ে বছৰেকীয়া ৬.৮% হাৰত সুদ দিয়ে। ইয়াত জমা থোৱা ধন ইনকাম্ টেক্সৰ 80C ৰ অধীনত ১.৫ লাখ টকালৈকে ৰেহায় পাব পাৰি।
      • Sukanya Samriddhi Yojana: কন্যা সন্তানৰ বাবে ২১ বছৰীয়া এই আঁচনিৰ অধীনত বছৰেকীয়া ৭.৬% সুদ পাব পাৰি। ইয়াত জমা থোৱা ধন ইনকাম্ টেক্সৰ 80C ৰ অধীনত ১.৫ লাখ টকালৈকো ৰেহায় পাব পাৰি।
    2. Non-fixed income investments:
      • Stocks
      • Mutual Fund
      • National Pension System (NPS)
      • Cryptocurrency
  2. Non-Financial investment: ইয়াৰ ভিতৰত পৰে:
    • Land / real estate
    • Gold
    • Fine arts and antiques

ইয়াৰ ওপৰিও বয়োজ্যষ্ট সকলৰ বাবে আন কিছুমান investment option আছে যেনে Senior Citizens' Saving Scheme, Pradhan Mantri Vaya Vandana Yojana আদি।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

Friday, July 8, 2022

Personal Finance: ভাগ ৯, Asset and Liability

<< ভাগ ৮ ভাগ ১০ >>

Asset হ'ল আৰ্থিক মুল্য থকা সম্পদ (resource) যাৰ প্ৰত্যক্ষ বা পৰোক্ষ্য ভাবে মূলধন আহৰণ (generate) কৰাৰ ক্ষমতা আছে। যেনে ভাড়াত দিয়া ঘৰ, কোম্পানীৰ শ্বেয়াৰ (share), মানুহ এজনৰ যোগ্যতা আদি। Asset থাকিলে মানুহৰ হাতলৈ টকা আমদানী হয়।

Liability হ'ল যিয়ে মানুহৰ হাতৰ পৰা টকা উলিয়াই নিয়ে। যেনে ব্যক্তিগত বস্তু কিনিবলৈ লোৱা ঋণ (loan ৰ বাবে আমি যথেষ্ট সুদ দিব লগা হয়), ব্যক্তিগত কামত ব্যৱহাৰ কৰাৰ বাবে কিনা গাড়ী (গাড়ী এখনৰ লগত বহুত আন খৰচ আহি পৰে যেনে insurance, periodic maintenance ...) আদি।
এইখিনিতেই চাব লাগে যে একে ধৰণৰ বস্তুৱেই কেতিয়াবা liability নহ'বওঁ পাৰে। যেনে ব্যৱসায় কৰিবলৈ লোৱা ঋণ liability নহ'বওঁ পাৰে কিয়নো ব্যৱসায় সফল হ'লে যিমান টকা আহিব পাৰে সি লোৱা ঋণতকৈ বহু বেচি হ'ব পাৰে।

আমি আমাৰ asset বঢ়াব আৰু liability কমাব যত্ন কৰিব লাগে।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.