Wednesday, January 1, 2025

e-books: গুগল প্লে বুকছ এপ ব্যৱহাৰ কৰি ই-বুক পঢ়োঁ আহক

Image from Wikipedia
Read the English Translation by Google

গুগল প্লে বুকছ (Google Play Books) হৈছে গুগলৰ দ্বাৰা পৰিচালিত এক ডিজিটেল সেৱা। ব্যৱহাৰকাৰীয়ে গুগল প্লে'ৰ পৰা ই-বুক আৰু অডিঅ' কিতাপ ক্ৰয় আৰু ডাউনলোড কৰিব পাৰে, যিয়ে পাঁচ লাখতকৈ অধিক ই-বুক প্ৰদান কৰে। বহুতো ই-বুক বিনামূলীয়াকৈ পঢ়িব পাৰি।

গুগল প্লে বুকছ এপ (Google Play Books App) ব্যৱহাৰ কৰি ই-বুক পঢ়াৰ পদক্ষেপসমূহ হ’ল:

  1. আপোনাৰ মোবাইলত গুগল প্লে বুকছ এপ ডাউনলোড কৰি ইনষ্টল কৰক, যদি আপুনি ইতিমধ্যে কৰা নাই।
  2. আপোনাৰ মোবাইল ফোনত ই-বুক ক্ৰয় আৰু ডাউনলোড কৰক।
  3. "প্লে বুকছ" এপত ই-বুকখন খোলক (ইয়াত দিয়া পদক্ষেপসমূহ android version 14 থকা স্মাৰ্ট ফোন এটাৰ, প্লে বুকছ এপৰ version 2024.11.29.0 ৰ বাবে। অন্য সংস্কৰণৰ বাবে, পদক্ষেপসমূহ ভিন্ন হ'ব পাৰে):
    • মোবাইলত ডাউনলোড কৰা ই-বুকখন থকা ফোল্ডাৰলৈ (folder) যাওক। ই-বুকৰ কাষৰ ৩টা বিন্দুত ক্লিক কৰক।
    • ইয়াত বিভিন্ন বিকল্পৰ সৈতে এখন screen দেখা যাব। "Open with" ত ক্লিক কৰক।
    • এতিয়া, ই-বুকখন খুলিবলৈ বিভিন্ন বিকল্পৰ সৈতে আন এখন screen দেখুৱাব। "Upload to Play Books" ত ক্লিক কৰক।
    • ই-বুকৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি কিছু সময় লাগিব, আৰু তাৰ পিছত ই-বুকখন "প্লে বুকছ" এপত দেখুৱাব।
      পঢ়িবলৈ ই-বুকখনত ক্লিক কৰক।
    • ই-বুকখন পঢ়াৰ বাবে খোল খাব।
  4. আপোনাৰ প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি আপোনাৰ পঢ়াৰ অভিজ্ঞতা পৰিবৰ্তন কৰক:


The "Android" name, the Android logo, the "Google Play" brand, and other Google trademarks, are property of Google LLC.
The opinions expressed here are entirely mine and are not necessarily correct.
You are free to disagree with them. Please leave your remarks as comment.

No comments:

Post a Comment