Tuesday, August 27, 2019

ইংলেন্ডৰ গাওঁ: আৰম্ভণি

ৰাতিপুৱাই অফিচত email চাই থাকোতে এটা mail এ মোৰ দৃষ্টি আকৰ্ষণ কৰিলে। Email টো মোৰ manager ৰৰো manager এ পঠোৱা, মই অফিচ অহাৰ লগে লগে তেখেতক লগ কৰিব কৈছে। মই দৈৰাদৈৰিকৈ তেখেতৰ cabin ৰ ফালে ঢাপলি মেলিলো, কি কাৰণত নো মাতিছে জানিবলৈ (সাধৰণতে manager এ ভাল কাৰণত নামাতে)।

তেখেতে মোক বহিব দি কলে যে মই ৬ মাহৰ বাবে ইংলন্ড যাব লাগে। মোৰ যোৱাৰ ইচ্ছা নাই, মই শুনিছিলো যে তাত যথেষ্ট ঠান্ডা পৰে। মোৰ ঠান্ডাত বহুত অসুবিধা, মই কেনেবাকে মোৰ নিজৰ ঠাই অসমত ঠান্ডাৰ দিনকেইটা কটাইছিলো। মই মনৰ ভাৱ প্ৰকাশ কৰিলো। কিছু আলোচনাৰ পিচত ঠিক হ'ল যে মই গৰমৰ দিনত যাম, তেতিয়া ঠান্ডা নাথাকে। মই Worthing নামৰ ঠাইত যাব লাগে, যি south England ত অবস্থিত।

নিজৰ cabin অলৈ আহি অলপ ঠাইখনৰ বিষয়ে জানিবলৈ internet খুলিলো। Worthing এখন সৰু ঠাই, লন্ডনৰ পৰা ১৫০ কিলোমিটাৰ দুৰত। তাত লন্ডনৰ নিচিনা ফুৰিব পৰা ঠাই একো নাই। মনটো কোচ্ খাই আহিল, ভাবিবলৈ ধৰিলো ৬ মাহ অকলে তাত কেনেকৈ অতিবাহিত কৰিম। কিন্তু ইতিমধ্যে মই কথা দিলো, গতিকে আৰু উপায় নাই, যাবই লাগিব।

মই যোৱাৰ জোগাৰ কৰিব ধৰিলো, তাত থকা দিনবোৰত বতৰ আৰু উস্নতাৰ ওপৰত অনুসন্ধান চলালো। যিহেতু মই গৰমৰ দিনত যাম, সেয়েহে গৰম কাপোৰৰ বিশেষ প্ৰয়োজন নহয়। তথাপি সাৱধান হৈ এটা sweater আৰু আন গৰম কাপোৰ কিনিলো। লগতে আন কিবাকিবি বস্তু যেনে চাটি, খোৱা বস্তু, mobile sim (Lyca), camera, battery, memory card, trolley bag ইত্যাদি কিনিলো।
কোম্পানীৰ ফালৰ পৰা হোটেল আৰু breakfast দিব, বাকি আন সকলো বস্তু মই নিজে manage কৰিব লাগিব (কোম্পেনীয়ে মোক daily allowance দিব)।
মই visa ৰ কাৰণে আবেদন কৰি, সাক্ষাৎকাৰত উৎত্তীৰ্ণ হৈ visa পালো।
মই কিছু টকা হাতত আৰু কিছু card ত লৈ যোৱাৰ সিদ্ধান্ত ললো।
মোৰ flight টিকট air emirates ত Heathrow, UK লৈ কৰা আছে।
সেইমতে মই নিৰ্ধাৰিত দিনত যাত্ৰা আৰম্ভ কৰি Heathrow পালো (মোৰ প্ৰথম International Flight ৰ ওপৰত লিখিবলৈ যঠেষ্ট আছে, সেয়েহে মই সেই বিষয়ে বেলেগকৈ লিখিম)।

Airport ৰ পৰা মই train ৰে গৈ Worthing পালো, প্ৰায় এঘন্টামান ল'লে। Train বিলাক আমাৰ দেশৰ তুলনাত যঠেষ্ট পৰিপাতি আৰু চফা। তাত train অত উঠাৰ পিচতো টিকত কাটিব পাৰি, মাত্ৰ স্টেশ্ৱনৰ পৰা ওলাই অহাৰ সময়ত টিকত check হয়। আমাৰ দেশৰ নিছিনা rail line cross কৰি যোৱা নেদেখিলো, হয়তো electric train কাৰণে মৃত্যু হোৱাৰ সম্ভাৱনা থাকে।

মই Worthing 4 তা বজাত পালো, স্টেশ্ৱনৰ পৰা ওলাই আহি taxi stand ৰ ফালে খোজ ল'লো। এটা সুন্দৰ ৰবিবাৰ, আকাশত সূৰ্য্যই হাঁহি আছে। Taxi stand তো খালি, এখনো taxi নাই। মই taxi ৰ বাবে কিছু সময় ৰ'লো। গোটেই ঠাইখিনি নিৰ্জন, এজন মানুহো দেখিবলৈ নাই, একো শব্দ নাই। মাত্ৰ অকমান দুৰত এখন ৰেষ্টুৰাঁ, দুৰৰ পৰাই কেইজনমান মানুহ দেখিছো। মই হোটেললৈ কেনেকৈ যাম ভাবিব ধৰিলো। হোটেলখন স্টেশ্ৱনৰ পৰা মাত্ৰ ১.৫ কিলোমিটাৰ দূৰত, কিন্তু যোৱা ৰাস্তা নাজানো (তেতিয়া গুগল্ মেপ নাছিল)। আমাৰ দেশত হোৱা হ'লে চাহ দোকান এখনতে সুধি ললোহেতেন ।


Worthing ৰেলৱে স্টেশ্ৱন

ৰৈ ৰৈ ভাগৰ লাগিল।
মই ইংলন্ডত এনেধৰণৰ পৰিস্থিতিত পৰিম বুলি কেতিয়াও ভৱা নাছিলো। অফিচত কৈছিল যে স্টেশ্ৱনৰ পৰা ওলাই আহিলেই বহুত টেক্সি ৰৈ থাকিব, এখনত উঠিলেই হ'ল।
মোৰ মনত বিভিন্ন ধৰণৰ চিন্তাই ভুমুকি মাৰিব ধৰিলে ... যদি হঠাতে কিছুমান মানুহে হাতত বন্দুক লৈ আহি মোৰ সকলো বস্তু লুটি লৈ যাই (ইংৰাজি চিনেমাত দেখিছো), মই মোৰ দেশলৈ কেনেকৈ উভটি যাম ??? ... যদিহে টেক্সি কিবাকাৰণত এখনো নাহে আৰু ৰাতি হৈ যাই, মই কি কৰিম ??? ...
কি কৰা যাই এতিয়া, মই ভাবিবলৈ ধৰিলো। মই ওচৰৰ ৰেষ্টোৰা খনলৈ গৈ খা-খবৰ লোৱাৰ সিদ্ধান্ত লৈ অকমান আগবাঢ়ি যাওতেই এখন টেক্সি আহি উপস্থিত হ'ল (প্ৰায় এঘন্টা ৰোৱাৰ পিচত), মই টেক্সিত উঠিহে শান্তিৰে নিশ্ৱাস ললো। টেক্সিয়ে ১০ মিনিটত হোটেল পোৱাই দিলে, বিনিময়ত ৭ পাউন্ড (মোটামোটি ৭০০ টকা) ল'লে।

হোটেলত মোৰ কোঠা আগতিয়াকৈ সংৰক্ষিত আছিল, সেয়েহে একো অসুবিধা নহ'ল। মই হোটেলৰ কোঠাটোত ইফাল সিফালে ঘুৰিলো, আগতে আমাৰ দেশত নেদেখা বস্তুবোৰ ভালদৰে চালো আৰু হোটেলৰ ওচৰ পাজৰৰ ঠাইখিনি চাবলৈ ওলাই আহিলো।


মই থকা হোটেল খন

তেতিয়া মোটামোটি সন্ধিয়া ৬ টা বাজিছে, সূৰ্য্য তেতিয়াও মুৰৰ ওপৰত। মই ইফাল সিফালে ঘুৰি ঘৰবোৰ চালো, ৰেষ্টোৰাবোৰ বাহিৰৰ পৰাই নিৰিক্ষণ কৰিলো (সিহতে খোৱাবস্তুৰ তালিকা বাহিৰতে ওলমাই থৈ দিয়ে) মই খাব পৰা বস্তুৰ সন্ধানত।
Beach খন হোটেলৰ একেবাৰে ওচৰত, ১০০ মিটাৰমান দুৰত। ইমান চফা beach দেখি মন ভাল লাগি গ'ল, বহুত দুৰলৈ খালিভৰিৰে খোজ কাঢ়িলো, ভাগৰ লগাত শুই আৰাম কৰিলো। ওচৰত কোনো মানুহ নাই, অলপ দুৰত কিছুমান মানুহ আছে। সাগৰৰ ধৌবোৰে এটা meditative শব্দৰ সৃষ্টি কৰিছে, মাজে মাজে সাগৰীয় চৰাইৰ মাত, মন শাত্ পৰি গ'ল।
মই পৰিবেশটোত ইমান মগ্ন হ'লো যে সময় চাব পাহৰিলো। হঠাত ঘৰি চাই দেখিলো ৯:৩০ বাজিছে ! আকাশত সূৰ্য্য বিৰাজমান আছিল, মই ভাবিছিলো যে হয়তো ৬ টা মান বাজিছে ।


হোটেলৰ ওচৰৰ beach

দৌৰাদৌৰিকৈ মই ওচৰৰে ৰেষ্টোৰাত (বাংলাদেশী ৰেষ্টোৰা, ভাৰতীয় খোৱা পোৱা যায়) বিৰিয়ানি খালো, ১০ পাউন্ড ল'লে। ত্ৰিপ্তিৰে পেট পুৰাই হোটেললৈ উভতি আহিলো আৰু অকণমান TV চাই ১০ টা মান বজাত শুলো (তেতিয়াও আকাশত সূৰ্য্য আছিল)। পিচদিনা মই মোৰ client অৰ অফিচলৈ যাব লাগে।

এইবাৰলৈ ইমানেই, আগলৈ মই ঠাইখনৰ আন ভাল লগা বিষয়ৰ ওপৰত লিখিম।

Saturday, August 10, 2019

অভ্যাস

Your beliefs become your thoughts,
Your thoughts become your words,
Your words become your actions,
Your actions become your habits,
Your habits become your values,
Your values become your destiny.

ইমান ধুনীয়া কোঠা মই আগতে দেখা নাই । পৰিপাতি বিচনা, ধুনীয়া কাঠৰ furniture. মেজত সজাই থোৱা আছে বিভিন্ন ধৰণৰ সামগ্ৰি - electric kettle, বিভিন্ন ধৰণৰ cup and saucer, spoons. Fridge খুলি দেখিলো বিভিন্ন ধৰণৰ biscuit packets, coffee powder packets, juice packets ইত্যাদি । Toilet ত bathtub, shower room. থৈ দিয়া আছে shampoo, body wash ৰ বটল, চাবোনৰ পেকেট । মই এটা shampoo বটল হাতত ললো, বেগত ভৰাই লোৱাৰ উদ্দেচ্ছৰে । অলপ আহি থমকি ৰলো, বিবেকে বাধা দিলে, বটলতো আগৰ ঠাইত থৈ আহিলো, ইচ্ছা নথকা স্বত্তেও ।

এয়া আছিল মোৰ বিদেশী হোটেলৰ প্ৰথম অভিজ্ঞতা, বহুবছৰ আগৰ । ইয়াৰ হোটেলবোৰত ইমান ধুনীয়া বস্তু ৰাখে যে বস্তুবোৰ বেগত ভৰাই ঘৰলৈ আনিব মন যায় । বহুত বস্তু বজাৰত কিনিব নাপায়, সিহতে order দি বনাই আনে ।
হয়, ইয়ে মনত পেলাই দিয়ে কিছু সময় আগতে বালীত হোৱা ভাৰতীয় পৰিয়ালটোৰ দুৰ্দশা ।
মই আজি আমাৰ ভাৰতীয় মানুহে বিদেশত কৰা কিছুমান তেনেধৰণৰ অভ্যাসবশত আচৰণৰ ওপৰত লিখিব ওলাইছো । এই ঘটনাবোৰ কাল্পনিক নহয়, মই নিজচকুৰে দেখা ।

International flight বিলাকে যাত্ৰীৰ বাবে যঠেষ্ট সা সুবিধা দিয়ে - unlimited soft and hard drinks, juices, soft blankets, headphones, sleeping eye mask etc. ইয়াত মন কৰিলে দেখা যাই যে বেচিভাগ ভাৰতীয়ই ইটোৰ পিচত সিটো drink order কৰে, বহুতে আকৈ normally drink নকৰিলেও তাত কৰে, আনকি can বেগত ভৰাই আনে । মোৰ লগত যোৱা এজনে এবাৰ কম্বল, head phone, sleeping eye mask ইত্যাদি লগত লৈ আহিছিল ।

ডুবাই এয়াৰপোৰ্ট এটা ডাঙৰ আৰু ব্যস্ত international airport. আন ঠাইলৈ যাবলৈ বহুতে ইয়াত flight change কৰে । ইয়াত বিশ্ৰাম লবলৈ বিচনা সদৃশ ডাঙৰ আৰামদায়ক চকী থাকে । আমাৰ ভাৰতীয় বহুতে চকীবিলাক ইমান বেয়াকে ব্যৱহাৰ কৰে যে তাত আৰু বহিবলৈ মন নাযায় । পঢ়িবলৈ তাত বিভিন্ন দেশৰ ধুনীয়া আলোচনী থাকে, বহুতে আলোচনী বেগত ভৰাই আনে ।

ইংলেন্ডৰ হোটেলৰ Breakfast কৰা table বিলাক বিভিন্ন ধৰণৰ ধুনীয়া jam, jelly আৰু butter ৰ বটলেৰে সজ্জিত কৰি ৰাখে । কিছু ভাৰতীয়ই তাৰ পৰা jam ৰ বটল পকেটত ভৰাই অনা মই দেখিছো।


এখন হোটেলত সজাই ঠোৱা jam আৰু jelly ৰ বটল

Hotel ৰ reception অত chocolate ঠোৱা থাকে, বহুতে মুঠা মুঠি চকলেট আনে।

লন্ডন site seeing tour ত যাওতে বাছত বহু ভাৰতীয় লগ পাইছিলো। বাছবিলাকত folding rain coat (so small it fits in shirt pocket), head phone (for listening to commentary on many different languages), pen থাকে, বহুত ভাৰতীয়ই লগাতকে বেচি বস্তু (এজনেই ৩-৪ টা raincoat) লৈ আহে ।

এই অভ্যাসবোৰে যদিও ক্ষন্তেকিয়া satisfaction দিয়ে, পিচলৈ বহুত একো পোৱা নাযায়। আমাৰ অফিছৰ এজনে এবাৰ বহুত কফি পাউদাৰৰ পেকেট আনিছিল, কিন্তু পিছত বেচিভাগ পেলাই দিছিল, expiry date পাৰ হোৱাত ।

আমি বহুত কাম অভ্যাস বশত কৰো, পিছত বহুক্ষেত্ৰত অনুসুচনাও হয় ।
কিন্তু এইধৰণৰ অভ্যাসৰ পৰা আমাৰ ক্ষতি হোৱাৰ সম্ভাবনা যঠেষ্ট বেছি, লাজত পৰিব লগাও হয় । তাৰোপৰি দেশৰ বা প্ৰদেশৰ নাম বদনাম হয় । Think before you act কথাষাৰ মনত ৰাখি চলিলে ভাল ।