Sunday, March 27, 2022

Personal Finance: ভাগ ৪, সঞ্চয়

<< ভাগ ৩ ভাগ ৫ >>

সঞ্চয় (saving) কৰাতো অতি আৱশ্যকীয়। মানুহে সাধাৰণতে মাহৰ সকলোবোৰ খৰচ কৰাৰ পিচত যিখিনি বাচি থাকে তাক সঞ্চয় কৰে। কিন্তু ইয়াক নকৰি আৰম্ভণীতেই আগতে নিৰ্ধাৰিত পৰিমানৰ ধন সঞ্চয় কৰি বাচি থকা খিনিৰে মাহৰ খৰচ চলাব পাৰিলে ভাল।

আমি সদায় আমাৰ সঞ্চয় বঢ়াবলৈ চেষ্টা কৰিব লাগে। তাৰ বাবে আমি:

  1. আয় (income) বঢ়াব যত্ন কৰিব লাগে, যাৰ বাবে আমি:
    • কম দৰমহাৰ চাকৰি এৰি বেচি দৰমহাৰ চাকৰি ল'ব পাৰো।
    • আমাৰ নিজৰ দক্ষতা বঢ়োৱাৰ যত্ন কৰিব পাৰো, যেনে কিবা নতুন দক্ষতা (skill) শিকিব বা higher degree ল'ব পাৰো, যিয়ে আমাক বেচি দৰমহাৰ চাকৰি পোৱাত সহায়ক হ'ব পাৰে।
    • নতুন চাকৰি পোৱাৰ সময়ত বা বছৰেকীয়া increment ৰ সময়ত আলোচনা (negotiate) কৰি দৰমহা বঢ়াই ল'ব পাৰো।
    • আৰু আন কিবা income ৰ ব্যৱস্থা কৰিব পাৰো, যেনে চাকৰিৰ লগতে কিবা part time ব্যৱসায়।
    • চাব লাগে যাতে জমা কৰি থোৱা ধনে আমাক উপযুক্ত সুদ্ (return) দিয়ে। যেনে savings account ত নাৰাখি আমি আমাৰ সাঁচতীয়া ধন fixed deposit বা mutual fund ত ৰাখিব পাৰো। বেংকত FD নকৰি আন কোম্পানী (যেনে HDFC) ত কৰিলে হয়তো বেছি return পাব পাৰো।
  2. খৰচ কম কৰিবৰ বাবে আমি:
    • অনাৱশ্যকীয় সামগ্ৰী কিনা বন্ধ বা কম কৰিব পাৰো। আমি বজাৰত যাওতে আমাক লগা সামগ্ৰীৰ তালিকা লগত লৈ গৈ সেইমতে বস্তু কিনিব পাৰো। বহু সময়ত আমি দোকানত (বিশেষকে super market বিলাকত) গৈ ভাল লাগি কিছু সামগ্ৰী কিনি আনো যিবিলাক ঘৰত এনেয়ে পৰি থাকে।
    • মনৰ নিয়ন্ত্রণ নাথাকিলে card (বিশেষকে credit card) ব্যৱহাৰ কৰিব নালাগে, কিয়নো card ত বস্তু কিনিলে গাত নালাগে। পইচা দি কিনিলেহে বুজি পোৱা যায় যে জেপৰ পৰা ধন ওলাই গৈছে।
    • Impulse buying (বস্তু এটা দেখিলেই বা ভাল লাগিলেই কিনা) কৰিব নালাগে। ইয়াৰ বাবে আমি চাব লাগে যে বস্তু এটা আমাৰ জীৱনত কিমান প্ৰয়োজনীয়। যদি আমি কিছু দিন ৰৈ দেখো যে বস্তুটো নোহোৱাকেও আমি ঠিকেই চলি আছো, তেতিয়া আমি জানিম যে বস্তুটো ইমান প্ৰয়োজনীয় নহয়।
    • আজিকালি বহুত super market ত offer চলি থাকে, সেই হিচাবত বস্তু কিনিলে কম দামত কিনিব পাৰি। যেনে DMart ত সদায় কিবা নহয় কিবা buy 1 get 1 চলি থাকে, তাৰ পৰা ভালদৰে চাই কিনিলে বহুত বস্তু আধা দামত কিনিব পাৰি।
    • সঘনাই lifestyle উন্নত কৰা যথেষ্ট costly, যেনে গাড়ী, মোবাইল সলোৱা আদি। বহুত মানুহে লগৰ আন মানুহক দেখাক দেখি এনে কৰি পিচত অসুবিধাৰ সন্মুখিন হয়।
    • সঘনাই ৰেস্তোৰাত খোৱা স্বাস্থ্যৰ বাবে বৰ ভাল নহয়, খৰছো বেছি, কমাব পাৰিলে ভাল।
    • ভালদৰে income tax ৰ পৰিকল্পনা কৰি অতিৰিক্ত tax দিয়া কমাব পাৰি।
    • সকলো ধৰণৰ loan যিমান পাৰি সিমান সোনকালে পৰিশোধ কৰাৰ চেষ্টা কৰিব লাগে।
    • আমি আমাৰ মাহেকীয়া budget (কি বস্তুত কিমান পৰিমাণৰ ধন খৰচ কৰিম) প্ৰস্তুত কৰি সেইমতে চলিব পাৰো।

আমি প্ৰতি মাহতে কিছু পৰিমানৰ ধন সাঁচিব যত্ন কৰিব লাগে, তেতিয়াহে তাক আমি আমাৰ আন কামত ব্যৱহাৰ কৰিব পাৰো।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

No comments:

Post a Comment