Friday, March 4, 2022

Personal Finance: ভাগ ১

ভাগ ২ >>

মই মোৰ ল'ৰাৰ লগত বহি তাৰ কাৰ্টুন চাই আছো, তেনেতে Ant and Grasshopper ৰ কাৰ্টুন এটা ওলাল। ইয়াত ফৰিংটোৱে ভৱিষ্যতৰ একো চিন্তা নকৰি দিনবোৰ আনন্দৰে কটায়। ইফালে পৰুৱাবোৰে কষ্ট কৰি ভৱিষ্যতৰ বাবে বস্তু গোটাই থয়। পৰুৱাবোৰে সোধাত ফৰিংটোৱে কয় যে চিন্তাৰ একো কাৰণ নাই, দিনবোৰ এতিয়াৰ দৰেই ভালে ভালে চলি যাব।
পিচত ঠান্ডা দিনত বৰফ পৰি সকলো বস্তু নোহোৱা হোৱাত ফৰিং বিপদত পৰে, কিন্তু পৰুৱাবোৰৰ তেতিয়াও একো অসুবিধা নহ'ল, সিহতৰ গোটাই থোৱা বস্তুৰে ভালদৰে চলি গ'ল।

ইয়াৰ পৰা আমাৰ কিছু শিকিব লগীয়া আছে। আমি উপাৰ্জন কৰি থকা সময়ত আমাৰ ভৱিষ্যতৰ কথা বিশেষ নাভাবো, ভৱিষ্যতত কি কি ধৰণৰ সমস্যা আহিব পাৰে তাৰ বাবে একো চিন্তা নকৰো আৰু একো প্ৰস্তুতিও নচলাওঁ। আমি বহুতেই এইটোও পাহৰি যাওঁ যে আমিও এদিন বুঢ়া হ'ম, আমিও বেমাৰত পৰিম, আমিও এদিন মৃত্যুৰ মূখত পৰিম, আমিও কেতিয়াবা আকস্মিক ভাবে দূৰ্ঘটনাৰ সন্মুখিন হ'ব লগা হ'ব পাৰে। আমি বেচিভাগেই এইবিলাকৰ প্ৰতি বেচি সজাগ নহও আৰু সেয়েহে জীৱনত যেতিয়া এই ধৰণৰ সমস্যাৰ সন্মুখিন হওঁ তেতিয়া অসুবিধাত পৰো।

আমাৰ জীৱনত আহিব পৰা এনে সমস্যাৰ বাবে আৰ্থিক দিশত প্ৰস্তুত হ'বলৈ আমাক Personal Finance ৰ জ্ঞান লাগে।
ইয়াত মই মোৰ অভিজ্ঞতা আৰু Certified Financial Planner ৰ বাবে কৰা অধ্যয়নৰ ভিত্তিত Personal Finance ৰ ওপৰত লিখিব ওলাইছোঁ, মুঠতে প্ৰায় ১৬ টা ভাগ আছে। আশাকৰো কোনোবা ইয়াৰ দ্বাৰা কিছু পৰিমানে হ'লেও লাভবান হ'ব।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

No comments:

Post a Comment