<< ভাগ ৫ | ভাগ ৭ >> |
সাধাৰণ ভাষাত বস্তুৰ মূল্য বৃদ্ধিৰ হাৰক মুদ্ৰাস্ফীতি বুলি ক'ব পাৰি। বস্তুৰ মূল্য বৃদ্ধি হোৱাৰ বাবে টকাৰ ক্ৰয় কৰা ক্ষমতা হ্ৰাস পায়।
উদাহৰণ হিচাবে যদি আমি ১০০ টকা ঘৰতে থৈ দি ৫ বছৰৰ পিচত উলিয়াও, তেতিয়া যদিও দেখাত একো সলনি হোৱা নাই (টকা ১০০ টকাই আছে), তথাপি ৫ বছৰৰ আগত ১০০ টকাৰে যি বস্তু কিনিব পাৰিলোহেতেন, ৫ বছৰৰ পিচত নোৱাৰিম। যদি মুদ্ৰাস্ফীতিৰ হাৰ বছৰেকীয়া ৬% ধৰা যায়, তেতিয়া ৫ বছৰৰ পিচত ১০০ টকাৰ মূল্য হ'ব ৭৩.৩৯ টকা। ইয়াক তলত দেখুওৱা ধৰণে গনণা কৰিব পাৰি।
২০১২ চনলৈ ভাৰতত মুদ্ৰাস্ফীতিৰ হাৰ ওপৰত দিয়া ধৰণৰ, ২০২০ চনত মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৬.৬২%, ২০২২ চনত হয়তো ৮% বা আৰু বেছি হ'ব পাৰে। |
গতিকে ধন ঘৰত থৈ দিয়া বা বহুত কম সুদত জমা থোৱা একেবাৰে অৰ্থহীন।
মুদ্ৰাস্ফীতিক ধনৰ silent killer বুলি কোৱা হয়। আমি নজনাকে ই আমাৰ ধনৰ মূল্য কমাই দিয়ে। আমি ধন বিনিয়োগ কৰাৰ সময়ত চাব লাগে যাতে মুদ্ৰাস্ফীতিৰ হাৰতকৈ বেছি return পাব পাৰো।
No comments:
Post a Comment