"ৰাজীৱ"..., ছাৰে মোৰ নামতো মতাত মই থিয় দি "yes sir" বুলিবলৈ ওলাওতেই ওচৰৰ পৰা আন এটা মাত ভাহি আহিল "yes sir". মই লৰাজনলৈ চালো, সেয়াই ৰাজীৱ ফুকনৰ লগত প্ৰথম পৰিচয় ।
মোৰ স্কুলৰ প্ৰথম বন্ধু আছিল অমল (in 5th std). তাৰ লগত একেলগে section A ত কিছুদিন ক্লাচ কৰাৰ পিচত, যিদিনা ৰাজীব ফুকন ক্লাচত আহিল, সিদিনাহে গম পালো যে মই আচলতে section C ৰ 😭
আৰম্ভনিতে মোৰ ভাল বন্ধুত্ব গঢ়ি উঠিছিল কল্যাণ, বিমান, পৰেশ, প্ৰদিপ, প্ৰনৱ, কুশল, জয়ন্ত, ৰেজাউল হতৰ লগত । তেতিয়া মই মালিগাও ৩ নং গেটত থাকিছিলো । পিছত কামাখ্যা গেটলৈ আহিলো, নতুন বন্ধু বাঢ়িল ... ৰন্জু, অনুপ, ভুবনজিত্ । লাহে লাহে তালিকা বাঢ়িবলৈ ধৰিলে ... দীপক, কিশোৰ, সমৰ, বিশ্ব, ৰন্তু, আচিফ, ভদ্ৰেশ্ৱৰ, অপুৰ্ব, ভবেশ, নয়নমনি, অৰবিন্দ, জয়ন্ত মহন্ত, অংকুৰ, জ্যোতি বিকাশ, ধীৰেণ, প্ৰতিম ... বহুত নাম মনলৈ অহা নাই, যঠেষ্ট সময় পাৰ হৈ গল স্কুল এৰাৰ ।
Sorry লগৰ ছোৱালী বিলাকৰ নাম উল্লেখ নকৰা বাবে, বিশেষ কথা নাপাতিছিলো তেতিয়া (was a shy guy). কিন্তু বেচিভাগকেই জানিছিলো । এইখিনিতেই লিপিকাৰ নাম উল্লেখ কৰিম, কাৰণ লিপিকা, ৰন্জু আৰু মই একেলগে tuition কৰিব গৈছিলো |
স্কুলৰ বহুত কথাই মনত আহে ... অংক যে জংক্ পংক্ ... ছাৰসকলৰ নাম ... বক্সাৰ, টেংকি ... বৰপেটা কবিতা পঢ়াই বৰ্মন ছাৰৰ বৰপেটা যোৱা plan ... কবিন্দ্ৰ ঠাকুৰিয়া আৰু মহেন্দ কলিতা ছাৰৰ ক্লাচৰ ভয় ... সুৰ্যকান্ত ছাৰৰ হৃদয় শান্ত কৰা মুখ খন ... সৰশ্বতী পুজা ... আহা বীণাপাণী দুখীয়াৰ দুৱাৰে ... ক্লাচ 10 ত ১৩ আৰু ১৭ ৰ নেউতা মুখষ্ঠ কৰিব দিয়া ... wall/gate পাৰ হৈ railway office ৰ ভিতৰত যোৱা ... tiffin ত শুক্ৰবাৰ বজাৰ ফুৰিব যোৱা ... প্ৰাগজ্যোতি হল ... পৰেশৰ press ৰ machine ত ধুনিয়াকৈ কটা বহি ... মুকুতৰ straight চুলি ... দিপকৰ লাইন লাইন ধুনীয়া হাতৰ আখৰ ...অৰবিন্দ আৰু জয়ন্ত মহন্তৰ খুহুতিয়া কথা ... আমাৰ ক্লাচৰ ফুটবল টিমটোৱে senior টিমক বহু গ'লত হৰুৱা ... স্কুলৰ বেল বজোৱা মানুহজনৰ মুখ খন ... homework কৰি নিনিয়াত মজুমদাৰ ছাৰৰ চিকনিৰ কোব ... কল্যান বিমান পৰেশৰ ঘৰত যোৱা ... টিফিন share কৰি খোৱা ... স্কুল চুটিৰ পিচত স্কুলৰ ওচৰৰ field ত cricket খেলা ... কিবা কথাত ছাৰে বেন্সত ঠিয় কৰাই থোৱা (তাৰ পৰা কিন্তু ক্লাচৰ view চাব ভাল লাগিছিল) ... পৰেশৰ ধুনিয়া geometry box টো ... ক্লাচত কথা কৈ থকাত মোক আৰু আন এজনক ছাৰে দুৱাৰৰ দুফালে ঠিয় কৰি থোৱা ... drop হিচাবত ink ধাৰত লৈ পিচদিনা পৰিশোধ কৰা (পৰেশে আকৈ black ink ব্য়ৱহাৰ কৰিছিল, আমি ধাৰত লৱ নোৱাৰিছিলো)
শিক্ষকসকলৰ পৰা শিকা বহুত কথাও মনত পৰে, যি জীৱনত পিচলৈ বহুত কামত সহায়ক হয় |
ওজা চাৰে ক্লাচত ইংলিছ উচ্ছাৰণ বিলাক বোৰ্দত লিখিছিল ... ক্যাট্ (cat), ব্যাট্ (bat) ইত্যাদি | তেতিয়া বুজি নাপাইছিলো, ভাবিছিলো কিয় আমি কেট, বেট ধৰনেৰে উচ্ছাৰণ নকৰো | বহু পিচত অসমৰ বাহিৰত অহাৰ পিচত জানিছিলো যে সেয়াহে আছিল প্ৰকৃত উচ্ছাৰণ |
সূৰ্য্য শৰ্ম্মা চাৰে সংস্কৃত ক্লাচত ধুনীয়াকৈ বুজাই দিয়া কাহিনী বিলাক এতিয়াও মনত আছে ... দুটা দিঙি থকা ৰাজহাঁহৰ কথা ... হংস কাক্ কথা ... ব্ৰাহ্মণ আৰু তিনিটা চোৰৰ কথা ... ৱচনম্ মধুৰম্ চৰিতম্ মধুৰম্ ... আদি | ইয়াৰ শিকনি বিলাকে জীৱনত বহুত প্ৰভাব পেলাইছিল |
আনএজন চাৰে প্ৰায়ে কৈছিল "চৰণেহে জানে মৰণৰ ঠাই", একেবাৰে সত্যকথা |
মহেন্দ্ৰ কলিতা চাৰৰ পৰা অংক শিকা মনত আছে, তেখেতৰ পৰা smart work কৰা শিকিছিলো |
ৰাজেন শৰ্ম্মা চাৰে বিজ্ঞান, আজিজ আলি চাৰে ইংৰাজী, বৰ্মণ চাৰে অসমীয়া পঢ়োৱা ভালদৰে মনত আছে |
স্কুলৰ দৈনিক পৰিবেশে নজনাকৈয়ে বহুত কথা শিকাইছিল | প্ৰাৰ্থনাৰ সময়ত স্কুলৰ দুৱাৰ বন্ধ কৰি থোৱা (সময়ৰ মূল্য শিকাইছিল), বহীবিলাকত পৰিপাটীকৈ cover লগোৱা, সোহাতে তলত নাম লিখা (neatness শিকাইছিল), চাৰসকলে home work check কৰা (disciplined হ'ব শিকাইছিল) আদি কথাবোৰ মনলৈ আহে |
এনেদৰে প্ৰত্যক্ষ বা পৰোক্ষ্য ভাবে বহুত কথা শিকিছিলো, পিচলৈ জীৱনত যঠেষ্ট কামত আহিল |
সচাকৈয়ে, অতীতৰ সেই স্কুলৰ দিনবোৰ কিমান যে সোণালী আৰু মধুৰ আছিল !

সেই দিনবোৰ জানো ঘুৰাই পাম ?
ৰাজীৱ লিখনিত তুমি সকলোকে পিছ পেলালা... অতি সুন্দৰ... পিছে চুটি কৰিলা... আৰু লিখা... পঢ়ি হেঁপাহ নপলাল...
ReplyDeleteধন্যবাদ অৰুণিমা
Deleteভাল লাগিল পঢ়ি । কিছু হেৰাই যোৱা স্মৃতি আকৌ মনলৈ আহিল !
ReplyDeleteধন্য়বাদ বৰ্ণালী
Deletebirat dhunia likhise raj da, aapuni j lekhok manuh gom e pua nasilu ☺️��
ReplyDeleteThanks Sandipan :)
DeleteBah Rajib tor memory maniba lagiba,������bhal lagil
ReplyDeleteধন্য়বাদ
Delete