Thursday, October 17, 2019

দুৰ্গা পুজা আৰু ইটো সিটো


WhatsApp group বিলাকত দুৰ্গা পুজাৰ ফটো চাই ঘৰত বহি আছো, বাংগালোৰত। ঘৰৰ ওচৰত পূজা হৈ আছে, গৈ এবাৰ চাইও আহিলো, কিন্তু মনটো কিবা কিবি লাগি আছে। মই যদিও ইয়াত আছো, মোৰ মনটো যেন গুৱাহাটীৰ পূজাস্থলীত ঘুৰি ফুৰিছে ...

"জাগো, তুমি জাগো, জাগো দুর্গা, জাগো দশপ্রহৰণধাৰিণী, অভয়াশক্তি বলপ্রদায়িনী তুমি জাগো।" ৰেডিওত এয়া মহালয়া বাজিছে। মহালয়াৰ দিনা ৰাতিপুৱাতেই ৰেডিও শুনা ককাদেউতাৰ পুৰণি অভ্যাস। এইখিনি সময়ত ৰাতিপুৱা অলপ ঠান্ডা পৰে, আধা শুই আধা সাৰে থকা অৱস্থাত গৰম কাপোৰৰ তলৰ পৰা মহালয়া শুনি ধুনীয়া আমেজ লাগে। লগতে এটা তৃপ্তিৰ ভাবো আহে - দুৰ্গা পূজা আহিছে বুলি।

দুৰ্গা পূজা বুলিলে স্কুলত পঢ়া সময়ত মনত আহে স্কুল বন্ধ, ফুৰিব যোৱা, বন্দুক আৰু গুলি। মই যিহেতু মামাৰ ঘৰত থাকিছিলো, পূজাৰ কেইদিন সদায় আইতা, মামাহতৰ লগত ফুৰিব গৈছিলো। এদিন মালিগাওঁৰ ফালে যাও, ৩ নং গেটত নামি খোজকাঢ়ি পূজা চাই চাই ৰেষ্টকেম্প পাও আৰু ওভতি আহো। আনদিনা চান্দমাৰীৰ ফালে যাও, কাছাৰীত নামি খোজকাঢ়ি পূজা চাই চাই চান্দমাৰী পাও আৰু ওভতি আহো। দশমীৰ দিনা গা ধুই কাগজত ১০১ বাৰ "শ্ৰী শ্ৰী দুৰ্গা সহায়" লিখো, সন্ধিয়া প্ৰতিমা বিসৰ্জন চাব যাও, জিলাপী খাই ওভতি আহোতে মনতো কিবা বেয়া লাগে, ফূৰ্তিৰ দিনবোৰ যেন শেষ হ'ল এইবছৰৰ বাবে। কেতিয়াবা ষ্টেডিয়ামত হোৱা ৰাৱণ পোৰা চাব গৈছিলো, সৰু মামাৰ লগত।


দুৰ্গা পূজাৰ আমাৰ সময়ৰ favourite toy

পিচত কলেজ পাওতে পূজাৰ ফূৰ্তিবোৰ অলপ বেলেগ হ'ল, পূজাত লগৰ ল'ৰাৰ লগত ফুৰিবলৈ ললো। ঘুৰি ফুৰি মাজতে কিবা খাওঁ। জোন, দিলিপ, ধীৰেণ, শৈলেন হঁতৰ লগত কিমান যে ফুৰিলো !

এতিয়া বাংগালোৰত থকাৰ সময়ৰ পৰা পূজা ভালদৰে চোৱা নাই। ইয়াত পূজা কম হয়, ওলাই যাবলৈ লগ বন্ধুও নাই, যি কেইজন আছে সকলো নিজক লৈ ব্যস্ত। লগ বন্ধু সম্বন্ধীয়ৰ লগতহে উৎসৱৰ মজা। বহু কেইবছৰ আমি পূজাত মাত্ৰ ঘৰতে বেংগলী tv channel চাই কটালো।

কেতিয়াবা মন যাই যেন পূজাৰ সময়ত ২ মাহ মান সময় অসমত কটাম, কিন্তু সচাকৈ হ'ব জানো?

Related posts:

No comments:

Post a Comment