Friday, November 8, 2019

মোৰ সংগীত শিক্ষা


মোৰ সংগীতৰ প্ৰতি কি আগ্ৰহ দেখিলে একো বুজি নাপালো, কিন্তু মোক সংগীত শিক্ষা দিবলৈ ঘৰৰ ডাঙৰ বিলাকে ঠিক কৰিলে। তেতিয়া মই class V ৰ ছাত্ৰ, এদিন সৰু মামাই নি মালিগাও চাৰিয়ালিৰ ওচৰত থকা নাৰায়ণ সংগীত মহাৱিদ্য়ালয়ত নাম লগাই দিলে।

মই প্ৰতি শনিবাৰ আৰু ৰবিবাৰে বগা পায়জামা আৰু পান্জাবী পিন্ধি ৰাতিপুৱা গানৰ স্কুল যাব ধৰিলো। প্ৰথমতে কি শিকালে ভালদৰে বুজিয়ে পোৱা নাচিলো, সদাই দেখোন সা ৰে গা মা পা ধা নি সা হে গাবলৈ দিয়ে।
পিচত লাহে লাগে শিকাব ধৰিলে
সা ৰে, সা ৰে গা, ৰে গা, ৰে গা মা, গা মা, গা মা পা ... ইত্য়াদি।
ইয়ালৈকে ঠিকেই আছিল, মই পাৰিছিলো। দেউতাই এটা হাৰ্মোনিয়াম ও আনি দিছিল, মই সন্ধিয়া বজাইছিলো।

তাৰ পিচত হঠাতে আহিল বিভিন্ন ৰাগ ।
ৰাগ ইমন, কল্য়াণ, গান্ধাৰ আদি (আৰু নাম মনত নাই)। চাৰ বাইদেউ বিলাকে ৰাগৰ ওপৰত বৰ্ণনা লিখিব দিছিল, তাতে কৈছিল "গোৱাৰ সময় ৰাত্ৰিৰ প্ৰথম প্ৰহৰ"। মই ভাবিছিলো যে ইমান ৰাতিপুৱাই উঠি গাব লাগিব, কিন্তু কাকো সোধাৰ সাহস হোৱা নাছিল।
ৰাগ ভিত্তিক গানবোৰ গাব লাগিছিল, যেনে

पिया की नज़रिया जादू भरी
मोह लियो मन, प्रेम भयो ।

मेरा मन बाँध लीनो रे
हाँ रे इन जोगिया के साथ ।

মই ক্লাচটোত একমাত্ৰ ল'ৰা, বাকি আনবিলাক ছোৱালী, প্ৰায় ৫০ জনী মান। মই তেতিয়া বৰ লাজকুৰিয়া আছিলো, ভাবি চোৱা মোৰ অৱস্থা কি হৈছিল।
মই চাৰ নহালৈ ক্লাচৰ বাহিৰত থিয় দি থাকিছিলো, চাৰ অহাৰ লগে লগে ক্লাচত সোমাই শেষৰ ফালে বহিছিলো।
কেতিয়াবা চাৰে মোক মাতি নি আগত বহাই দিছিল। কেতিয়াবা আকৈ চাৰে মোক জোকাই কৈছিল "মহাদেৱ তোমাৰ তপস্য়া ভংগ হ'লনে ?"
পিচত যেনিবা আৰু এজন ল'ৰা আহিল, তেতিয়া মোৰ অলপ সকাহ হ'ল।

চাৰৰ ভিতৰত গায়ন চাৰ (কামাখ্য়াৰ) আৰু principal চাৰক মনত আছে।
তাৰপৰা আমি ৰবিন্দ্ৰ ভৱনত হোৱা chorus competition ত ভাগ লৈ অ' মোৰ আপোনাৰ দেশ গাইছিলো। গ্ৰুপটোৰ ফটো পেপাৰত ওলাইছিল, দেউতাই ফটো সকলোকে দেখুৱাই ফুৰিছিল।

এনেদৰে সময় বাগৰি গ'ল ... এটা সময়ত পৰীক্ষা আহিল।
মই theory exam দিব গলো, লগত একো কিতাপ লৈ যোৱা নাই। পিচত দেখিলো যে পৰীক্ষাত সকলোৱে কিতাপ উলিয়াই তাৰ পৰা চাই চাই লিখে, মই ইফাল সিফাল কৰি যি জানো তাকে লিখি থৈ আহিলো।
Practical exam ৰ দিনা examiner কেইজন প্ৰকান্ড চৰ্দাৰজী, বোধহয় বাহিৰৰ পৰা আহিছিল। মোক হিন্দিতে কিবা গাব দিলে, মই ভালদৰে একো বুজি নাপালো, যি জানো তাকে গাই দিলো। পিচফালে আমাৰ চাৰ বাইদেউ কেইজন বহি হাঁহি আছিল, কিজানি মই ভুলকে গালো।
যি নহওক মই পৰীক্ষাত পাচ কৰিলো (সিমান ভাল নম্বৰ পোৱা নাছিলো, হয়তো 2nd class পাইছিলো, ভালদৰে মনত নাই), certificate এখনো পালো ( certificate খন কৰবাত হেৰাই গ'ল, বহুত বিচাৰিও নাপালো ) ।

ইতিমধ্য়ে মই class VII পালো, মোৰ আৰু গান শিকাৰ মন লাহে লাহে কমি আহিল, মই গানৰ ক্লাচত যোৱা বন্ধ কৰিলো।

যদিও মাত্ৰ এবছৰহে গান শিকিছিলো, তথাপি কিবা এটা যেন base গড়ি উঠিছিল, পিচত মই গান pick up কৰিব পাৰিছিলো।
নাৰায়ণ সংগীত মহাৱিদ্য়ালয়ৰ নিচিনা এখন স্কুলৰ প্ৰয়োজন অনুভৱ হয় এতিয়া, যিহেতু মই কিবা কিবি শিকিব খোজো।

Listen to:

No comments:

Post a Comment