এটা সম্পূৰ্ণ দিন কেৱল মোৰ আৰু বন্ধুসকলৰ বাবেই ? Nearly impossible for a family man ! কিন্তু সচাকে সম্ভৱ হৈ উঠিল। ৰেলৱে হাইস্কুল মালিগাওঁৰ ১৯৮৬ চনত মেট্ৰিক দিয়া শিক্ষ্যাৰ্থীৰ পুনৰ্মিলন সমাৰোহে এইটো সম্ভৱ কৰি তুলিলে।
জীৱনৰ অকোৱা-পকোৱা ওখ-চাপৰ বাটত খোজকাঢ়ি, কেৱল নিজক লৈ ব্যস্ত থাকোতে, স্কুলৰ নিঃস্ৱাৰ্থ সহপাঠী বন্ধুবোৰক যেন কৰবাত এৰি আহিছিলো। কল্যান, ৰন্জু, পৰেশ, কিশোৰ - মাত্ৰ এই কেইজন স্কুলৰ বন্ধুৰ লগত যোগাযোগ আছিল। পিচত Facebook অত অৰুণিমা, গায়ত্ৰী, বিমান হতৰ লগত সম্পৰ্ক হল, তথাপি আন বহুত বন্ধু ৰৈ গ'ল।
৩১ মে ২০১৯, WhatsApp ত এটা মেচেজ পালো, কল্যাণে মোক ৰেলৱে হাইস্কুল মালিগাওঁ গ্ৰুপটোত add কৰিলে। মনটো হঠাৎ ভাল লাগি গ'ল। মেচেজ বিলাক পঢ়িব ধৰিলো, লাহে লাহে বন্ধু বান্ধবী সকল এজনৰ পিচত সিজনকৈ গ্ৰুপত আহিল। কিছুমান দেখিবলৈ আগৰ দৰেই আছে, সময়ে যেন বিশেষ প্ৰভাব পেলাব পৰা নাই। আন কেইজনমানৰ এতিয়াৰ ফটো চাই মনত পেলাব অসুবিধা হ'ল, স্কুলৰ দিনৰ ফটো চাওঁতে ধৰিব পাৰিলো।
লাহে লাহে পূনৰ্মিলনৰ ওপৰত চৰ্চা চলিব ধৰিলে। মোৰ অসম যোৱাৰ টিকত ইতিমধ্যে কটা আছিল, মই সেইটো অৰুণিমাক ক'লো। পূনৰ্মিলনৰ দিন ধাৰ্য্য কৰা সময়ত সকলোৱে সেইটো মনত ৰখা বাবে অৰুণিমা আৰু আন সকলোকে ধন্যবাদ, নহলে মোৰ যঠেষ্ট অসুবিধা হ'ল হেতেন।
২৩ নৱেম্বৰ, ২০১৯, আজি পুনৰ্মিলন সমাৰোহ। মই ৰাতিপুৱা ৯:৩০ বজাত মালিগাওঁৰ ৰং ভৱনত উপস্থিত হলো, ইতিমধ্যে আন কেইজনমান বন্ধু তাত উপস্থিত হৈ কামত লাগিছে। লাহে লাহে বন্ধু বান্ধবী সকল গোট খালে, আমাক পঢ়োৱা আমন্ত্ৰিত শিক্ষাগুৰু সকলো আহিল, অনুস্থান আৰম্ভ হ'ল। পতকা উত্তোলন, স্মৃতি তৰ্পন, সন্মানীয় শিক্ষা গুৰুসকলৰ আসন গ্ৰহন, শীৰ্ষ গীত (কল্পনাই ৰচনা কৰা গানটো ধুনীয়াকৈ গালে দীপা আৰু আনসকলে), উদ্দেশ্য বাখ্যা (অৰুণিমাই সচাকৈয়ে ধুনীয়া speech দিয়ে, তাকো পটাপট্, বৰ ভাল লাগিল), ৰূপালীৰ বৰগীত (স্কুলত শুনাৰ দৰে বৰ ভাল লাগিল, পুৰণি কথা মনত পৰি তাই অলপ আবেগিক হৈ পৰিল), শিক্ষা গুৰুসকলক সম্বৰ্ধনা, সহপাঠী সকলক momento প্ৰদান (ৰাজীৱ ফুকনে বহু কস্ট কৰি গুজৰাটৰ পৰা বনাই আনিছে), "ছিয়াশীৰ সুবাস" আলোচনী উন্মোচন (কল্পনাই ধুনীয়াকৈ ইয়াৰ জন্ম কথাৰ ওপৰত ক'লে, মুকুল দাৰো যথেষ্ট অৰিহণা আছে আলোচনী খনত), অপূৰ্বৰ নিজে লিখা কবিতা পাঠ, ছাত্ৰ-ছাত্ৰীৰ স্কুলীয়া অনুভৱ (ৰাজীৱ ফুকনে ধুনীয়া বক্তৃতা ৰাখিলে, মোকো কিবা কোৱাৰ সুযোগ দিয়া বাবে ধন্যবাদ), শিক্ষা গুৰু সকলৰ অনুভৱ, দেবেন দাস চাৰৰ inspiring ভাষণ, ৰন্তুৰ গ্ৰন্থ উন্মোচন (বিভিন্ন বাদ্য যন্ত্ৰ নিজে শিকাৰ বাবে এইখন এখন অতি উত্তম গ্ৰন্থ হ'ব), শলাগৰ শৰাই (গায়ত্ৰীয়ে ধুনীয়াকৈ ক'লে), সমস্ৱৰে গোৱা অসম সংগীত আদি কাৰ্য্যসুচীত অংশ গ্ৰহণ কৰি আমি সকলোৱে যথেষ্ট আনন্দ লভিলো।
দুপৰীয়া সুস্বাদ খাদ্য পেট ভৰাই খোৱাৰ পিচত সন্ধিয়াৰ সাংস্কৃতিক অনুস্থানো যথেষ্ট enjoy কৰিলো।
ৰেণুকাৰ ছোৱালী আৰু মুকুলৰ গান, ৰন্তুৰ বিহু হুচৰি, বিশ্বৰ নাচ, প্ৰণৱ শৰ্মাৰ ল'ৰাৰ নাচ চাই মন আনন্দিত হ'ল। কিন্তু সেই সন্ধিয়াৰ বিশেষ আকৰ্ষণ আছিল ৰাজিৱ দাস আৰু কৰবীৰ গান, মুকুল আৰু ৰূপালীৰ নাচ। সকলোৱে সিদিনা মন ভৰাই হাঁহি মাতি নাচি গাই বহুত ফূৰ্তি কৰিলে। মনত ভাব হ'ল যেন সন্ধিয়াতো শেষেই নহওক, কিন্তু এটা সময়ত সামৰণি মাৰিব লগীয়া হ'ল, এখন সফল পূনৰ্মিলন অনুস্থানৰ।
পূনৰ্মিলন অনুস্থানত মই গান গাম বুলি ভাবি আহিছিলো, ৬ - ৭ টা মান গান practice ও কৰি আহিছিলো কিন্তু ঠান্ডা লাগি throat infection হোৱাত গাব নোৱাৰিলো, আশা ৰাখিছো আগলৈ কেতিয়াবা গাম।
বহুত বন্ধু বান্ধবীক সূদীৰ্ঘ ৩৩ বছৰৰ পিচত লগ পাই বৰ ভাল লাগিল, মনত ভাব হ'ল যেন আকৌ স্কুলত পঢ়িবলৈ লৈছো। বহু কেইজনক লগ পাব নোৱাৰি বেয়া লাগিল - কিশোৰ, ইমানুল, বৰ্নালী, প্ৰশান্ত হতক লগ পোৱা হ'লে ভাল লাগিল হেতেন। বহু কেইজন আমাৰ মাজত নাই, বৰ বেয়া লাগিল, বিশেষকৈ জয়ন্তক মনত পৰিল, সি মোৰ লগত স্কুলত ঘনিষ্ঠ আছিল।
অনুস্থানটোক সফল কৰিবলৈ বহুকেইজনে প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে সহায় সহযোগ কৰিছে।
আচিফ, ভবেশ, গায়ত্ৰী, প্ৰণৱ, দীপা, কৰবী, জোনমনি, কল্পনা, বিশ্ৱ, মুনিন্দ্ৰ, অৰুণিমা, কল্যাণ, ধীৰেন, গৌতম, মুকুল, দীগেন্দ্ৰ, মুকুল দা, অৰবিন্দ, জুৰি, ৰাজীৱ ফুকন, ৰাজীৱ দাস, অনুপ, ৰূপালী, ৰেহেনা, কানন, মলিনা, দিবাকৰ, ৰন্তু, ৱাছিম, অপূৰ্ৱ, ৰেজাউল, পৰেশ, ৰন্জু আৰু আন সকলোকে ধন্যবাদ জনালো।
যদি মই কোনোবাৰ নাম উল্লেখ কৰিব পাহৰিছো, তাৰ বাবে ক্ষমা বিচাৰিছো, আগলৈ মই ইয়াত add কৰি দিম।
এনেদৰে এটা সম্পূৰ্ণ দিন অতিবাহিত কৰিলো কেৱল মোক আৰু স্কুলৰ বন্ধুসকলক লৈয়েই - স্কুলৰ দিনৰ কথা পাতি, মন ভৰাই হাঁহি মাতি নাচি বাগি, চকুৰ আগত স্কুলৰ দিনৰ ঘটনাবোৰ ভাহি আহিল।
অসমৰ পৰা ওভতি অহাৰ আগতে বহুকেইজনক লগ কৰিম বুলি ভাবি আছিলো, কিন্তু হৈ নুঠিল।
পূনৰ্মিলনৰ বহুমূলীয়া স্মৃতি মনত সাঁচি লৈ কৰ্মভূমিলৈ যাত্ৰা কৰিলো। এই বন্ধুত্বৰ স্মৃতিয়ে আজীৱন মনত অনুপ্ৰেৰণা যোগাব।
ধন্যবাদ বন্ধু - বান্ধৱী সকল, আকৌ লগ হ'ম।
মেলিদে তোৰ
দুখৰ দুখনি হাত,
এবাৰ জিৰাও তোৰ
বুকুৰ শিতল চাঁত,
বন্ধু ।
Rajib tumar likhoni porhiboloi roi asiu.Reunion r eta din amar kom hoisil. Bhalkoi kotha potai nohol.Tothapiu jiman enjoy korilu ajio bhabi bhal lage.Tumi xakolu khini dhunia koi likhisa.Tumar gan xuna axa thaki gol.Agoloi nishay xunim.😊😊
ReplyDeleteধন্যৱাদ
Delete