Thursday, December 19, 2019

লক্ষ্যত উপনীত হওঁক


এটা নতুন বছৰৰ আৰম্ভণি হ'ব, কিছু দিন পিচতেই।
আমি বহুতেই নতুন বছৰৰ সংকল্প (New Year Resolution) লওঁ, নতুন বছৰটোত exercise কৰিম, weight lose কৰিম ... ইত্য়াদি। কিন্তু বছৰৰ শেষত দেখা যায় যে সেইটো হৈ নুঠিল।
ইয়াৰ কাৰণ হ'ল যে Resolution বিলাক যথেষ্ট বহল (broad statement), তাৰ সলনি আমি লক্ষ্য স্থাপন (goal, specific statement) কৰিলে তাত সফল হোৱাৰ আশা যথেষ্ট বেছি।

লক্ষ্য স্থাপন (goal set) কৰাৰ এটা প্ৰমাণিত উপায় আছে, চমুকে ইয়াক SMART বুলি কোৱা হয়।


SMART
  • Specific: লক্ষ্যৰ বিশদ বিবৰণ থাকিব লাগে, যেনে কোনে কৰিব, কি কৰিম, কিয় কৰিম, কেতিয়া কৰিম, ক'ত কৰিম (Who, What, Why, When, Where).
    উদাহৰণ হিচাবে, মোৰ লক্ষ্য "নতুন বছৰটোত exercise কৰিম" (I will exercise in the new year) ৰ সলনি "মই মোৰ সাধাৰণ স্বাস্থ্য ভালে ৰাখিবলৈ, সদায় সন্ধিয়া ৰাস্তাত খোজ কাঢ়িম" (In order to maintain my general health, I will walk daily evening, on the roads) হ'ব লাগে।
  • Measurable: লক্ষ্যৰ অগ্রগতি (progress) আৰু শেষ (completion) সদায় জুখিব পৰা হ'ব লাগে। যেনে কিমান দুৰ / সময় খোজ কাঢ়িলে মোৰ লক্ষ্য সমাপ্ত হ'ব?
    গতিকে মোৰ লক্ষ্য হ'ব "মই মোৰ সাধাৰণ স্বাস্থ্য ভালে ৰাখিবলৈ, সদায় সন্ধিয়া ৩০ মিনিট ৰাস্তাত খোজ কাঢ়িম" (In order to maintain my general health, I will walk 30 minutes daily evening, on the roads).
  • Achievable: মোৰ লক্ষ্য প্রকৃততে উপনীত হ'ব পৰা ধৰণৰ নে? ইয়াত কিবা বাধা (limitations) আহিব পাৰে নেকি ? মই সচাকে ৩০ মিনিট খোজ কাঢ়িব পাৰিম নে, হয়তো আৰম্ভণিতে নোৱাৰো, হয়তো প্ৰথমতে কম সময়ত আৰম্ভ কৰি সময় লাহে লাহে বঢ়াব লাগিব।
    গতিকে মোৰ লক্ষ্য হ'ব "মই মোৰ সাধাৰণ স্বাস্থ্য ভালে ৰাখিবলৈ, সদায় সন্ধিয়া ৩০ মিনিট ৰাস্তাত খোজ কাঢ়িম। প্ৰথমতে ৩ মিনিট খোজ কাঢ়িম, প্ৰতি মাহতে সময় ৩ মিনিটকৈ বঢ়াই থাকিম।" (In order to maintain my general health, I will walk 30 minutes daily evening, on the roads. Initially I will start with 3 minutes and increase the time by 3 minutes each month.)
  • Realistic: হাতত থকা সময় আৰু সম্পদৰ সহায়ত আমি লক্ষ্যত বাস্তৱিকতে উপনীত হ'ব পাৰিম নে?
    যেনে, মোৰ হাতত সচাকে সদাই ৩০ মিনিট খোজ কাঢ়িবলৈ সময় আছে নে? যদি নাই, তেন্তে কিমান সময় দিব পাৰো? সেইমতে লক্ষ্য সলনি কৰিব লগা হ'ব পাৰে।
    ধৰক, মোৰ আঠুৰ বিষ আছে। তেন্তে সচাকে মই ৩০ মিনিট খোজ কাঢ়িব পাৰিম নে? যদি নোৱাৰো, তেন্তে সময় কমাব লগা হ'ব পাৰে। অন্য়থা মই মোৰ লক্ষ্যত কেতিয়াও উপনীত হ'ব নোৱাৰিম।
  • Time bound: প্ৰতিতো লক্ষ্যৰে এটা সময় সীমা থাকিব লাগে - আৰম্ভণি আৰু শেষ সময় ।
    গতিকে মোৰ লক্ষ্য হ'ব "মই মোৰ সাধাৰণ স্বাস্থ্য ভালে ৰাখিবলৈ, ১ জানুৱাৰি ২০২০ ৰ পৰা, সদায় সন্ধিয়া ৩০ মিনিট ৰাস্তাত খোজ কাঢ়িম। প্ৰথমতে ৩ মিনিট খোজ কাঢ়িম, প্ৰতি মাহতে সময় ৩ মিনিটকৈ বঢ়াই থাকিম।" (In order to maintain my general health, I will walk 30 minutes daily evening, on the roads, starting 1st January 2020. Initially I will start with 3 minutes and increase the time by 3 minutes each month.)

যিকোনো লক্ষ্যত উপনীত হ'বলৈ হ'লে, লক্ষ্য স্থাপনেই যথেষ্ট নহয় । তাৰ বাবে আমি কাৰ্য্য কৰিবও লাগিব । ইয়াৰ বাবে আমি PDCA cycle ব্য়বহাৰ কৰিব পাৰো ।


PDCA cycle
  • Plan: প্ৰথমতে আমি লক্ষ্যত উপনীত হোৱাৰ পৰিকল্পনা কৰিম, তাৰ বাবে ওপৰত দিয়া ধৰণেৰে SMART লক্ষ্য স্থাপন কৰিম । এই লক্ষ্যটো আমি সহজতে দেখা পোৱা ঠাইত লিখি ৰাখিম, যাতে সদাই অহা যোৱা কৰোতে দেখা পাওঁ ।
  • Do: পৰিকল্পনা মতে আমি কাম আৰম্ভ কৰিম ।
    ইয়াত দিয়া উদাহৰণ হিচাবে, মই ১ জানুৱাৰি ২০২০ ৰ পৰা সদায় সন্ধিয়া ৩ মিনিট খোজ কঢ়া আৰম্ভ কৰিম ।
  • Check: আমি এটা নিৰ্দিষ্ট সময়ৰ মুৰে মুৰে, ফলাফল পৰিকল্পনা মতে হৈছে নে নাই, তাক নিৰীক্ষণ কৰিব লাগে। যদি পৰিকল্পনা অনুসৰি ফলাফল হোৱা নাই, চাব লাগে কি কাৰণে হোৱা নাই, কি কৰিলে ভাল ফলাফল পোৱা যাব।
    উদাহৰণ হিচাবে, এমাহৰ অন্তত মই সচাকে সদায় ৩ মিনিট খোজ কাঢ়িব পাৰিছো নে নাই চাব লাগিব । যদি পৰা নাই, কিয় ? সময় পোৱা নাই ? সময় পাইছো কিন্তু খোজ কাঢ়িব অসুবিধা হৈছে ? হয়তো ৰাস্তাত বহুত ধূলি থকা বাবে খোজ কাঢ়িব পৰা নাই ? ইত্য়াদি ।
  • Adjust: যদি পৰিকল্পনা অনুসৰি ফলাফল হোৱা নাই, তেতিয়া আমি পৰিকল্পনাত কিবা সলনি কৰিব লগা হ'ব পাৰে। ইয়াত আমি চাম, কি সলনি কৰিব লাগিব যাতে পৰিকল্পনা অনুসৰি ফলাফল পোৱা যাব ।
    উদাহৰণ হিচাবে, যদি মই সন্ধিয়া খোজ কাঢ়িব সময় পোৱা নাই, তেন্তে বেলেগ সময়ত (ৰাতিপুৱা) খোজ কাঢ়িব চেষ্টা কৰিম । যদি খোজ কাঢ়িব অসুবিধা পাইছো, তেন্তে চাম কি কৰিলে অসুবিধা দূৰ হ'ব - নতুন জোতা এজোৰে সহায় কৰিব নেকি? যদি ৰাস্তাত বহুত ধূলি থকা বাবে খোজ কাঢ়িব পৰা নাই, তেতিয়া চেষ্টা কৰিম treadmill ত খোজ কাঢ়িবলৈ।

যিকোনো লক্ষ্যত উপনীত হোৱাৰ বাবে, আমি প্ৰথমতে চাব লাগিব যেন আমাৰ লক্ষ্য SMART হয় । লক্ষ্য বৃহৎ ডাঙৰ হ'লে তাক সৰু সৰু লক্ষ্যত ভাগ কৰি ল'ব লাগে । অবাস্তব লক্ষ্য, উৎসাহৰ অভাৱ আদিয়ে লক্ষ্যত উপনীত হোৱাত ব্য়াঘাতৰ উৎপন্ন কৰে। যিকোনো সৰু পৰ্যায়ত সফলতা পালে, তাক অতি উৎসাহেৰে উদ্যাপন কৰিব লাগে, ইয়ে লক্ষ্যত উপনীত হোৱাত সহায়ক হয় ।

Related:

No comments:

Post a Comment