Tuesday, December 24, 2019

আমি অসমীয়া


আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হম?
সকলো আছিল সকলো আছে নুবুজো নলওঁ গম ।

আমি অসমীয়া হিচাবে আমাৰ অসমখনৰ উন্নতিত কিবা অলপ হ'লেও যোগদান দিব পাৰো নেকি, বিশেষকৈ শেহতীয়া পৰিস্থিতিলৈ লক্ষ্য় ৰাখি ?
মই ভাবি ভাবি যিখিনি পালো, তাক তলত উল্লেখ কৰিছো ।

  • শিক্ষা আৰু ব্যক্তিগত অৰ্হতা বৰ্ধন
    শিক্ষা জাতি এটাৰ মেৰুদন্ড।
    • আমি প্ৰত্য়েকে নিজৰ ঘৰখনত এটা শিকাৰ পৰিবেশ গঢ়ি তুলিব পাৰো । সকলোৱা যেন শিকাৰ কাৰণে পঢ়ে, মাত্ৰ পৰিক্ষ্য়া পাচ কৰিবলৈ নহয়। পাঠ্য়পুঠিৰ লগতে আন জ্ঞান বৰ্ধক আলোচনীও পঢ়িব লাগে। আনকো শিকিবলৈ উৎসাহিত কৰিব পাৰো।
    • সৰুৰে পৰা আমাৰ ল'ৰা ছোৱালী আৰু আন অসমীয়াক পৰিশ্ৰমী কৰিব চেষ্টা কৰিব পাৰো ।
    • অমি যিখিনি জানো, তাক আনৰ লগত share কৰিলে, নজনা সকলেও যথেষ্ট উপকৃত হ'ব। তাৰ বাবে আমি online platform আৰু social media ব্য়বহাৰ কৰিব পাৰো।
    • আমি বিভিন্ন ধৰণৰ বিষয়, আন ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰিব পাৰো, যাতে আমাৰ মানুহেও সেইবোৰৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰে।
  • ভাষা
    • আমি আমাৰ ভাষা যিমান পাৰি সিমান ব্য়ৱহাৰ কৰিব পাৰো, ঘৰত আৰু বাহিৰত।
    • আমি সৰুৰে পৰা আমাৰ ল'ৰা ছোৱালীক অসমীয়া ভাষা শিকা আৰু ব্য়ৱহাৰৰ গুৰুত্ব বুজাব পাৰো।
    • আমি আন ভাষাৰ লোককো অসমীয়া শিকিবলৈ উৎসাহিত কৰিব পাৰো। যিয়ে শিকিব পাৰিছে, সিহঁতক আন মানুহৰ আগত প্ৰশংসা (praise publicly) কৰিলে, আনেও শিকিবলৈ উৎসাহ পাব।
  • সংস্কৃতি
    • আমি আমাৰ সংস্কৃতি যিমান পাৰি সিমান বজাই ৰাখিবলৈ যত্ন কৰিব পাৰো, ঘৰত আৰু বাহিৰত। লগতে আমাৰ ল'ৰা ছোৱালীকো শিকাব পাৰো।
    • আমি আমাৰ সংস্কৃতি, সেয়া যি ঠাইৰে নহওক, সদায় সন্মান কৰিব পাৰো। দেখা যায় যে upper অসমৰ বহুতে Lower অসমৰ সংস্কৃতিক হাঁহে, এনে হ'লে আমাৰ জাতিত ঐক্য নোহোৱা হ'ব।
    • আমি আমাৰ সংস্কৃতি যিমান পাৰি সিমান প্ৰচাৰ কৰাৰ চেষ্টা কৰিব পাৰো, বিশেষকে অসমৰ বাহিৰত থকা বিলাকে। আমাৰ লগৰ বিলাকক আমি আমাৰ সংস্কৃতিৰ বিষয়ে কব পাৰো। আমাৰ সংস্কৃতিৰ ওপৰত আমি লিখিব পাৰো আৰু লগৰ আন ঠাইৰ বন্ধুৰ লগত share কৰিব পাৰো। তাৰ বাবে আমি online platform আৰু social media ব্য়বহাৰ কৰিব পাৰো। ইয়ে আমাৰ পর্যটন উদ্যোগত সহায়ক হ'ব পাৰে।
    • অসমৰ বাহিৰত থকা বিলাকে ইজনে সিজনৰ লগত ভাল বন্ধুত্ত বজাই ৰাখিব পাৰো। এই ক্ষেত্ৰত মই Malayali মানুহৰ উদাহৰণ দিব বিচাৰিছো । যেতিয়া office ত এজন নতুন Malayali মানুহ আহে, আন Malayali মানুহে অতি কম সময়ৰ ভিতৰতে সেইজনৰ লগত বন্ধুত্ত কৰি পেলায়। মাত্ৰ এঘন্তা আগত লগ পোৱা মানুহৰ লগত এনেদৰে কথা পাতে, লাগে যেন বছৰ বছৰ ধৰি চিনি পায়। কিন্ত অসমীয়াৰ ক্ষেত্ৰত তেনে হোৱা দেখা নাযায়।
  • ঐতিহ্য
    • আমাৰ ঐতিহাসিক স্থানবোৰ (monuments) আমি সযতনে সংৰক্ষণ কৰিব লাগে, ধংস হ'বলৈ দিব নালাগে। দেখা যায় যে মানুহে সেইবোৰত কিবা কিবি লিখি আহে, ইয়ে স্থানবোৰৰ ক্ষতি সাধন কৰে। তেনেকুৱা নকৰিবলৈ আমি আমাৰ লৰা ছোৱালী লগতে আনকো বুজাব পাৰো।
    • আমাৰ ল'ৰা ছোৱালীক ঐতিহাসিক স্থানবোৰৰ বিষয়ে ক'ব পাৰো আৰু পাৰিলে সেইবোৰ স্থানলৈ লৈ যাব পাৰো। ল'ৰা ছোৱালীক সংগ্ৰাহালয়লৈ (museum) লৈ গলে বহুত কথা জানিব পাৰিব।
    • আমি আমাৰ ঐতিহ্য যিমান পাৰি সিমান প্ৰচাৰ কৰাৰ চেষ্টা কৰিব পাৰো, বিশেষকে অসমৰ বাহিৰত থকা বিলাকে। আমাৰ লগৰ বিলাকক আমি আমাৰ ঐতিহ্যৰ বিষয়ে কব পাৰো। আমাৰ ঐতিহ্যৰ ওপৰত আমি লিখিব পাৰো আৰু লগৰ আন ঠাইৰ বন্ধুৰ লগত share কৰিব পাৰো। তাৰ বাবে আমি online platform আৰু social media ব্য়বহাৰ কৰিব পাৰো। ইয়ে আমাৰ পর্যটন উদ্যোগত সহায়ক হ'ব পাৰে।
  • আৰ্থিক আৰু জীবিকা
    • আমাৰ থলুৱা ব্যৱসায়ক সমর্থন কৰিব পাৰো। থলুৱা ব্যৱসায়ীৰ পৰা বস্তু কিনিব পাৰো, আমি জনা মানুহখিনিক থলুৱা ব্যৱসায়ীৰ বিষয়ে জনাব পাৰো, থলুৱা ব্যৱসায়ীক সমর্থন কৰি ধনাত্মক মন্তব্য (positive reviews) দিব পাৰো - তাৰ বাবে আমি online platform আৰু social media ব্য়বহাৰ কৰিব পাৰো।
    • আমাৰ কামৰ বাবে অসমীয়া মানুহ ব্য়ৱহাৰ কৰিব পাৰো, এইটো অলপমান Tricky, কাৰণ আন কিছুমান মানুহ আমাৰ মানুহতকৈ বেছি পৰিশ্ৰমী।
    • আমাৰ থলুৱা মানুহক সংস্থাপন আৰু চাকৰিৰ ক্ষেত্ৰত সহায় কৰিব পাৰো। যেতিয়া আমি কাম কৰি থকা সংগঠনত কিবা চাকৰিৰ কথা জানিব পাওঁ, তেতিয়া আমাৰ অসমীয়া মানুহক জনাব পাৰো আৰু refer কৰিব পাৰো। উদাহৰণ হিচাবে মোৰ ইয়াত থকা অসমীয়াৰ এটা group email id আছে, যেতিয়া job vacancy ওলায় তেতিয়া আমি ইয়াত details post কৰো।
    • চৰকাৰী আৰু সামুহিক সম্পত্তি ধংস কৰিব নালাগে, এইবোৰ আচলতে আমাৰ পইচাৰেহে কিনা - আমি এই কথাবোৰ আমাৰ লৰা ছোৱালী আৰু আনক বুজাব পাৰো।
    • আমি বাহিৰৰ পৰা অহা পৰিভ্ৰমণকাৰীক যিকোনো ধৰণৰ ক্ষতি সাধন কৰিব নালাগে। ইয়ে বাহিৰত আমাৰ প্ৰতিচ্ছবি হেয় কৰি তুলিব পাৰে, যিয়ে দূৰলৈ আমাৰ পর্যটন উদ্যোগক ক্ষতি কৰিব পাৰে।
    • মাটি বা আন স্থায়ী সম্পত্তি বিক্ৰৰ ক্ষেত্ৰত, আমি আমাৰ থলুৱা মানুহক প্ৰথম preference দিব পাৰো। ইয়ে বাহিৰৰ মানুহক অসমত চিৰস্থায়ী হোৱাত বাধা প্ৰদান কৰিব।
      অসমৰ বাহিৰত, বিশেষকৈ মই থকা ঠাইত দেখিছো যে ইয়াৰ মানুহ এইক্ষেত্ৰত বহুত সজাগ। যিকোনো colony ত মাটি কিনিব গলে, বহুত ক্ষেত্ৰত, আমি directly মাটিৰ মালিকৰ পৰা মাটি কিনিব নোৱাৰো, এটা সংগঠন থাকে যাৰ সহায়তহে মাটি কিনিব পাৰি। স্থানীয় মানুহৰ বাবে দাম কম আৰু বাহিৰৰ মানুহৰ বাবে বেছি। মাটি বেচাৰ সময়তো, বাহিৰৰ মানুহে বেচিলে market price তকৈ কমত বেচিব লাগে, নহলে সংগঠন টোৱে কাকো কিনিব নিদিয়ে।
    • অসমত আমি নিজাকে business গঢ়ি তুলিব যত্ন কৰিব পাৰো, তেতিয়া আমি অসমীয়া মানুহক কৰ্ম সংস্থাপন দিব পৰিম।

আমাৰ জেষ্ঠ নাগৰিক সকলোকো আমি বিভিন্ন সামাজিক কামত জড়িত হ'বলৈ উৎসাহিত কৰিব পাৰো। বাহিৰৰ দেশত দেখা যায় যে বহুত জেষ্ঠ নাগৰিকে শনি আৰু ৰবিবাৰে ৰাজহুৱা স্থানত লগ হৈ বিভিন্ন সংগঠনৰ বাবে পইচা সংগ্ৰহ কৰে। মানুহক আকৰ্ষণ কৰিবলৈ তেওঁলোকে নানা ধৰণত আমোদজনক কাম কৰে, যেনে ভায়োলিন্ বজোৱা, গান গোৱা, বিভিন্ন ধৰণৰ যন্ত্ৰ সংগীত বজোৱা ইত্য়াদি।
আন সকলেও ওচৰে পাচৰে হৈ থকা বিভিন্ন ধৰণত শিক্ষা, ভাষা, সংস্কৃতি সম্বন্ধীয় কাৰ্যত volunteer হ'ব পাৰো।

আমি প্ৰতিজনে যদি অলপমান হ'লেও কিবা এটা কৰো, তথাপি বহুত কিবা হোৱাৰ সম্ভাবনা আছে।
ইয়াত লিখা খিনি মোৰ নিজৰ মন্তব্য় হে, যদি মই কিবা ভুল লিখিছো, অনুগ্ৰহ কৰি আঙুলিয়াই দিয়ে যেন।

Assam Related:

No comments:

Post a Comment