Tuesday, March 17, 2020

বৰ্তমান শ্ৱেয়াৰ মাৰ্কেট


বৰ্তমান শ্ৱেয়াৰ মাৰ্কেটৰ অৱস্থা বৰ বেয়া, বহুত মানুহে বহুত পইচা হেৰাইচে । যঠেষ্ট ভয় লগা অৱস্থা ।

কিন্তু আন ফালৰ পৰা চাব গলে এইটো এটা ভাল সুযোগ, কাৰণ ভাল ভাল কোম্পানীৰ শ্ৱেয়াৰ এতিয়া বহুত কম দামতে কিনিব পাৰি । যদি ভাল শ্ৱেয়াৰ কিনি কিছু সময় ৰ'ব পাৰো, তেনেহ'লে বহুত লাভবান হোৱাৰ আশা আছে । কিন্তু অসুবিধাটো হ'ল যে কিমান দিনলৈ (বা মাহলৈ) শ্ৱেয়াৰ মাৰ্কেটৰ অৱস্থা এনে হৈ থাকিব কব পৰা নাযায়, হয়তো ২ বা ৩ মাহতে ভাল হ'ব পাৰে, নাইবা হয়তো কিছু বছৰো লাগিব পাৰে, কোনেও নাজানে । কিন্তু যদি হাতত ৫ বছৰ মানলৈ কামত নলগা পইচা আছে, তেনেহ'লে ভাল ভাল কোম্পানীৰ শ্ৱেয়াৰ এতিয়া কিনি থব পাৰি । হয়তো শ্ৱেয়াৰৰ দাম আৰু কমিব পাৰে, কোনেও নাজানে। আমি এতিয়া কিছু কিনি অলপ ৰ'ব পাৰো, পিচত আৰু কমিলে আৰু কিনিব পাৰো।

মই জনা, শ্ৱেয়াৰ কিনিব পৰা, কিছুমান ভাল কোম্পানী হ'ল HDFC bank, HDFC, Titan, Bata, Astral poly, Britannia, Nestle, Colgate-Palmolive, Bajaj finance, HDFCLIFE, CRISIL, SBI. এই কোম্পানীবিলাকৰ শ্ৱেয়াৰ এতিয়া বহুত কম দামত কিনিব পাৰি ।

আনহাতে আমি নিজে কোম্পানীৰ শ্ৱেয়াৰ নিকিনি Mutual Fund অতো invest কৰিব পাৰো । বহুত Mutual Fund ৰো NAV এতিয়া যঠেষ্ট কম, এতিয়াই invest কৰি থলে ৪ বা ৫ বছৰৰ পিচত বহুত ভাল return পোৱা যাব ।

Note: শ্ৱেয়াৰ মাৰ্কেটত invest কৰা যথেষ্ট risky , লোকচান হোৱাৰ সম্ভাবনা যথেষ্ট আছে । তাৰ তুলনাত Mutual Fund কম risky যদিও লোকচান হোৱাৰ সম্ভাবনা তাতো আছে ।

Added on 18th Oct 2020

এয়া ৭ মাহ পিচৰ কথা, অক্টোবৰ ২০২০ । এই কেইমাহত share market অৰ অৱস্থা বহুত ভাল হ'ল । মই মাৰ্চ মাহত share market অত invest কৰিব কিছু পইচা উলিয়াইছিলো, কিন্তু গোটেইখিনি invest নকৰিলো। মোক আন কিবা কাৰণত পইচাৰ দৰকাৰ হোৱাৰ সম্ভাৱনা আছিল। লগতে share market অৰ expert বিলাকে market আৰু বেয়া হ'ব বুলি prediction কৰিছিল, ময়ো সিহতৰ কথা মানি লৈছিলো। তথাপি মোৰ হিচাবত কিছু invest কৰিছিলো, আজি চাই দেখিলো যে ভাল return পাইছো।


Share Market অত মোৰ আজিৰ profit

এটা life time opportunity হেৰোৱা যেন লাগিল। মই বাচিলোৱা share বিলাকে যথেষ্ট ভাল return দিছে। কিন্তু ভবামতে invest কৰিব নোৱাৰিলো, মাত্ৰ ১০% হে কৰিলো। মই ইয়াৰ পৰা এইটোৱে বুজিলো যে share market অৰ expert বিলাকে আচলতে বিশেষ একো বেচি নাজানে, মাত্ৰ এটা অনুমানহে কৰে। বা তেওঁলোকে জানিলেও হয়তো মানুহক ভূলপথে পৰিচালনা কৰে যাতে সাধাৰণ মানুহে ভয়তে সকলো share বিক্ৰি কৰে, share অৰ দাম বহুত কমি যায়, তেতিয়া তেওঁলোকে কিনে ।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

No comments:

Post a Comment