Wednesday, March 25, 2020

কোৰোনাই পালে ঐ !


জানোৱাৰী মাহৰ কোনোবা এটা দিন, মই মোৰ mutual fund ৰ current status চাওতে দেখিলো যে fund ৰ value যথেষ্ট কম, NAV বহুত কম। মই মোৰ লগৰ এজনক ইয়াৰ বিষয়ে সোধাত কোৰোনাৰ বিষয়ে প্ৰথম শুনিলো, চীনত হোৱা কথাটো। ইমান গুৰুত্ব নিদিলো, ভাবিলো বেলেগ দেশতহে হৈছে, আমাৰ ইয়াত একো প্ৰভাব নপৰে।

ফেব্ৰুৱাৰী মাহত ইংলন্ড যাব লগা হ'ল, তাত ইতিমধ্যে এজন মানুহ কোৰোনাত আক্ৰান্ত হৈছে, মই যাব লগিয়া ঠাইখনৰ ওচৰতে থকা আন এখন ঠাইত (dove). সাৱধানতা হিচাবে মাস্ক্ আৰু কিবা কিবি ঔষধ লগত ললো।
Flight অত বহুত সাৱধান হৈ গলো, হাত নোধোৱাকে একো নাখালো, ঠান্ডা একো বস্তু নাখালো, গৰম পানীহে খালো। Toilet অৰ পৰা হাত ধুই ওলাওতে ভৰি গাৰে হেচি থেলি কেনেবাকে দুৱাৰ খুলিহে আহিলো, যাতে হাতত একো নালাগে। খাওতে সাবধান হলো যাতে ওচৰৰ কেইজনে নাহাঁচিয়াই।

ইংলন্ডত কিন্তু তাৰ মানুহক বিশেষ চিন্তিত নেদেখিলো। সকলো আগৰ দৰেই, কোনো মাস্ক্ নাই, hand sanitizer নাই। ময়ো কোৰোনাৰ কথা লাহে লাহে পাহৰিলো, ৰেস্তোৰা‍ / পাবত খাব গলো, সকলোৰে লগত hand shake কৰিলো, মাত্ৰ মাজে মাজে হাত ধুই থাকিলো।

আমাৰ দেশলৈ ওভতি আহিহে কোৰোনাৰ ভয়াবহতা উপলব্ধি কৰিলো।
অফিচৰ প্ৰতিখন দুৱাৰ মুখতে hand sanitizer ঠোৱা আছে, Lift ৰ দুৱাৰ মুখত কোৰোনাৰ বিষয়ে বিজ্ঞাপন লগোৱা আছে, ঠায়ে ঠায়ে tv বিলাকত কোৰোনাৰ বিষয়ে সজাগতা মূলক তথ্য দেখুৱাই থকা হৈছে।


অফিচত Lift ৰ দুৱাৰ মুখত কোৰোনাৰ বিষয়ে বিজ্ঞাপন

ময়ো hand sanitizer আৰু মাস্ক্ কিনিব বিছাৰিলো, কিন্তু কোনো দোকানত বিচাৰি নাপালো। শেষত এখন দোকানত মাস্ক্ তিনিগুন দামত কিনিলো। Hand sanitizer অনলাইনত কিনিলো, ৩ টা বটলৰ এটা pack, কিন্তু যেতিয়া আহিল খুলি দেখিলো যে মাত্ৰ ১ টা বটল হে আছে!
সাধাৰণ ঔষধ, চাউল, দাইল আদি অলপ বেচি পৰিমানে কিনি থলো।

অফিচলৈ যোৱাতো অলপ টান কাম হৈ পৰিছে। গাড়ীত এটা hand wash থৈছো। অফিচৰ দুৱাৰ খোলোতে সাৱধান হৈ খোলো, কোনোৱে সাধৰণতে নোচোৱা ঠাইত ধৰিহে খোলো, যেনে দুৱাৰৰ বহুত ওপৰত। সঘনাই হাত ধুই থাকো, নোৱাৰিলে sanitizer লগাওঁ।
ঘৰ আহিবলৈ গাড়ীত উঠাৰ আগে আগে sanitizer ৰে হাত ভালকৈ চফা কৰো। ঘৰ আহি পালে car parking অতে hand wash ৰে হাত ধুই লওঁ।
ঘৰত জোতা বাহিৰতে খুলি থৈ অফিচৰ বেগ আৰু মোবাইল এটা ওখ cupboard ত থৈ দিও যাতে ল'ৰাটোৱে লগ নাপায়। চিধাই গৈ পিন্ধি থকা কাপোৰ বোৰ extra toilet টোত থৈ দিও (বৰ্তমান toilet টো এই কামৰ কাৰণে ব্যৱহাৰ কৰিছো), গা বা হাত মুখ ভৰি চাবোনেৰে ভালদৰে ধুই হে পৰিয়ালৰ লগত বহো।
দোকানৰ পৰা বস্তু কিনি আনিলে গাড়ীত থৈ দিও, পিচদিনাহে ঘৰলৈ আনো যাতে কোৰোনাৰ বিজাণু মৰে।
গেচৰ চিলিন্ডাৰ অহাত ৪ দিনমান ঘৰৰ বাহিৰতে থৈ তাৰ পিচতহে আনিলো।

লাহে লাহে অফিচত মানুহৰ সংখ্যা কমিব ধৰিলে, ভয়তে বহুতে ঘৰৰ পৰাই কাম কৰিব ধৰিলে। আমৰ appartment টো বহুতেই ঘৰৰ পৰাই কাম কৰিছে যদিও সদাইৰ নিচিনা ওলাই সোমাই ফুৰিছে, সৰু ল'ৰা ছোৱালী বিলাকো আগৰ দৰেই খেলি ফুৰিছে। লাহে লাহে whatsapp ত কোৰোনা সম্পৰ্কীয় নানা ধৰণৰ বাতৰি ওলাব ধৰিলে, মানুহে লাহে লাহে ঘৰৰ পৰা ওলোৱা কম কৰিব ধৰিলে। তথাপি আন কিছুমান মানুহে আগৰ দৰেই ঘূৰি ফূৰি থাকিল, যেন একোৱে হোৱা নাই।

এই কিছুদিনৰ পৰা কোৰোনাৰ ভয়াবহতা আৰু বাঢ়িছে, বাংগালোৰত বহুত কেইজনৰ হৈছে, ইটালীত মৃতকৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে। ভাৰতত বাহিৰৰ পৰা অহা মানুহৰ বহুতৰ হৈছে। বাহিৰৰ পৰা অহা বহুতেই সাৱধানতা হিচাবে ১৫ দিন ঘৰত কটাইছে, আন কিছুমানে কিন্তু ঘূৰি ফুৰিছে। চৰকাৰে ইয়াৰ সকলো mass gathering হ'ব পৰা ঠাই যেনে shopping mall, picture hall আদি বন্ধ কৰি দিছে।
আমাৰ appartment অতো party hall, swiming pool আৰু gym বন্ধ কৰি দিছে। ঘৰে ঘৰে কাম কৰা মানুহ, পেপাৰ আদিক অহা বন্ধ, কিন্তু সিহতক salary দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। কিন্তু গাখীৰ, গেছ আদি আহিব দিয়া হৈচে।


আমাৰ appartment অত party hall, swiming pool আৰু gym বন্ধ

ইমান tension ৰ মাজতো কিন্তু whatsapp ত কোৰোনা সম্বন্ধীয় বহুত খুহুতীয়া ফটো, ভিডিও, মেচেজ আহি আছে। চাই ভাল লাগে, নহলে কোৰোনাৰ উৰা বাতৰি চাই চাই যে কি হ'ল হেতেন !

আমাৰ ওচৰৰ আন এটা appartment ত এজন মানুহৰ হৈছে, সি US ৰ পৰা আহিছিল আৰু ইতিমধ্যে isolated হৈ আছে। খবৰতো জানি আমাৰ appartment ৰ বেচিভাগ মানুহৰে যেন অন্থ কন্থ শুকাই গৈছে। ঘৰৰ বাহিৰত কোনোৱে নোলোৱা হ'ল, ল'ৰা ছোৱালী বিলাকো নেখেলা হ'ল। আমাৰ appartment অত যদিও ১৪০ টা flat আছে, তথাপি চাৰিওফালে নিঃশব্দ।


আমাৰ appartment ৰ open badminton court , সাধাৰণতে ইয়াত মানুহে ৰাতি ১ টা মানলৈ খেলি থাকে, এতিয়া জনশূন্য়

আনহাতে আন কিছুমান মানুহক দেখিলে লাগে যেন ক'তো একো হোৱা নাই। মোৰ ঘৰৰ ওচৰ পাজৰৰ ঠাইবোৰত (ঘৰতো মূখ্য চহৰৰ পৰা অলপ আঁতৰত, গাওঁ সদৃশ ঠাইত) এতিয়াও আঁহত গছৰ তলত ওচৰা ওচৰিকৈ বহি বহুতে কথা পাতি থকা দেখা যায়। চাহ দোকান বোৰৰ আগত চাহ চিগাৰেট্ খাই বহুতে আড্ডা দিয়ে।
এইবোৰ ইয়াৰ স্থানীয় মানুহ, হয়তো তেওঁলোকে ভাবে যে এইবেমাৰ বোৰ আমাৰ মানুহৰ নহয়, বাহিৰৰ পৰা অহা মানুহৰহে । হয়তো সিহত মানুহৰ লগত সম্বন্ধীয় চাকৰি বা ব্যৱসায়ত জড়িত, সিহতৰ আন উপায় নাই, ঘৰৰ পৰা কাম কৰিব নোৱাৰে, কাম নকৰিলেও সংসাৰ নচলে।

আজিৰ পৰা দেশযোৰা ২১ দিনীয়া lockdown. যোৱাকালি ৮ বজাত প্ৰধান মন্ত্ৰীৰ ভাষণৰ পিচত দোকানত মানুহৰ পৰুৱাৰ দৰে লাইন দেখা গৈছিল, বস্তু কিনিবলৈ। ইজনে সিজনৰ গাত গা লগাই বস্তু কিনিছে, সকলোৱে কোৰোনাৰ কথা অলপ সময়ৰ বাবে পাহৰি গ'ল, কিছু দিন চলিবৰ কাৰণে বস্তু কিনিব পাৰিলেই যেন ৰক্ষা।
মোৰ ঘৰতে সোমাই থকা ইতিমধ্যে ১২ দিন হ'ল। ঘৰৰ পৰাই কাম কৰিছো। অসুবিধা হ'ল ল'ৰাটোক লৈ, সি ঘৰৰ বাহিৰত ফুৰিব ভাল পায়। এইকেইদিন ঘৰতে থাকি সি বৰ আমনি পাইছে। মাজে মাজে আমাৰ কাপোৰ আনি হাতত তুলি দিয়ে আৰু দুৱাৰৰ ফালে দেখুৱাই দি কয় "ফু ফু"!
আমাৰ ঘৰটো চতুৰ্থ মহলাত, balcony ৰ পৰা appartment ৰ ২ টা block ৰ ঘৰবোৰ, badminton court, ৰাস্তাৰ কিছু অংশ দেখা যায়। আমি আজিকালি বহুত সময় balcony ত কটাও, ভাল লাগে, মনত ভাব হয় যেন আমি ঘৰৰ বাহিৰত আছো, কাৰণ ইয়াত যথেষ্ট পোহৰ পোৱা যায়, ঘৰৰ বাকি ৰুমবোৰত সূৰ্য্যৰ পোহৰ আছে যদিও যথেষ্ট নহয়। বহুত ঘৰ এনেকুৱা আছে য'ত পোহৰ বেছি নপৰে, balcony ও নাই, তাত ইমান দিন ঘৰৰ পৰা নোলোৱাকে থকা বৰ কস্টকৰ হ'ব।


আমাৰ balcony ৰ একাংশ, মই ইয়াত কিবা কিবি ৰুইছো, এতিয়া হাতত যথেষ্ট সময়

কেতিয়া যে ইয়াৰ অন্ত হ'ব? ২১ দিন lockdown ৰ পিচত সকলো ঠিক হ'বনে? যদি নহয় তেতিয়া? তাৰ পিচত কি আকৈ lockdown হ'ব? কোৰোনা ভাল হ'লেও দেশবোৰৰ অৰ্থিক অৱস্থা বেয়া হ'ব, কোম্পানীত কাম কৰা সকলৰ চাকৰি থাকিবনে ?
বেচিকে ভাবিলে মূৰ গৰম হৈ যায়।

2 comments:

  1. সঁচাকৈ coronar আতংক আৰু ভয়াবহতা ধুনীয়াকৈ লিখিছা। Balcony তেওঁ তোমাৰ ধুনীয়াকৈ সঁজাইছা।

    ReplyDelete