Sunday, March 29, 2020

ইমাৰজেন্চি ফান্ড


এটা জনশূন্য় ৰাজপথ, ভৰদুপৰীয়া এটা পৰিয়াল খোজকাঢ়ি গৈ আছে। মতা মানুহজনৰ কান্ধত ল'ৰা এজন আৰু হাতত এটা ডাঙৰ বেগ, মাইকী মানুহ জনীৰ হাতত এটা সৰু কেচুৱা আৰু আন হাতত এটা বেগ।

এইটো সাধাৰণ সময়ৰ কথা নহয়, কোৰোনাৰ লকডাউনৰ সময়ৰ কথা।
মই বাতৰিত দৃশ্য়টো দেখি কি হৈছে জানিবলৈ volume অলপ বঢ়াই দিলো। তেনেতে এজন reporter এ আহি তেওঁলোকক ইয়াৰ বিষয়ে সুধিলে।
পৰিয়ালটো দিল্লীত থাকিছিল, মতা মানুহজন হ'ল carpenter. লকডাউনৰ বাবে একো কাম নথকা কাৰণে তেখেতৰ মালিকে লকডাউনৰ কেইদিনৰ দৰ্মহা নিদিয়ে। কিন্তু ঘৰৰ মালিকে গোটেই মাহৰ ভাৰা বিচাৰে, তেওঁলোকে দিয়ে ক'ৰপৰা ! সেয়েহে তেওঁলোকে ঘৰলৈ উভতি যোৱাৰ ইচ্ছাৰে ওলাই আহিছে, ঘৰ দিল্লীৰ পৰা ১৯০ কিলোমিটাৰ দূৰত। কিন্তু একো যান বাহন নচলা কাৰণে তেওঁলোকে খোজ কাঢ়িবলৈ ধৰিছে।

আমি বহুতেই লকডাউনত ঘৰতে বহি খাই নিচিন্ত মনে আৰাম কৰিছো, দোকানৰ বস্তু কিনি ঘৰ ভৰাই ৰাখিছো, কিন্তু আন কিছুমান মানুহৰ পৰিস্থিতি বেলেগ। তেওঁলোকে নিজৰ survival ৰ বাবে চিন্তা কৰিব লগা হয়, তেনে ক্ষেত্ৰত লকডাউন, social distancing কেনেদৰে মানি চলিব?

মানুহৰ জীৱনত পইচাৰ গুৰুত্ব কিমান, ইয়াৰ পৰাই বুজিব পৰা যায়।
এনেকুৱা পৰিস্থিতিৰ পৰা হাত সাৰি থাকিবলৈ হ'লে আমাৰ সকলোৰে Emergency fund থাকিব লাগে। Emergency fund হ'ল আমাৰ কেইমাহ মানৰ খৰচ (সকলো ধৰণৰ খৰচ) হ'ব লগীয়া পইচা। মানুহৰ চাকৰিৰ ওপৰত ভিত্তি কৰি মাহৰ সংখ্য়াটো বেলেগ বেলেগ হ'ব পাৰে। কোনো চৰকাৰী চাকৰিয়ালৰ (চাকৰিতো নিৰাপদ বুলি ধৰি লৈছো) বাবে ২ বা ৩ মাহৰ খৰচ Emergency fund ত ৰাখিলে যথেষ্ট হ'ব পাৰে। আনহাতে কোনো ব্য়ক্তিগত কোম্পানীত কাম কৰা মানুহৰ (চাকৰি নিৰাপদ নহয়) বাবে ৩ ৰ পৰা ৬ মান মানৰ খৰচ ৰাখিব লগা হ'ব পাৰে। যিসকলৰ চাকৰি volatile আৰু চাকৰি বিচাৰোতে সময় লাগিব পাৰে, তেনে ক্ষেত্ৰত বেচি মাহৰ (১ বছৰ পৰ্যন্ত) খৰচ ৰাখিব লগা হ'ব পাৰে। তাৰোপৰি যিকোনো আকস্মিক ভাবে হ'বপৰা medical expense ৰ কাৰণে আমি আৰু কিছু পইচা ৰাখিব পাৰো।

Emergency fund আমি মাত্ৰ emergency (something that can not be predicted) তহে খৰচ কৰিব লাগে, যেনে কোনোবাৰ চাকৰি গ'ল, কিবা হঠাৎ হোৱা medical expense আদি। তাৰ বাহিৰে আন একো কামত ইয়াক খৰচ কৰিব নালাগে। Emergency fund এবাৰ ব্য়ৱহাৰ কৰিলে তাক আকৈ জমা কৰি থ'ব লাগে।
Emergency fund এনেকুৱাকে invest কৰিব লাগে যাতে আমাক লগা সময়ত অতি সোনকালে (১ বা ২ দিনৰ ভিতৰত) আমি উলিয়াই আনিব পাৰো।

No comments:

Post a Comment