ৰাতি ২ টা বাজিছে, মোৰ ল'ৰাটোৱে বিছনাৰ পৰাই মোলৈ চাই ৰৈ আছে, মই ওচৰত নুশুলে সি টোপনি নাযায়। মই অফিচৰ কামত ব্যস্ত, আজিয়েই এটা প্ৰজেক্ট্ release কৰিব লাগে, আৰু কিমান সময় লাগিব নাজানো।
শুৱাৰ পিচতো হয়তো মাজতে আকৈ উঠিব লাগিব, ল'ৰাটোৱে কেতিয়াবা সাৰ পাই কান্দে। মোৰ টোপনি ভাগিলে আৰু নাহে, কম টোপনি হ'লে প্ৰায়ে পিচদিনা মূৰৰ বিষ হয় আৰু অফিচৰ কাম কৰিব অসুবিধা, কিয়নো মই বহুঘন্টা headphone লগাই মিটিং কৰিব লাগে।
এয়া হ'ল মোৰ ২০২১ চনৰ work from home ৰ কাহিনী।
মোৰ software অত কাম কৰা প্ৰায় ১৮ বছৰ হ'ল, কিন্তু ২০২০ - ২১ চনৰ নিচিনা তিক্ত অভিজ্ঞতা কেতিয়াও হোৱা নাই। অফিচৰ নাম শুনিলে যেন কিবা তিতা কেহা লাগে, মনটো কোচ খাই আহে। কাম কৰিব মন নলগা হ'ল। ঘৰৰ পৰাই কাম কৰি কৰি যেন অফিচৰ কাম আৰু ঘৰৰ কামৰ মাজৰ balance হেৰাই গ'ল।
সেয়েহে বহুত ভাবি চিন্তি কামৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্ত ললো।
আজি ২৯ অক্টোবৰ তাৰিখ, মোৰ কামৰ অন্তিম দিন ... হয়তো আৰু software অত কেতিয়াও কাম নকৰো ... কোনে জানে ?
সিদ্ধান্তটো কিমান ভূল বা শুদ্ধ এতিয়াই ক'ব নোৱাৰো। অৰ্থনৈতিক দিশৰ পৰা এইটো বিশেষ ভাল সিদ্ধান্ত নহয়, বাকিথকা জীৱন চলিবলৈ বহুত টকাৰ প্ৰয়োজন হ'ব, আৰু ৫ বছৰ মান কাম কৰিব পৰা হ'লে যথেষ্ট ধন জমা কৰিব পাৰিলোহেতেন; আজিকালি ধনৰ আৱশ্যকতাৰ বিষয়ে নোকোৱাই ভাল!
ইমান বছৰে কাম কৰি যথেষ্ট নতুন কথা জানিলো আৰু শিকিলো, আন industry ত কাম কৰিলে হয়তো জানিব নোৱাৰিলোহেতেন, বহুত ভাল বন্ধু হ'ল। ভাল বেয়া বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সন্মুখিন হলো, মানুহ হিচাবে নিজৰ সক্ষমতাক চিনিব পাৰিলো আৰু নিজকে উন্নত কৰিব যত্ন কৰিলো।
কাম কৰি থকা সময়ৰ স্মৃতি চিৰ জীৱনলৈ মনত থাকিব - project outing, team lunch, অতি নিকট বন্ধুবোৰৰ লগত কটোৱা সময়, boss এ নেদেখাকে মনে মনে অফিছৰ terrace ত থকা swimming pool অত ঘন্টাৰ পিচত ঘন্টা সাঁতোৰা, অফিচৰ foosball আৰু কেৰম্ খেল, ৰাতি ৰাতি অফিচত কাম কৰি সময় কটোৱা, অফিচৰ বিভিন্ন উৎসৱ, বন্ধুৰ লগত কৰা gossip ... আৰু কত কি !
ইয়াৰ পিচত কি কৰিম ? এতিয়াই একো বিশেষ পৰিকল্পনা কৰা নাই। নিজৰ স্ৱাস্থ্যৰ যত্ন ল'ম, ইমান বছৰে অৱহেলা কৰি আহিছো। পৰিয়ালৰ লগত অলপ সময় কটাম, বিশেষকে ল'ৰাটোৰ লগত, যোৱা প্ৰায় ২ বছৰমান তাক অৱহেলা কৰিছো, কামৰ তাগিদাত।
পিচত অসমলৈ ওভতি যাম বুলি ভাবিছো, ২০ বছৰমান আগতে এৰি অহা সম্বন্ধীয় আৰু বন্ধু বান্ধৱৰ লগত জীৱনৰ বাকিচোৱা কাল ভালদৰে কটাবলৈ।