Monday, November 15, 2021

Stress: A silent killer


মূৰটো মাজে মাজে ঘূৰুৱা যেন লাগে, চকিত বহাৰ পৰা উঠিলে আন্ধাৰ দেখো, যেন মাটিত বাগৰিহে পৰিম। গা দুৰ্বল লাগে। ৰাতি ভাল টোপনি নাহে, মাজে মাজে সাৰ পাই থাকো, ৰাতিপুৱা উঠিবৰ ইচ্ছাই নহয়, অফিচৰ মিটিং থাকে বাবে মিটিংৰ ১০ মিনিট আগতে কিবাকেহে উঠো। মোক দেখা মানুহে কয় যে মই হেনো খীনাইছো, মইয়ো বুজিছো কাৰণ মোৰ pant বিলাক ধিলা হৈছে।

এয়া হ'ল মোৰ কিছুমাহ আগৰ অৱস্থা। মই বহুদিন ধৰি এইধৰণৰ বিভিন্ন সমস্যাত ভুগি আহিছো। ওচৰৰ দক্তৰক দেখুওৱাত তেখেতে sugar ৰ পৰিক্ষা কৰিব দিলে।
মই ভাবি গুনি এটা health checkup কৰিলো। ৰিপোৰ্টত দেখিলো যে RBC, WBC, Platelet count আদি বহুত কম। Platelet count যথেষ্ট কম, ৫০০০০ মাত্ৰ, সাধাৰণতে ১.৫ লাখৰ ওপৰত থাকিব লাগে। ডক্তৰে কিবা কিবি test কৰিব দিলে, ক'লে কেতিয়াবা হেনো গম নোপোৱাকেও দেংগু হয় যাৰ ফলত platelet count কমি যায়। Platelet count বেচি কমি গ'লে bleeding হোৱাৰ সম্ভাৱনা থাকে। মোৰ কিছুদিনৰ পৰা মাজে মাজে দাঁতৰ পৰা তেজ ওলায়।

কিন্তু আটাইকেইটা test ৰ result negative আহিল, গতিকে কি কাৰণে এই সমস্যা বোৰত ভুগিছো ধৰিব নোৱাৰিলো। ডক্তৰৰ লগত বহুত সময় কথা পতাৰ পিচতহে প্ৰকৃত কাৰণটো জানিলো - stress.
যোৱা বহু কেইমাহ মান মই যথেষ্ট tension আৰু stress অত কটাইছো, অফিচৰ কামক লৈ। ৰাতিপুৱাই যি টেবুলত কাম কৰিব বহো, ৰাতিহে উঠো, মাত্ৰ অতি আৱশ্যক নহ'লে। আনকি ভাত খাওতেও কাম চলি থাকে, পত্নীয়ে কাঁহি আনি টেবুলত থৈ যায়, মই কামৰ মাজে মাজে চামুচেৰে ভাত খাই থাকো। বহু সময়ত মিটিংৰ মাজে মাজে ভাত খাও, যদিহে একো কথা ক'ব নালাগে।

যি কি নহওক, মই treatment কৰি বৰ্তমান যথেষ্ট ভাল পাইছো। Platelet count বাঢ়ি ১ লাখৰ ওচৰ হৈছে। ডাক্তৰৰ লগত হোৱা আলোচনাত আৰু এটা কথা জানিলো যে আমাৰ north east ৰ ফালৰ কোনো কোনো মানুহৰ Platelet count সাধাৰণতে কম থাকিবও পাৰে।

Stress হ'ল বহুত ক্ষতিকৰ, ই মনে মনে মানুহৰ বহুত ক্ষতিসাধন কৰে। যদিহে কোনোবাই দিৰ্ঘদিন ধৰি stress ত ভূগি আছে, সাৱধান হোৱা উচিত।

No comments:

Post a Comment