কিছুদিন ধৰি মই মোৰ ল'ৰাৰ online ক্লাচত লৰাৰ লগত বহিছো। Pre-primary ক্লাচতে কিমান যে জানিব লাগে, আমাৰ দিনত হয়তো আমি পঞ্চম বা ষষ্ঠ শ্ৰেণীতহে জানিছিলো। সৰুৰ পৰাই ল'ৰা ছোৱালীয়ে বহুত জানিব শিকিব লগা হয়।
আনহাতে এনেকুৱা লাগে যে আজিকালি ল'ৰা ছোৱালী ডাঙৰ কৰা মাক বাপেকৰ বাবে যথেষ্ট কষ্টকৰ কাম হৈ উঠিছে।
জন্ম হোৱাৰ পৰাই ডক্তৰে যেন প্ৰতিটো বস্তুৰে খবৰ লৈ থাকে। যিমান বাৰ ভেকচিন্ ল'ব যোৱা হয়, প্ৰতিবাৰে উচ্চতা, ওজন, মূৰৰ জোখ লয়। মানুহৰ ফালে চাই নে নাই, হাহে নে নাহাহে, মুখেৰে শব্দ কৰে নে নাই, শব্দ শুনিলে চাই নে নাই, eye contact কৰে নে নাই, কথা কয় নে নাই, কিমান word জানে, ইমান বয়সত ইমান word জানে নে নাই, খোজ কাঢ়ে নে নাই, কিমান বয়সত খোজ কাঢ়িচে, অকলে কতো নধৰাকৈ steps বগাব পাৰে নে নাই, লৰা ছোৱালীৰ লগত খেলে নে নাই, খেলোতে কেনে ব্যৱহাৰ কৰে, কিবা এটা কৰিব দিলে কৰে নে নাই .... আৰু কত কি ...
যদিহে কিবা এটা হোৱা নাই, ভয় খুৱাবলৈহে যেন ডক্তৰ ৰৈ থাকে। ইয়াত যাওক, এইজন specialist ক লগ কৰক, এইটো therapy কৰক .... ইমান যে specialist আৰু therapist থাকে ইয়াৰ আগত নাজানিছিলো।
No comments:
Post a Comment