Thursday, December 9, 2021

Communication skills


এটা ভাল communication skills থকাটো অতি আৱশ্যক, সকলোৰে বাবে। বিভিন্ন সময়ত আমাৰ মনৰ ভাৱ আৰু ধাৰণা আমাৰ লগত থকা আন মানুহৰ লগত clearly প্ৰকাশ কৰিব লগা হয়।
বহুতেই বেচিকে কথা কোৱাকেই ভাল communication skills বুলি ভাবে, কিন্তু কথাৰে মনৰ ভাব ভালদৰে প্ৰকাশ কৰিব পাৰিব লাগিব। বহু সময় কথা কোৱাৰ পিচতো বহুজনে মনৰ ভাৱ ভালদৰে বুজাব নোৱাৰে, আনহাতে কোনোজনে অলপ কৈয়ে বুজাব পাৰে।

বহু ক্ষেত্ৰত বিভিন্ন ভাষাৰ মানুহ একেলগে কাম কৰে, তেনে অৱস্থাত common ভাষা শিকিব লগা হয়। নিজৰ প্ৰাদেশীক ভাষাৰ ওপৰিও হিন্দী আৰু ইংৰাজী ভাষা জনাতো অতি প্ৰয়োজনীয়।
আজিকালি বহুতেই ভাৰতৰ বাহিৰৰ আন দেশৰ মানুহৰ লগত একেলগে কাম কৰিব লগা হয়। তেনে ক্ষেত্ৰত ইংৰাজী ভালদৰে বুজিব, ক'ব আৰু লিখিব পাৰিলে যথেষ্ট সুবিধা হয়।
এইখিনিতেই এটা বহু পুৰণি কথা মনত পৰে। এটা কোম্পানীত কাম কৰোতে আমি ইংলন্ডৰ এটা team ৰ লগত একেলগে কাম কৰিব লৈছিলো, সদায় ৩০ মিনিটৰ মিটিং হয়, আমি কি কাম কৰি আছো আৰু কৰিম ক'ব লাগে। সিহতৰ মানুহে কোৱা কথাবিলাক আমি ভালদৰে বুজি নাপাও, সিহতৰ ইংৰাজী কোৱা ধৰণ বেলেগ আৰু খৰকৈ কয়, সিহতে ১০ টা শব্দ কোৱা শেষ কৰিলে তেতিয়ালৈ আমি মাত্ৰ ৫ টা শব্দহে বুজি উঠো। কেতিয়াবা সিহতে কিবা সুধিলে আমি বুজি নাপায় বেঙাৰ দৰে yeah কৈ থও, পিচত লাহে লাহে বুজি উঠাৰ পিচত নিজৰে হাঁহি উঠা হ'ল।

আন মানুহে কোৱা কথা ধৈৰ্য্য সহকাৰে শুনা আৰু বুজাও communication skills ৰে অংশ। কিয়নো যেতিয়ালৈ আনজন মানুহে কি কৈছে আমি বুজি নাপাও, আমি ভালদৰে তাৰ ওপৰত মন্তব্য় কৰিব নোৱাৰো।

আমাৰ চাকৰি জীৱনত আমি যিমানে আগুৱাই যাম সিমানেই আমাক communication skills ৰ বেছি প্ৰয়োজন হয়। আমি বহুত কথা বেচি সংখ্যক মানুহৰ লগত আদান প্ৰদান কৰিব লগা হয়। তেতিয়া আমাক presentation আৰু public speaking skills ৰো আৱশ্যকতা হয়।

আমাৰ ল'ৰা ছোৱালীৰ সৰুৰে পৰা ভাল communication skills গঢ়ি উঠাত গুৰুত্ত দিব লাগে । ইংৰাজী ভাষা সলসলিয়াকৈ ক'ব, বুজিব, পঢ়িব আৰু লিখিব পৰাটোৱে জীৱনত যথেষ্ট অৰিহনা যোগাব।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

No comments:

Post a Comment