আমাৰ বেছিভাগৰে সৰুৰ পৰা একো লক্ষ্য নাথাকে, ডাঙৰ হৈ জীৱনত কি কৰিম আমি বেছিভাগেই নাজানো। যিবিলাকৰো থাকে, সিহতৰ লক্ষ্যও সৰু ।
ইয়াত হয়তো আমাৰো বিশেষ দোষ নাই, আমি সৰুৰে পৰা আমাৰ ওচৰে পাজৰে যি দেখি ডাঙৰ হও, তাকে সঁচা বুলি ভাবো। আমাৰ সমাজৰ বেচিভাগ মানুহেই অলপতে সন্তুষ্ট হৈ থকা বিধৰ, অসমৰ ভিতৰতে আন ঠাইত পদোন্নতি দি চাকৰিত স্থানান্তৰণ কৰিলে নলয়, বেচিভাগেই শেষ কিতাপখন কলেজৰ দিনতে পঢ়া, যদিও পঢ়িছে তাকো চিনেমা, গল্প আদিৰ দৰে মনোৰন্জক কিতাপহে পঢ়ে, নিজৰ জীৱনতো উন্নত কৰিব পৰা ধৰণৰ বিশেষ একো প্ৰবন্ধ বা কিতাপ নপঢ়ে। গতিকে ডাঙৰক দেখি দেখি সৰু ল'ৰা ছোৱালী বিলাকৰো চিন্তা তেনেকুৱা হৈ যায়।
মই সৰুতে ভাবিছিলো যে আমাৰ যিমানে জ্ঞান বেছি হ'ব সিমানে আমি জীৱনত উন্নতি কৰিব পাৰিম, কিন্তু এইটো সম্পূৰ্ণ সত্য নহয়। মানুহে জীৱনত কিমান উন্নতি কৰিব পাৰে তাৰ বাবে জ্ঞানৰ লগতে ডাঙৰ লক্ষ্য আৰু risk taking ability লাগে।
যদিহে মানুহ এজনৰ একো বিশেষ লক্ষ্য নাথাকে, ভাবে যে জীৱনতো সাধাৰণ ভাবে চলি গলেই হ'ল, তেনেহলে মানুহজনে জীৱনত বিশেষ একো কৰিব নোৱাৰে, উপযুক্ত জ্ঞান থাকিলেও।
Role model ৰ গুৰুত্ত: আমাৰ পৰিয়াল আৰু থকা ঠাইৰ ওচৰে পাজৰে role model ৰ প্ৰয়োজনীয়তা আছে। আমি লক্ষ্য ৰাখিব লাগে যাতে থকা ঠাইৰ ওচৰে পাজৰে কোনো সফল ব্যক্তি (যি কোনো বিষয়ত) থাকে যাতে ল'ৰা ছোৱালী তেনে ব্যক্তিক দেখি অনুপ্ৰানীত হ'ব পাৰে। সফল ব্যক্তিৰ সাক্ষাৎকাৰ আদি শুনিলেও লাভবান হ'ব পাৰি।
সৰুৰে পৰাই ল'ৰা ছোৱালীক জীৱনত ডাঙৰ লক্ষ্য স্থাপন কৰিবলৈ উৎসাহিত কৰিব লাগে। লক্ষ্য ডাঙৰ হ'লে জীৱনত বহুত উন্নতি কৰিব পাৰি, যদিও কিবা কাৰণত লক্ষ্যত উপনীত হ'ব নোৱাৰি।