Friday, February 4, 2022

Risk-taking ability: জীৱনত ইয়াৰ প্ৰয়োজনীয়তা

জীৱনত আমি কেতিয়াবা এনে পৰিস্থিতিৰ সন্মুখিন হও যে আমি সিদ্ধান্ত ল'ব নোৱাৰা হওঁ, কি কৰিম কি নকৰিম অৱস্থা হয়। কেতিয়াবা এনে লাগে যে কিবা এটা কাম কৰিলে আমাৰ বহুত ক্ষতি হোৱাৰ সম্ভাৱনা থাকে, কিন্তু কামটো নকৰিলে আমি জীৱনত পিচ পৰি ৰওঁ।

উদাহৰণ হিচাবে এজন নিবনুৱা যুবকে জীৱন নিৰ্বাহ কৰিবলৈ ব্যৱসায় কৰাৰ কথা চিন্তা কৰিব পাৰে। কিন্তু ইয়াত risk আছে, কিয়নো ব্যৱসায় আৰম্ভ কৰিবলৈ অৰ্থৰ প্ৰয়োজন আৰু ব্যৱসায় সফল নহ'লে ব্যৱসায়ত ব্যৱহাৰ কৰা সকলো পইচা, সময় আৰু কষ্ট অনৰ্থক যাব পাৰে।
কিন্তু যদি ব্যৱসায় নকৰি মাত্ৰ চাকৰিকে বিচাৰি ফুৰে, তেতিয়া হয়তো চাকৰি পাবলৈ হাবাথুৰি খাই ফুৰিব পাৰে আৰু জীৱনত বিশেষ একো কৰিব নোৱাৰিবও পাৰে।

এনেকুৱা পৰিস্থিতিত আমি calculated risk ল'ব পাৰো। ইয়াত আমি risky কামটো কৰাৰ আগতে কামত সফল হ'ব পাৰো নে নোৱাৰো সেইটো বিষদভাবে চালি জাৰি চাব লাগে। যেনে ব্যৱসায়ৰ বিষয়ে আমাৰ জ্ঞান কিমান, ব্যৱসায়ৰ demand আছে নে নাই, ভালদৰে আৰম্ভ কৰিবলৈ কিমান খৰচ পৰিব, competitor কোন কোন, কোন ঠাইত আৰম্ভ কৰিম, কিমান কৰ্মচাৰীৰ প্ৰয়োজন হ'ব, আৰম্ভনিতে ব্যৱসায় নচলিলেও কৰ্মচাৰীক দৰমহা দিব পাৰিম নে নাই, গ্ৰাহক আছে নে নাই, উৎপাদিত বস্তু কাক ক'ত কেনেকে কিমান দামত বিক্ৰি কৰিব পাৰিম, ব্যৱসায়ত লগা সামগ্ৰী ক'ৰ পৰা কেনেকে কিমান দামত আনিব পাৰিম, লাভ কিমান হ'ব পাৰে ইত্যাদি কথা ভালদৰে জানি ল'লে আমি ব্যৱসায়ত সফল হ'ব পাৰিম নে নাই এটা সম্যক ধাৰণা কৰিব পাৰিম। এই ক্ষেত্ৰত আমি ব্যৱসায়টোৰ ওপৰত জ্ঞান থকা কোনো মানুহৰ সহায় ল'ব পাৰো।
এনেদৰে risky কামৰ এটা সম্যক ধাৰণা হোৱাৰ পিচত আমি যদি কামটোত সফল হোৱাৰ আশা দেখা পাও, তেতিয়া কামটোত আগ বাঢ়িব পাৰো। এনে কৰিলে risk যথেষ্ট কমি যায়।

The Biggest Risk in life is not taking any Risks at all !

Risky কাম বা পৰিস্থিতিত আমি একো নভবা নিচিন্তাকৈ জাপ মাৰি পৰিলে বহুত কিবা কিবি হেৰোৱাৰ সম্ভাৱনা আছে। আনহাতে কামবিলাক risky বুলি ভাবি যদি আগ নাবাঢ়ো তেতিয়াহলে আমি বেছিভাগ ভাল কামকেই কৰিব নোৱাৰিম। গতিকে calculated risk লোৱাটো জীৱনত অতি প্ৰয়োজনীয়।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

No comments:

Post a Comment