Sunday, January 30, 2022

আত্মবিশ্বাস অতি প্ৰয়োজনীয়

ℂ𝕠𝕟𝕗𝕚𝕕𝕖𝕟𝕔𝕖 𝕔𝕠𝕞𝕖𝕤 𝕟𝕠𝕥 𝕗𝕣𝕠𝕞 𝕒𝕝𝕨𝕒𝕪𝕤 𝕓𝕖𝕚𝕟𝕘 𝕣𝕚𝕘𝕙𝕥 𝕓𝕦𝕥 𝕗𝕣𝕠𝕞 𝕟𝕠𝕥 𝕗𝕖𝕒𝕣𝕚𝕟𝕘 𝕥𝕠 𝕓𝕖 𝕨𝕣𝕠𝕟𝕘.

সকলো মানুহৰে আত্মবিশ্বাস থকা যথেষ্ট প্ৰয়োজন।

আত্মবিশ্বাস বঢ়াবলৈ আমি নিজকে ভালদৰে জনা উচিত।
আমি যিবিলাক বস্তুত ভাল তাৰ এখন তালিকা কৰিব লাগে, কিবা যদি বহুত সৰুও ভাল কাম কৰিছো তাকো তালিকাত উল্লেখ কৰিব লাগে। মাজে মাজে এই তালিকা খন উলিয়াই চালে নিজৰ ওপৰতে যথেষ্ট ভাল ভাব আহিব আৰু লাহে লাহে আত্মবিশ্বাস বাঢ়িব।
আনহাতে আন এখন তালিকা প্ৰস্তুত কৰিব লাগে য'ত আমাক দৰকাৰ হোৱা (কিন্তু আমাৰ নথকা) বস্তুবিলাকৰ উল্লেখ থাকে। এই বস্তুবিলাক আমি আহৰণ কৰাৰ চেষ্টা কৰিব লাগে।
উদাহৰণ হিচাবে যদি কোনো মানুহ বহুত খীণ কাৰণে কম আত্মবিশ্বাসত ভোগে, তেন্তে তেওঁ কেনেকে শকত হ'ব পাৰি তাৰ বাবে বিভিন্ন প্ৰচেষ্টা ল'ব পাৰে (যেনে উপযুক্ত আহাৰ খোৱা, উপযুক্ত ব্যায়াম কৰা আদি)।
মনত ৰাখিব লাগে যাতে আৰম্ভণীতে কৰা কাম বিলাক সৰু সৰু আৰু সহজ হয়, এই কাম বিলাকত সফল হ'লে লাহে লাহে আমাৰ নিজৰ ওপৰত বিশ্বাস বাঢ়িবলৈ ধৰিব।

আমি পৰাপক্ষত আনৰ লগত তুলনা কৰাৰ পৰা বিৰত থাকিব লাগে। সকলো মানুহেই ভিন্ন ভিন্ন, যদি কোনোবা এজনে এটা কাম কৰিব পাৰে তেন্তে সেইজন মানুহে আন এটা কাম কৰিব নোৱাৰিব পাৰে।
যি মানুহে সদায় আনৰ বেয়া বা দোখ হে দেখে তেনে মানুহৰ পৰা সদায় আতৰত থাকিব লাগে, তেনে মানুহৰ সংগই আত্মবিশ্বাস কম কৰে।
যি মানুহে উৎসাহ আৰু অনুপ্ৰেৰণা জগায়, তেনে মানুহৰ লগত থাকিলে ভাল।

আমি সকলোৱে নিজকে নিজে মনে মনে কিবা কিবি কৈ থাকো, সদায় মনত ৰাখিব লাগে যাতে আমাৰ মনৰ ভাববোৰ উৎসাহ যুক্ত আৰু সুখৰ হয়।

আমি নিজকে বহুত seriously ল'ব নালাগে, নিজৰ ভূল কাম আৰু মূৰ্খামিত আমি নিজেই হাঁহিব পাৰিব লাগে। যেতিয়া আনে আমাৰ ওপৰত হাঁহে, আমি খং নকৰি সকলোৰে লগত লগ হৈ হাঁহিব পাৰিলে ভাল।

আমি জানিব লাগে যে জয় আৰু পৰাজয় জীৱনৰ অংগ, আমি সদায় সকলো ক্ষেত্ৰতে জয়ী হৈ থাকিব নোৱাৰিবও পাৰো, কেতিয়াবা কোনো কোনো ক্ষেত্ৰত পৰাজয়ৰ সন্মুখিন ও হ'ব লাগিব পাৰে।
আমাৰ মনৰ পৰা বিফলতাৰ ভয় (fear of failure) আতৰাব পাৰিলে ভাল, নহ'লে ভয়তে আমি যি কোনো কাম কৰাৰ পৰা বিৰত থাকিম আৰু জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰিম।

আমি আমাৰ কম আত্মবিশ্বাস সম্বন্ধীয় সমস্যাৰ বাবে phychologist বা phychiatrist আদিৰ দৰে professional ৰ সহায় ল'ব পাৰো। বহুত মানুহে আজিৰ দিনতো phychologist ৰ ওচৰত যাব বেয়া পায়, ভাবে যে আন মানুহে জানিলে বেয়া হ'ব। কিন্তু ইয়াত বেয়া ভাবিব লগা একো নাই, যেনেদৰে কিবা বেমাৰ হ'লে আমি ডক্তৰৰ ওচৰলৈ যাও, এইটোও একেই।

আত্মবিশ্বাসৰ অভাবে মানুহৰ জীৱনত বহুত সমস্যাৰ সৃষ্টি কৰিব পাৰে। যিমান সম্ভৱ সোনকালে ইয়াৰ সমাধান কৰিব পাৰিলে ভাল।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

No comments:

Post a Comment